Sunday, April 19, 2026
0 Shares

ব্রাহ্মণৰ সপােন

এখন নগৰত এজন কৃপণ ব্রাহ্মণ আছিল। উক্ত ব্রাহ্মণজনে দিনটো ঘৰে ঘৰে ভিক্ষা মাগে। সিই ভিক্ষা মাগােতে যিখিনি পিঠাগুৰি পাই তাৰে আধাখিনি খাই বাকীখিনি এটা কলহত সাঁচি থয়। কৃপণ ব্রাহ্মণজনে সেইপিঠাগুৰিৰ কলহটো তাৰ শােৱা বিছনাৰ ওপৰতে ৰচিৰে বান্ধি ওলােমাই থয়। এনেকৈ গুৰি থওতে থওতে এদিন ব্রাহ্মণজনৰ সেই কলহটো ভৰিল। কলহটো ভৰিবৰ দিনা সি ভিক্ষা মাগিবলৈ নগ'ল আৰু কলহটোৰ ফালে চাই চাই ভাবিলে যে বর্তমান সেই পিঠাগুৰিখিনি খৰচ নকৰে। এদিন নিশ্চয় দেশত খাদ্যবস্তুৰ আকাল হ'ব। সেইদিনা সি সেই সুযােগ গ্রহণ কৰি পিঠাগুৰিবােৰ বিক্ৰী কৰিব। এই বিক্ৰী কৰা ধনেৰে সি এহাল ছাগলী কিনিব। সময়মতে ছাগলীয়ে এহাল-এহাল পােৱালী দিয়া আৰম্ভ কৰিব। তেতিয়া সি এজাকমান ছাগলীৰ মালিক হ’ব। সময়ত সেইবােৰ বিক্ৰী কৰি সি এজনী খীৰতী গাই কিনিব। গাইজনীয়ে পােৱালি দিলে গাখীৰাে বেচিব আৰু পােৱালি ডাঙৰ হলে গৰুও বিক্ৰী কৰিব। গৰু বেচি পােৱা ধনেৰে যি এটা ঘোঁৰা কিনিব। সময়ত সেই ঘোঁৰা বেচিলে সি সেই টকাৰে সােণ কিনিব পাৰিব। সােণৰ পৰা তাৰ অপাৰ ধন হ’ব। সেই ধনেৰে সি এটা অট্টালিকা সাজিব। অট্টালিকাটো দেখিলে তাক ধনী ঘৰৰ ছােৱালী যাঁচিব। ধনী ঘৰৰ ছােৱালী বিয়া কৰােৱাৰ পিছত তাইৰ এটা পুত্র জন্মিব। পুত্রটিৰ নাম ৰাখিব সি ‘সােম’। সােম চুঁচৰিব পৰা হ'লে সি এদিন দেউতাকৰ কোলাত বহিব। কোলাত বহি সােমে যেতিয়া আমনি কৰিব, তেতিয়া পুতেকক নিবলৈ ঘৈণীয়েকক মাতিব। ঘৈণীয়েকে তেওঁৰ কথা আওকাণ কৰিলে তাইক এগােৰ সােধাই দিব বুলি ভীষণ যােৰেৰে পিঠাগুৰিৰ কলহটোতে এগােৰ শােধাই দিলে। ফলত কলহটো ভাঙিল আৰু গােটেই পিঠাগুৰিবােৰ য'তে-ত’তে সিঁচৰতি হৈ পৰিল আৰু ব্যৱহাৰৰ অনুপযুক্ত হৈ গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment