Sunday, April 19, 2026
0 Shares

পিতৃভক্ত ৰামচন্দ্র

ত্রেতা যুগৰ কথা। অযােধ্যাৰ ৰজা দশৰথ অপুত্রক আছিল। অপুত্রক দশৰথ ৰজাই পুত্র লাভৰ বাবে অশ্বমেধ যজ্ঞ কৰিছিল। উক্ত যজ্ঞকুণ্ডত বিষ্ণু দিব্যপুৰুষৰূপে এটা পায়সৰ পাত্ৰ হাতত লৈ আৱিৰ্ভাৱ হয় আৰু সেই পাত্ৰটো ৰজাৰ হাতত দি কয় —এই পায়স তুমি ৰাণী কেইগৰাকীক খাবলৈ দিবা। তেতিয়া তােমাৰ ইচ্ছা পূৰণ হ'ব। ৰজা দশৰথে তেতিয়া তাৰ আধা অংশ পায়স কৌশল্যাক, এক চতুর্থাংশ কৈকেয়ীক আৰু বাকী চতুর্থাংশ সুমিত্রাক খাবলৈ দিলে। তাৰ সুফল স্বৰূপে যথাসময়ত বিষ্ণুৰ অৰ্দ্ধ শক্তি আৰু গুণ লৈ কৌশল্যাৰ গৰ্ভত ৰামচন্দ্র, চতুর্থাংশ শক্তি আৰু গুণ লৈ কৈকেয়ীৰ গৰ্ভত ভৰত আৰু এক অষ্টাংশ লৈ সুমিত্রাৰ গৰ্ভত লক্ষ্মণ আৰু শত্রুঘ্নৰ জন্ম হয়।
ৰামচন্দ্ৰ আছিল পৰম পিতৃভক্ত, সত্যবাদী আৰু আদর্শপুৰুষ। তেওঁৰ নীতি আৰু সৎ চৰিত্ৰৰ গুণে পিতৃ দশৰথ ৰজাক বৰ সন্তুষ্টি দিছিল। এজন ৰজাৰ থাকিবলগা সকলাে গুণ আৰু ৰূপ ৰামচন্দ্ৰৰ আছিল। পিতৃ দশৰথে মনে মনে ৰামচন্দ্রকে অযােধ্যাৰ ভাবি ৰজা হিচাপে ঠিক কৰি থৈছিল। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। উপযুক্ত সময়ত ৰজা দশৰথে ৰামচন্দ্রক অযােধ্যাৰ ৰাজপাট দিবলৈ প্রস্তুতি আৰম্ভ কৰিলে। এই খবৰ অহুকাণে-পন্থকাণে গৈ ৰাণী কৈকেয়ীৰ কাণত পৰিল। মন্থৰা নামৰ এগৰাকী কুবুদ্ধি পৰায়ণা নাৰীয়ে কৈকেয়ীক প্ৰৰােচনা দিবলৈ আৰম্ভ কৰিলে যে ৰাণী কৈকেয়ীয়ে পূর্বে পাবলগীয়া দুটি বৰ বিচৰাৰ নামত নিজ পুত্ৰ ভৰতক ৰজা পাতি অন্যটো বৰত ৰামচন্দ্রক চৈধ্য বছৰ বনবাসত পঠিয়াবলৈ জোৰ দিব লাগে। তেতিয়াহে তাইৰ পুত্ৰৰ স্বার্থসিদ্ধি হ’ব আৰু নিজেও ৰাজমাতৃ বুলি গৌৰৱ কৰিব পাৰিব। মন্থৰাৰ প্ৰৰােচনাত কৈকেয়ী বিচলিত হ’ল আৰু নিজৰ প্রাপ্য বৰ বিচাৰিলে। ৰজা দশৰথ নিৰুপায়ত পৰিল। তেওঁ নিজে দিয়া বচনত নিজে বন্দী হ’ল। পিতৃভক্ত ৰামচন্দ্ৰই দূৰে দূৰে থাকিও সকলাে কথাৰ ভূ পালে। তেওঁ খন্তেক সময়াে পলম নকৰি পিতৃ সত্য পালনৰ বাবে সাজু হ’ল। পুত্ৰৰ এনে কঠোৰ সিদ্ধান্তই ৰজা দশৰথক মর্মাহত কৰিলে। ৰামচন্দ্ৰই ভাতৃ লক্ষ্মণ আৰু পত্নী সীতাৰ সৈতে বনবাসলৈ গমন কৰিলে। এই ঘটনাই ৰজা দশৰথৰ অন্তৰত বৰ দুখ দিলে। তেওঁ আৰু বেছি দিন জীয়াই নাথাকিল। তথাপি ৰামচন্দ্ৰৰ এনে পিতৃভক্তিৰ কাহিনী চিৰযুগমীয়া হৈ ৰ'ল। সঁচাই সত্যনিষ্ঠ আৰু পিতৃভক্তি গুণে সকলাে ব্যক্তিক মহৎ কৰে। ই সকলাে সন্তানৰ বাবে শ্রেষ্ঠ গুণ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment