Sunday, April 19, 2026
0 Shares

প্রভুভক্ত হনুমান

ত্রেতা যুগৰ শেষৰফালে দশৰথ ৰজাৰ পুত্ৰৰূপে আবিৰ্ভাৱ হােৱা ৰামচন্দ্র আছিল বিষ্ণুৰ সপ্তম অৱতাৰ। এইগৰাকী প্রভু ৰামচন্দ্ৰৰ অতি বিশ্বাসী আৰু পৰমভক্ত আছিল অসীম বলৱন্ত
ৰামায়ণৰ সাধু
হনুমান। হনুমানৰ দেউতাক হ’ল বায়ু দেৱতা আৰু মাক অঞ্জনা। দেৱৰাজ ইন্দ্ৰই নিজৰ বজ্রাঘাতেৰে হনু ভংগ কৰিছিল বাবেই তেওঁৰ নাম হৈছিল হনুমান; যাক মাৰুতি বুলিও জনা যায়। বিশ্বৰ চাৰি বীৰ ক্রমে বলি বীৰ,বালি বীৰ, কৰ্ণৰ পাছত চতুর্থজনেই হ’ল হনুমান। ইন্দ্ৰই তেওঁক ইচ্ছামৃত্যুৰ বৰ দিয়ে, সূর্যই দিয়ে নিজৰ তেজৰ শতাংশ আৰু ব্রহ্মাই দিয়ে জ্ঞান আৰু চিৰ আয়ু। ৰাৱণে ৰামৰ পত্নী সীতাক হৰণ কৰাৰ পাছত আৰম্ভ হৈছিল সীতা অন্বেষণ কার্য। সেইসময়তে কিষ্কিন্ধ্যাত সুগ্রীৱৰ জৰিয়তে ৰাম-লক্ষ্মণৰ স’তে হনুমানৰ পৰিচয় ঘটে। তেতিয়াই ৰামচন্দ্ৰই বুজিছিল যে হনুমান ব্যাকৰণ শাস্ত্রজ্ঞ, বাক্য ৰচনাত নিপুণ আৰু ঋক্, যজুঃ, সাম আদি ত্রিবেদত পণ্ডিত। ৰামচন্দ্ৰৰ পৰম ভক্তত পৰিগণিত হােৱা হনুমানক তেওঁ সীতাৰ অন্বেষণৰ অর্থে দক্ষিণ দিশলৈ প্ৰেৰণ কৰে। প্ৰভুৰ আজ্ঞা পালন কৰি হনুমানে হেজাৰ বিপদকো অনায়াসে নেওচি তথা সুৰসা, সিংহিকা ৰাক্ষসীৰ বাধাকো অতিক্ৰম কৰি সমুদ্র পাৰ হৈ লংকাত উপস্থিত হয়। তেওঁ গৈ অশােক বনত বন্দী সীতাক দেখা পায় আৰু এটা সৰু মেকুৰীৰ ৰূপ ধাৰণ কৰি সীতাক সাক্ষাৎ কৰেগৈ। ৰামক বিশ্বাস জন্মােৱাৰ বাবে সীতাই হনুমানক নিজৰ মস্তকমণি প্রদান কৰে। ইয়াৰ, পাছত হনুমানে প্রভু ৰামচন্দ্ৰৰ প্ৰতি কৰা অন্যায় আৰু নাৰীবিদ্বেষী কার্য কৰা ৰাৱণক এসেকা দিবলৈ অশােক বন ধ্বংস কৰি নিজৰ পৰাক্ৰম দেখুৱায়। পাছত ৰাৱণৰ পুত্র ইন্দ্রজিতে অশেষ কষ্ট কৰি হনুমানক বন্দী কৰি ৰাৱণৰ সন্মুখলৈ নিয়ে। লংকেশ্বৰে হনুমানক শিক্ষা দিবলৈ তেওঁৰ নেগুৰত কাপােৰ বান্ধি অগ্নি সংযােগ কৰে। কিন্তু সেই জুইৰে হনুমানে সমগ্র সােণৰ লংকা ভস্মীভূত কৰিলে। তাৰপাছত তেওঁ আহি ৰামচন্দ্ৰক সকলাে বিৱৰি কয়। সকলাে কথা শুনাৰ পাছত ৰামচন্দ্ৰই অহংকাৰী ৰাৱণৰ বিৰুদ্ধে বান্দৰ সেনাৰ সহায়ত যুদ্ধৰ প্রস্তুতি লয়। সেই যুদ্ধত হনুমানে ৰাৱণৰ পক্ষৰ অকম্পন, জম্বুমালী, নিকুম্ভ আদি অলেখ বীৰক বধ কৰিছিল। ইন্দ্রজিতে লক্ষ্মণক শক্তিশেলেৰে বিদ্ধ কৰাৰ সময়ত ৰামচন্দ্র ভীষণ দুর্যোগৰ সন্মুখীন হৈছিল। জাম্বৱন্তৰ পৰামর্শ অনুযায়ী লক্ষ্মণৰ প্ৰাণৰক্ষা কৰিবলৈ হনুমানে বহু দূৰৰ গন্ধমাদন পর্বতৰ পৰা বিশল্যকৰণী বিচাৰি অনাৰ দায়িত্ব লয়। অনেক বিপদ-বিঘিনি অতিক্রম কৰি গৈ তেওঁ পর্বতখন পায়গৈ যদিও ঔষধ চিনিব নােৱাৰি সমগ্র পর্বতখনকে দাঙি আনে। তেনেদৰে লক্ষ্মণৰ জীৱনৰক্ষা পৰিছিল। অৱশেষত ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি ৰামচন্দ্ৰই বিভীষণক লংকাৰ ৰজা পাতি পত্নী আৰু ভাতৃৰ স’তে অযােধ্যালৈ উভতি আহে। তেওঁলােকৰ স’তে হনুমানাে অযােধ্যালৈ আহে। অযােধ্যাত ৰামৰ ৰাজ অভিষেক সম্পন্ন হােৱাৰ পাছত তেওঁ নিজৰ সকলাে অলংকাৰ হনুমানক দান কৰে। নিজৰ কণ্ঠহাৰ হনুমানৰ ডিঙিত পিন্ধাই দি ৰামচন্দ্ৰই কৈছিল যে হনুমানে যি উপকাৰ কৰিলে, তাৰবাবে তেওঁ চিৰঋণী হৈ ৰ'ব। হনুমানেও নিজৰ বুকু ফালি ৰাম-সীতাৰ ছবি প্রদর্শন কৰি কলে যে তেওঁলােক সদায় তেওঁৰ হৃদয়ত থাকিব। প্রভুভক্তিৰ বাবেই হনুমান সদায় ‘ৰামভক্ত হনুমান’ নামেৰে পৰিচিত হৈ ৰ’ল। সঁচাকৈয়ে প্রভুৰ প্রতি থকা অটল ভক্তি আৰু বিশ্বাসে মানৱক অমৰ কৰিব পাৰে। সকলাে শ্রেষ্ঠ গুণৰ মাজত ইও এক বিশেষ গুণ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment