Sunday, April 19, 2026
0 Shares

আৰা-কুৰাৰ উৎপত্তি

মিকিৰসকলৰ ঘাই জীৱিকা আজিলৈকে খেতি। মিকিৰসকলে ঘাইকৈ কোনাে এটা পাহাৰৰ টিলা মােকোলাই তাক জুৰি-কাটি কোৰ মাৰি ধান সিঁচি দিয়ে। ধানৰ লগতে মাটিত পােতে আলু-কচু, কোমােৰা, কেৰেলা, আদিও। খােৰাক জোগাবৰ বাবে এই টিলাবােৰত ধান সিঁচিবলৈ কৰা ব্যৱস্থাকে ৰেটকিনং বােলে। এই ৰেটকিনংবােৰত বিশেষ নিয়মৰ বশৱৰ্ত্তী হৈ অর্থাৎ নাচ-গানৰ মাজেদি ধান সিঁচিব লাগে। 

এসময়ত এখন মিকিৰ গাঁৱত এহাল ঘাট-মাউৰা লৰা-ছােৱালী আছিল। সিহঁত দুটাৰ আৰু আপােন বুলিবলৈ কেও নাছিল। সিহঁতে কাম কৰিব পৰা নােহােৱা পৰ্যন্ত লােকৰ গালি-শপনি খাই অতি কষ্টেৰে ভিক্ষা কৰি বা গছৰ ফল-মুলকেই খাই জীৱন কটাইছিল। এইদৰে সিহঁত লাহে লাহে ডাঙৰ দীঘল হ'ল আৰু নিজে খেতি-বাতি কৰিব পৰা হ’ল। লাহে লাহে সিহঁতৰ কপাল মুকলি হ’ল। গাঁৱৰে দহজনৰ দৰে সিহঁত দুয়াে ককায়েক ভনীয়েক মিলি এটা টিলাত হাবি-বন কাটি কোৰেৰে চহাই ধান, কেৰেলা, কচু আদি পেলালে। যথা সময়ত সেইবােৰৰপৰা সিহঁতে সুখেৰে খাবলৈ ধৰিলে। 

লাহে লাহে দুয়াে বিয়াৰ বয়স পালে। তেতিয়া ভনীয়েক জুবুৰীয়ে মৰমৰ ককায়েকক বিয়া কৰাই দিবলৈ মন কৰিলে। সেই কথাষাৰ ককায়েকৰ আগতো এদিন ছেগ চাই কলে। কিন্তু ককায়েকে বিয়া কৰাবলৈ প্ৰথমতে মান্তি হােৱা নাছিল, জানােচা বিয়া কৰােৱাৰ পিচত ঘৈণীয়েকে তাৰ অতি চেনেহৰ ভনীয়েকক দুখ দিয়ে। কিন্তু তাৰ কোনাে কথাকে জুবুৰীয়ে নুশুনিলে। তাই ভাবিছিল যে ককায়েকক বিয়া কৰাই দিলে তাইৰ আৰু ককায়েকৰ বৰ সুখ হব। তাইৰ এটা লগৰীয়া বাঢ়িব। তাই ককায়েক আৰু বৌৱেকৰ মৰমৰ মাজত বুৰ গৈ থাকিব পাৰিব। কিমান মধুৰ সেই কল্পনা। আৰু সেই কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবেই জুবুৰী খৰ-খেদাকৈ ছােৱালী বিচৰাত লাগিল। ছােৱালীয়াে পালে ওচৰৰে এখন মিকিৰ গাঁৱৰ মােমায়েকৰ জীয়েক এজনী। 

এইদৰে তাই যথাসময়ত সমাজৰ দস্তুৰমতে মােমায়েকৰ ঘৰত গৈ ছােৱালী খুজিলেগৈ। মােমায়েকেও ল’ৰাটো পছন্দ কৰিলে আৰু ছােৱালী দিবলৈ মান্তি হ’ল। এতিয়া আৰু আমাৰ জুবুৰীক পায় কোনে! এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। বিয়াৰ কামত তাই খৰ-খেদাকৈ লাগিবলৈ ধৰিলে। সমাজক খুৱাবৰ কাৰণে মদ (হৰ) সিজালে, ন-কন্যা অর্থাৎ বৌৱেকৰ কাৰণে পানীং (মেখেলা)-চাদৰ আদি ববলৈ ধৰিলে। দিনে-ৰাতিয়ে তাই খাটি বিয়াৰ সকলাে যােগাৰ কৰিলে। এইদৰে তাই বৰ আশা কৰি বৰ উলহ-মালহেৰে ককায়েকৰ বিয়াখন সমাধা কৰিলে। এতিয়া তেওঁলােকৰ পৰিয়ালত তিনটা প্রাণী হ’ল। ঘৰখনলৈ সজীৱ আহিল আৰু জুবুৰীয়ে মনৰ কথা কবলৈ লগৰীয়া পালে বৌৱেকক। 

এফাকি কথা আছে, 'মনে খােজে ৰজা হব, বিধাতা বাধে খুজি খাব’—আমাৰ জুবুৰীৰো গাতো সেই বচনফাকি ফলিয়ালে। তাই যি আশা কৰি বৌৱেকক আনিলে, তাইৰ সেই আশা পূৰ নহ’ল। তাই বৌৱেকৰপৰা বিচাৰিছিল অকণি স্নেহ, একাষাৰ মৌমিঠা মাত। তাৰ পৰিৱৰ্তে পালে তাই বৌৱেকৰ অৱহেলা আৰু কেটেৰা-জেঙেৰা। তাকেই বহুত বুলি ভাবি মনৰ বেজাৰ মনতে মাৰ নিয়াই ককায়েক বৌৱেকৰ সুখৰ কাৰণে তেজক পানী কৰি তাই কাম কৰিবলৈ ধৰিলে। জানােচা এফেৰি মৰম পায়েই। কিন্তু যি ককায়েকে তাইক নিজৰ জীউটোতকৈ বেচি মৰম কৰিছিল সেই ককায়েকে লাহে লাহে বৌৱেকৰ ফুচুলনিত মৰম কৰিবলৈ এৰি দিলে। এতিয়া বৌৱেকে দ’হ বুলিলেই দ'হ, পঁচি বুলিলেই পঁচি। এইদৰে জুবুৰীৰ দিন দুখতে যাবলৈ ধৰিলে। এয়ে আছিল কপালৰ লিখন। 

এদিন ককায়েক-বৌৱেকে তাইক এটা পাহাৰৰ টিলাত অকলে হাবি-বন কাটি আৰা উলিয়াবলৈ কলে। কিন্তু তাই জানাে অকলে সেই কাম কৰিব পাৰিব। কথা শুনি তাই আমঠু কলা পৰি আহিল। হ'লেও উপায় নাই। সেই কাম নকৰিলে ককায়েক বৌৱেকে তাইক শুদাই এৰিব জানাে? এইবােৰ কথাকে ভাবি তাই বেজাৰ মনেৰে হাবি পৰিষ্কাৰ কৰিবলৈ গ'ল। তাই দিনৰ দিনটো ৰ'দ-বৰষুণত থাকি অকলে অকলে হাবি জুৰি যায়—বিৰাম নাই, বিশ্রাম নাই। দুপৰীয়া বৌৱেকে তাইক এগাল ভাত খাবলৈ দিয়ে। সেই ভাত আঞ্জা আৰু মানুহৰ খাদ্য নহয়। আঞ্জাবােৰ হ’ল কেতবােৰ তিতা গছ-গছনিৰ পাতেৰে সিজোৱা আৰু খাৰৰ পৰিৱৰ্তে চূণৰ পানী দিয়া। সেইবােৰ খাই জানাে মানুহ ভালে থাকিব পাৰে। তথাপি তাই ভোকতে হওক বা বৌৱেকৰ ভয়তে হওক ভগৱানকে চিন্তি চকু মুদি সেইবােৰকে খাইছিল। খােৱা নােহােৱা পৰ্যন্ত বৌৱেকে এৰি নাহিছিল আৰু নেখালেও তাৰ প্রতিশোধ গালি-শপনি, কিল-ভুকু, ইত্যাদিৰে লৈছিল। ইমানেই অত্যাচাৰ সহিব লগীয়া হৈছিল তাই। এইদৰে তাই বহুত কষ্ট খাই আৰা কাটি পৰিষ্কাৰ কৰিলে। দুখ-বেজাৰ আৰু কামৰ কষ্টত তাই শুকাই-ক্ষীণাই গ'ল। 

এদিন তাই গাঁৱৰ ডেকা-গাভৰু বুঢ়া-বুঢ়ী আদিক ধান সিঁচিবলৈ আমন্ত্রণ জনালে। গাঁৱৰ মানুহবােৰেও তাইৰ দুখতে দুখী হৈ সকলােবােৰে তাইক সহায় কৰিবলৈ আৰালৈ গ'ল। সকলােবােৰ মানুহ গােট খালত গােটেইবােৰে শাৰী হৈ তাই লগাই দিয়া 'ৰং ছিমাৰজং আৰং দে,-আচননে ৰং কং আৰ পেদুক নে।' আদি গীতৰ লহৰে লহৰে সৰু সৰু কোৰেৰে মাটি চহাই যাবলৈ ধৰিলে আৰু ধান সিঁচাই ধান সিঁচি যাবলৈ ধৰিলে। এই গীতটোৰ মাজেদি সমস্ত জীৱন-বৃত্তান্ত ৰাইজক জনালে আৰু তাকে শুনি ৰাইজেও তাইৰ নির্দেশ মতে জিৰণি নােলােৱাকৈ শাৰী পাতি পাতি কোৰ মাৰি যাবলৈ ধৰিলে। এইদৰে কিছু সময়ৰ পিচত ধান সিঁচা হ'ল আৰু আমাৰ দুৰ্ভগীয়া জুবুৰী আইদেৱেও হেম্আৰনামৰ আশীৰ্বাদত মানুহৰ ৰূপ সলাই থিতাতে এডাল লতা হ’ল। তেতিয়াহে ককায়েক বৌৱেকৰ চেতনা আহিল আৰু হিয়া মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে। এনেকৈয়ে নির্দয় মানুহৰ মাজৰপৰা তাই হাবিৰ গছ-লতাৰ মাজত অকণি মৰম বিচাৰি গ'ল। তাইক প্ৰকৃতিৰ হাবি-বনে বুকুত আকোৱালি ৰাখিলে। সেয়েহে তাইৰ কৰুণ কাহিনীটোক মনত ৰাখি তাইৰ প্রতি সহানুভূতি দেখুৱাবলৈ আজিও মিকিৰসকলে ধান সিচিবৰ সময়ত তাইৰ গীতটোৰ মাজেদিহে সকলােখিনি কৰে। এনেকৈয়ে মিকিৰ সমাজত আৰা কুৰাৰ নিয়ম যুগে যুগে চলি আহিছে। মিকিৰসকলৰ মতে হেনাে জুবুৰীয়ে ৰূপ লােৱা লতা ডাল কাটিলে আজিও তেজৰ দৰে এঠা ওলায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment