Sunday, April 19, 2026
0 Shares

ভালুকৰ জন্ম

অতীজতে কাৰ্বিসকলৰ মাজত টুমুং চমাৰ ফৈদৰ এঘৰ মানুহ আছিল। সেই মানুহ ঘৰত এজন অতি হােজা আৰু নম্র মানুহ আছিল। তেওঁ বস্তুৰ ভাল বেয়া বিচাৰ বৰকৈ নকৰিছিল আৰু যেয়ে যি কয়, তাতে মান্তি হৈছিল। 

ডেকা হ’লত সেই মানুহজনে এখন বেলেগ গাঁৱৰ ৰহাং চমাৰৰ পৰা এজনী ছােৱালী বিয়া কৰাই আনিলে। ছােৱালীজনীৰ এটা বৰ দুৰাৰােগ্য বেমাৰ আছিল। তাইৰ সোঁ-ভৰিখনত এটা "দমৰু খহু" বেমাৰ আছিল। সেয়ে তাই অন্যান্য গাঁৱৰ লােক বা গিৰিয়েকৰ বাহিৰে ঘৰৰ কোনাে মানুহৰ লগত বৰ বেচি ঘনিষ্ঠতা নকৰিছিল। সেই বেমাৰটো সিহঁতৰ গাত সুচৰিব পাৰে বুলি অইন মানুহে সততে তাইৰপৰা আঁতৰি ফুৰিছিল। কিন্তু আমাৰ সেই টুমুং চমাৰৰ ডেকাজনৰ হ’লে সেইবােৰৰ প্রতি কোনাে ভ্ৰূক্ষেপেই নাছিল। কেৱল খাব লাগে খাইছিল, থাকিব লাগে আছিল। 

সেই মানুহজনৰ দুজনী ভনীয়েক আছিল। সেই ভনীয়েক দুজনীয়ে কিন্তু বৌৱেকক দুচকু-পাৰি দেখিব নােৱাৰিছিল। গতিকে বৌৱেকক সততে কেটেৰা গেঙেৰা কৰি সিহঁতৰ ঈর্ষাৰ হােৰ তুলিছিল। ইফালে বেচেৰী মানুহজনীয়ে নিজৰ কপালকে দূষি সকলােবােৰ গালি-গালাজ নীৰৱে সহ্য কৰি গৈছিল। নহ’লে তাইৰ দৰে হতভগীয়া বেমাৰী এজনীৰ আন একো উপায় নাছিল। এইদৰে তাইৰ দুখৰ দিন কালৰ চকৰিত ঘূৰি গৈ আছিল। 

মিকিৰ মানুহে সততে পাহাৰৰ ওখ টিলাবােৰতহে বাস কৰে। তেতিয়াহে সিহঁতৰ আৰ (ৰেট) লবলৈ সুবিধা হয়। সেই কাৰণে খােৱা পানীৰ বাবে পাহাৰ বগাই দূৰৰ নিজৰাৰপৰা বাঁহৰ দীঘল চুঙাত ( লাং ঠেক) হােৰ বান্ধি গাঁৱৰ জীয়ৰী-বােৱাৰীবোৰে ঘৰলৈ পানী আনে। এইদৰে এদিনাখন সেই খহুৱা মানুহজনীয়ে তাই ননন্দেকহঁতৰ লগত পানী আনিবলৈ বহু দূৰ গৈছিল। দুর্ভাগ্যবশতঃ সেইদিনাখন তাইৰ খহুটোৰপৰা বিষাে বাঢ়িছিল। কিন্তু হ’লেওতো আৰু তাইৰ দৰে দুৰ্ভগীয়া জীৱৰ ৰক্ষা নাই। ননন্দেকহঁতে তাইৰ অসুখৰ কথা সমূলি নেভাবে। এইদৰে তাই বহুত কাষৰি উজোৱা নমা কৰি গৈ থকাৰ বাবে খহুৰ বিষ অসহ্য হােৱাত প্রায় খােজ কাঢ়িব নােৱাৰা হ'ল। তাই কোনাে মতেহে মৰি-মুজি নিজৰা পালেগৈ। তাৰপৰা পানী-দুনি বাঁহৰ চুঙাত ভৰাই অলপ জিৰণি লবলৈ মন কৰিলে। কিন্তু ননন্দেকহঁতে তাইক পাৰেমানে গালি পাৰি পানী লৈ যাবলৈ ওলাল। তাকে দেখি তায়াে উপায়ন্তৰ হৈ লাহে লাহে ননন্দেকহঁতৰ পিছে পিছে যাবলৈ ধৰিলে। কিন্তু সেইদৰে কিমান দূৰ যাব। কিছু দূৰ গৈ তাইৰ বৰ অসহ্য হ’ল আৰু খহুৰ বিষত তীৰ-কঁপে জ্বৰ উঠিল। অৱশেষত তাই কাতৰ হৈ এটা শিলৰ গুহাত আশ্রয় ললেগৈ। ননন্দেকহঁতে কিন্তু তাইক %

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment