Sunday, April 19, 2026
0 Shares

দুমূৰীয়া তাঁতী

কোনাে এখন ঠাইত এজন অতি নিঃকিন দৰিদ্ৰ তাঁতী বাস কৰিছিল। সাধাৰণভাৱে তাঁত বৈ সি জীৱন নির্বাহ কৰিছিল। অতি সাধাৰণভাৱে জীৱন নির্বাহ কৰা এইজন তাঁতীৰ এবাৰ তাৰ কিছুমান তাঁতৰ সঁজুলি নষ্ট হ’ল। সেই সজুলিবােৰ আছিল কাঠৰ। গতিকে হাবিত সেই সঁজুলিৰ বাবে উপযুক্ত কাঠ বিচাৰি এদিন সি ওলাল। হাবিত বিচাৰােতে বিচাৰােতে এজোপা উপযুক্ত গছ ওলাল। তাঁতী গৰাকীয়ে গছজোপা কাটিবলৈ আগবঢ়োৱাতে সেই গছত থকা যক্ষ এটাই মাত লগালে, “হেৰৌ নৰ মনিষ। তই যিজোপা গছ কাটিবলৈ আয়ােজন কৰিছ, আচলতে সেইজোপা মােৰ গছ। তই তাক নাকাটিবি। কাৰণ মই ইয়াত বহু বছৰ ধৰি সুখে-সন্তোষে বাস কৰি আছাে। যক্ষৰ কথা শুনি তাঁতীয়ে ক’লে যে যদি গছজোপা নাকাটো তেতিয়া তাৰ জীৱিকা বন্ধ হৈ পৰিয়ালটো মৃত্যু মুখত পৰিব। তেতিয়া যক্ষই কলে যে গছজোপাৰ পৰিৱর্তে তাক যি বৰ লাগে সি ল’ব পাৰে। কি বৰ লাগে তাক যক্ষই সুধিলে। যক্ষৰ কথাত তাঁতী অতিশয় সন্তুষ্ট হ’ল আৰু বৰটো কি লাগে ঘৰৰ মানুহৰ লগত আলচ কৰি জনাব বুলি ক'লে। যক্ষও সন্মত হ’ল। তাঁতীজন ঘৰলৈ বুলি আহি থাকোতে সি তাৰ বন্ধু নাপিতক লগ পালে। তাঁতীয়ে সকলাে কথা বিৱৰি কওতে নাপিতে তাক এখন ৰাজ্যৰ ৰজা হােৱাৰ বৰ ল’বলৈ ক'লে। নাপিতে বুজালে যে ৰজা হলে তাৰ সকলাে দুখ-দৈন্যতা আঁতৰি যাব। তাঁতীজনে ইয়াৰ পিছত ঘৰলৈ আহি কথাবােৰ ঘৈণীয়েকক ক'লে। সকলাে কথাৰ মাজত তাৰ বন্ধু নাপিতে দিয়া পৰামর্শৰ কথাখিনিও ক'লে। তেতিয়া তাঁতীৰ ঘৈণীয়েকে নাপিতৰ কথাটো ভাল নাপালে। তাইৰ মতে ৰাজ্যৰ ৰজা হােৱাটো বৰ জটিল কাম। সাধাৰণ তাঁতীৰ বাবে এয়া মুঠেই সম্ভৱ নহয়। তাতকৈ তাঁতৰ কাম আগৰ তুলনাত আৰু অধিক বৃদ্ধি কৰিবলৈ তাতীয়ে নিজৰ বাবে আৰু এটা মুৰ আৰু দুখন হাত বিচাৰিব পাৰে। তেতিয়া তাঁতীয়ে একে সময়তে দুখন তাঁতৰ কাম কৰিব পাৰিব। মূৰ্খ তাতীয়ে মূৰ্খ পত্নীৰ কথাটোকে মানি ল'লে আৰু সেই বৰ বিচাৰি পুনৰ যক্ষক লগ ধৰিলে। যক্ষই তথাস্তু বুলি কৈ আঁতৰি গ'ল। বৰ লাভ কৰাৰ পিছত তাঁতীজনৰ চাৰিখন হাত আৰু দুটা মূৰ হ’ল। দুটা মূৰ আৰু চাৰিখন হাত লাভ কৰি তাঁতীয়ে খুব আনন্দ মনেৰে ঘৰলৈ উভতিল যদিও বাটত সি দৌৰিব লগা হ'ল। কাৰণ বাটৰ ল'ৰা ছােৱালী, মতা-মাইকীবােৰে তাক ভুত বুলি ভাবি শিল দলিয়ালে। ঘৰত আহােতে ঘৈণীয়েকেও তাক ভুত বুলি ভাবি দর্জা ঘৰ বন্ধ কৰিলে। অৱশেষত গাঁৱৰ মানুহে ভূত বুলি ভাবি তাক মাৰি পেলালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment