Sunday, April 19, 2026
0 Shares

গীত গােৱা গাধৰ সাধু

এজন ধােবাৰ এটা গাধ আছিল। ধােবাই গাধটোক দিনটো তাৰ কামত লগাই আৰু ৰাতি হলে তাক ঘাঁহ খাবলৈ এৰি দিয়ে। এদিন ৰাতি ঘাঁহ খাই ঘূৰি ফুৰােতে সি এটা শিয়ালৰ মুখামুখি হ’ল। দুয়ােটাৰ চা-চিনাকিৰ মাজতে বন্ধুত্বও গঢ়ি উঠিছিল। ইয়াৰ কিছুদিন পিছত এদিন আকৌ সিহঁত এডৰা ঘাঁহনিৰ মাজত লগা-লগি হ’ল। সেইদিনা গাধটোৱে শিয়ালক সুধিলে, “সখি, তুমি কেতিয়াবা মােৰ গীত শুনিছানে? হয়তাে তুমি গমেই নােপােৱা যে মই সংগীতৰ বিশাৰদ আৰু মই ধুনীয়া গীত গাব জানো।” গাধৰ কথা শুনি শিয়ালে ক'লে, “সখি, হ’ব দিয়া, তুমি গীত গাব নালাগে। তােমাৰ যিটোহে মাত! তাতে আমি হলাে চোৰ। তুমি আহিছা নিশাৰ এন্ধাৰত ঘাঁহ খাবলৈ আৰু মই আহিছাে লুকাই-চুৰকৈ হাঁহ-পাৰ ধৰি খাবলৈ। যদি তােমাৰ চিঞৰ শুনি গৃহস্থ জাগে তেতিয়া আমাৰ ফালে আধ্যা পৰিব। কিন্তু গাধই শিয়ালৰ হাক-বচন নুশুনিলে আৰু গীত গােৱাৰ নামত ডিঙি ফালি যােৱা আৱাজ কৰি বেবাব ধৰিলে। গাধৰ চিঞৰত গৃহস্থৰ অসহ্য হ’ল। সিহঁতৰ ভীষণ খং উঠিল আৰু গাধটোক মৰিয়াই মৰিয়াই আধা মৰা কৰি ডিঙিত এটা উৰাল বান্ধি দিলে। উৰালটো ডিঙিত লৈ গাধটোৱে বাটে বাটে দৌৰ দিলে। গাধটোৰ এই অৱস্থা দেখি শিয়ালটোৱে তাক জোকাবলৈ বুলি ক'বলৈ ধৰিলে, “চোৱা চোৱা গীত গােৱা গাধৰ অৱস্থা। বােলাে যেনে কাম তেনে পুৰস্কাৰ।”

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment