Sunday, April 19, 2026
0 Shares

জীৱনৰ ছয়ঋতু

বছৰতছটা ঋতু৷ বহাগৰ পৰা চতলৈকে বছৰৰ বাৰ মাহক সমানে ছয় ভাগ কৰি, এক এক ভাগক একোটা ঋতু বোলে৷ বহাগ জেঠ গ্ৰীষ্ম, আহাৰ শাওন বৰ্ষা, ভাদ আহিন শৰৎ ইত্যাদি ক্ৰমে দুই দুই মাহে এক এক ঋতু৷ ক্ৰম অনুসাৰে গ্ৰীষ্ম ঋতু সকলোৰে প্ৰথম, তাৰ পাচত বৰ্ষা, তাৰ পাচত শৰৎ, তাৰ পাচত হেমন্ত, তাৰ পাচত শীত, আৰু সকলোৰে শেষত বসন্ত ঋতু পৰে৷ ঋতু বোৰৰ নাম যেনে ভিন ভিন, লক্ষণো তেনে ভিন ভিন৷ গ্ৰীষ্ম ঋতুত জহ আৰু বৰ্ষাত বৰষুণ হয়৷ ৷ শৰৎ ঋতুত নদীৰ পানী গছৰ পাত শুকাই যায়! হেমন্তত হিম পৰে আৰু গছ, লতা, হাবি, বন সকলো বাঢ়িবলৈ এৰি মুজুৰা পৰি থাকে৷ শীতত সকলো চেঁচা পৰি ঠেৰেঙ্গা হয়৷ বসন্তত সকলো বস্তুৱেই ঠন ধৰে৷ গছে ন পাত মেলে আৰু ফুলে; এই ঋতুত প্ৰকৃতি ফল ফুলেৰে জাতিষ্কাৰ হৈ পৰে৷ কালৰ যেনে ঋতু আছে, শৰীৰৰো তেনে ঋতু আছে৷ কিন্তু শাৰীৰিক ঋতুৰ ক্ৰম বেলেগ৷ শৰীৰত সৰ্বপ্ৰথমে বৰ্ষা ঋতুৰ আগমন হয়৷ বৰ্ষাত যেনে বৰষুণৰ পানীয়ে সকলো ঠাই বোকা কৰি ঘিনলগা আৰু লেতেৰা কৰে, সেই দৰে কেঁচুৱা কালত মানুহেও দিনটোৰ ভিতৰত এক কম একুৰিবাৰ ক্ষুদ্ৰ শৌচ বৰ শৌচ কৰি লেতেৰা হৈ থাকে৷ বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেই দৰে কেঁচুৱাৰো চেৰেঙ্গা কাণ তাল লগা কান্দোন আছে৷ বৰ্ষাত নেৰা নেপেৰা কেনকেনায়া বৰষুণ হয়, কেঁচুৱায়ো শাওন মাহৰ বৰষুণৰ নিচিনা সৰু . সূতা কটা যেন কুন-কুন, মুন-মুন কৰি কান্দি থাকে৷ পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোঁন কিন্তু শৰীৰত অনেক দিন৷ বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে, অৰ্থাৎ ল’ৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্ম কাল হয়৷ গ্ৰীষ্ম কালৰ জহত মানুহে যেনে চট্‌ফটাই থাকে, চেমনীয়া লৰাও তেনে চটফটীয়া হয়৷ সি এক্ষন্তক শাঁত হৈ থাকিব নোৱাৰে, পোক লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে৷ চিঞৰি, চেকুৰি জঁপিয়াই নিজে নিজে সি হাৰা শাস্তি হয়৷ গ্ৰীষ্ম ঋতুৰ ৰ’দ চোকা হয় আৰু ছাতি বা জাপি নোলোৱাকৈ কলৈকো যাব নোৱাৰি৷ চেমনীয়া ল’ৰাকো লগৰীয়াৰূপী জাপি লগত নিদি- য়াকৈ কলৈকো এৰি দিব নোৱাৰি৷ যৌবন জীৱনৰ বসন্তকাল, এই কালত পৃথিবী যেনে ফুলে পাতে জাতিষ্কাৰ হয়, মানুহৰ শৰীৰো সেই দৰে জাতিষ্কাৰ হয়৷ বসন্তত কাঁইটীয়া বননিও শুৱনি হয়, তিনিশ বাৰ কুৰি খোৰোং থকা, ওঁঠৰ কুৰি টেমুনা ওলোৱা, ধোন্দোলা গছো ধুনীয়া হয়৷ সেইদৰে গাভৰু কালত কুঁজা, কুঁজী, ফেঁচা, ফেঁচী, অন্ধলা, আন্ধলী, ধেন্দেলা ধেন্দেলী, শেঙুনটেপা, শেঙুনটেপী, পেটুৱা, পেটুলী, খৰে-খোৱা, ফাঁপৰে ধৰা ইত্যাদি নৰনাৰী সকলোৱে নপ ধৰি চিলচিলীয়া হয়৷ তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে৷ বসন্ত ঋতুত পৃথিবীৰ জীৱজন্তু সকলো আনন্দত উতলি উঠে৷ যৌবনতো সেই দৰে মানুহ আনন্দত বিভোল হয়৷ বসন্ত উকলি গলে জীৱনত হেমন্তকাল পৰে৷ হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা, বন, পৰ্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ল এৰে৷ জীৱনৰ হেমন্তও ঠিক তেনেকুৱা৷ এই কালত মানুহৰ তেজ শক্তিৰ বঢ়া টুটা নাই, সকলো থিৰ মাৰে৷ শৰীৰৰ হেমন্ত বৰ দীঘল৷ হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্তকালেই জীৱনৰ প্ৰধান কাল৷ বসন্তৰ উদ্ধতালিৰ পাচত হেমন্তৰ গহিনালি উপস্থিত হয়৷ ৷ এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়৷ পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগাচোৰোকা ৰ’দ আৰু বৰষুণ হৈ বতৰ ঘনেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেই দৰে হেমন্ত কালত কোনোৰূপ পৰিবৰ্ত্তন নহয়৷ ৷ আজি টপটপীয়া কালি লেৰেলা, এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম বৰ্ষাতহে দেখা যায়৷ ৷ হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে৷ পৃথিবীত শৰৎ শুকনিৰ কাল৷ শৰীৰ শৰতো শুকনিৰ কাল৷ তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে৷ লোদোৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, গাৰ মঙ্গহ শুকাই সোতোৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয়, আৰু নিপোটল গাল শুকাই গৈ মুখৰ দুই কাষত দুটি পুখুৰি ওলায়৷ চকু কোটৰত সোমায় আৰু ললিত মাতৰ মূৰ ভাগি কঠুৱা হয়৷ পৃথিবীৰ শৰৎ ঋতুত নৈ, বিল পুখুৰি আদি শুকাই টটঙ্গা হয়, সেইদৰে শৰীৰৰো ৰস তেজ শুকাই যায়৷ শৰতৰ অন্তত শীত আৰম্ভ হয়৷ শৰীৰৰ এই ঋতুক মৃত্যু বোলে৷ মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙ্গা হয়, চলন্তা শৰীৰ অচল হয়৷ পৃথবীৰ শীতত মানুহে লৰচৰ কৰিব নোখোজে, কিন্তু শৰীৰৰ শীত ঋতু ইমান টান য়ে, তেতিয়া মানুহৰ লৰচৰ কৰিবৰ ক্ষমতা একেবাৰে লয় পায়৷ এই ঋতুত কোনোৱে ভেকুলিৰ নিচিনা মাটিৰ তলত ঠাই লয়, কোনোৱে বা অগ্নিকুণ্ডত প্ৰবেশ কৰে৷ কিন্তু শীতৰ প্ৰতিকাৰ কোনো ঠাইত নাপায়, যেনে শীত তেনেই থাকে৷ শৰীৰৰ শীত ঋতুৰ প্ৰতিকাৰ আজিলৈকে কোনেও আবিষ্কাৰ কৰিব পৰা নাই৷ অনন্তকাল মাটিৰ হেঁচাত থাকিও বা জুইত সমূলে দগ্ধ হৈও চেঁচা শৰীৰ তপত হব নোৱাৰে৷ পৃথিবীত শীত গৈ ঘূৰি আকৌ বসন্ত পৰে৷ কিন্তু শৰীৰৰ শীত গৈ আকৌ বৰ্ষা নপৰে৷ কোনো কোনো লোকে পৰে বুলি কয়, কিন্তু প্ৰমাণৰ অভাবত তাক আমি শপত খাই সঁচা বুলিব নোৱাৰো৷ 

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment