Sunday, April 19, 2026
0 Shares

খ্যাতিমতী বুঢ়ী

বুঢ়ীৰ খ্যাতি যুগে যুগে, কলিযুগত, সত্য যুগত. ত্ৰেতাত বা দ্বাপৰ যুগত সকলো কালত খ্যাতিমতী বুঢ়ী আছে৷ এক বুঢ়ীৰ খ্যাতি ৰামায়ণত গায়৷ ৷ তেওঁৰ প্ৰতাপ ভাৰতৰ সকলোৱে জানে৷ তেওঁৰ তিনি কুৰি সাত মেৰীয়া মন্ত্ৰণাত ৰাজপুত্ৰ ৰামচন্দ্ৰই ৰাজ্যভাৰ লবলৈ এৰি চকুৰ লো টুকি অৰণ্যলৈ ওলাই গৈছিল; বুঢ়া দশৰথ ৰজাই প্ৰাণ এৰিছিল, বুঢ়ী কৌশল্যাৰ বুকু ফাটিছিল৷ হাঁয়! হাঁয়! এই বুঢ়ীয়ে এদিন অযোধ্যা পুৰিত কি দুৰ্ঘোৰ বিপদ নিমিলাইছিল৷ মৰমৰ কোঁৱৰ পাটত বহিব, অযোধ্যাবাসীৰ উলহ মালহ, হাতী, ঘোৰা, সৈন্য সামন্ত আৰু পুৰবাসী নৰনাৰী সকলো সাজি পাৰি তদকাৰ, নগৰত হুলস্থূল, ঘৰ নিৰন্তৰে উৎসৱ৷ এনে সময়ত বুঢ়ীৰ বজ্ৰবাণীয়ে ইন্দ্ৰৰ বজ্ৰ তুল্য হৈ উৎসাহত উল্লসিত অযোধ্যাপুৰিক একে তিলে জঁই পেলালে৷ হাঁহিময় অযোধ্যা আন্ধাৰ হল৷ উলহ-মালহ হাহাকাৰত পৰিল৷ জনকবালা জানকীয়ে ৰাজপাটৰ সুখ সম্ভোগ পৰিহৰি, ৰাজৰাণীৰ বেশ থৈ, যোগিনীৰ ভেশ ধৰি, বাকলি-বসন ৰামচন্দ্ৰৰ অনুগামিনী হল৷ ই কেৱল এই টামটিঙ্গালী বুঢ়ীৰ কুমন্ত্ৰণাৰ ফল৷ 

 দ্বাপৰ যগতে এজনী বুঢ়ী ওলাইছিল৷ এওঁৰ বাস মথুৰাত৷ এওঁৰ খ্যাতি অযোধ্যাৰ জনাতকৈ একাঠি চৰা৷ এওঁ ৰসজ্ঞ, ৰূপজ্ঞ আৰু চতুৰালিৰ আৰ্হি, টেঙ্গৰালিৰ তিলক৷ টেটনটামন শ্ৰীকৃষ্ণকো ধমনা কুঁজ দেখুৱাই মুহিছিল৷ এওঁৰ মোহিনিত পৰি, ব্ৰজপুৰ পৰিহৰি, শ্ৰীমতীৰ সঙ্গ এৰি, বৃন্দাবনৰ শ্ৰীহৰি মথুৰাত বন্দী হৈছিল৷ এই বুঢ়ীৰ মন্ত্ৰণাত নন্দ যশোদাৰ৷ বিনন্দ বিলাস গৃহস্থালি চুৰ্চু মৈ হৈছিল, ৰাধাৰ প্ৰাণ শূন্য হৈছিল, গোপ গোপিনীয়ে বিৰহ ভুঞ্জিছিল, আনন্দময় বৃন্দাবন বিষাদময় হৈছিল৷ এওঁৰ আঁঠুৱা তলীয়া ভুলনিৰ গুণত শ্ৰীকৃষ্ণই মৰমৰ যশোমতী আৰু প্ৰণয়ৰ শ্ৰীমতী দুয়োকো পাহৰিছিল৷ এওঁ জাতত চন্দন যোগাঁতী, ৰূপত কুঁজীধামনী৷ এই গুণেৰেই ৰূপহী ৰাধিকাৰ প্ৰণয় পুতলা, ব্ৰজৰ দুলাল, শ্ৰীকৃষ্ণক বশ কৰিছিল৷ এওঁ বোলে ত্ৰেতা যুগত লঙ্কাৰ ৰজা ৰাৱণৰ ভনীয়েক আছিল, তেতিয়া নাম আছিল শূৰ্পনখা৷ তেতিয়াও এওঁৰ খিতাপ কম নাছিল৷ দণ্ডুকা প্ৰবাসী ৰাম লক্ষণক পতি কৰিবলৈ যতন কৰোঁতে এওঁৰ নাক কাণ কটা গৈছিল৷ কিন্তু ভক্তবৎসল ৰামচন্দ্ৰই এওঁৰ ভক্তিত সন্তুষ্ট হৈ জন্মান্তৰত প্ৰেম দিবলৈ মান্তি হৈছিল৷ সেই দেখি দ্বাপৰত আহি এওঁ কৃষ্ণবল্লভা হ’ল৷ সি যেইবা নহওক, এওঁ যে বুঢ়াকালত কুঁজক আহুদি কৰি কৃষ্ণক মুহিছিল, এই অদ্ভুত খ্যাতি যুগযুগান্তৰলৈ পৰি থাকিব৷ 

 আৰু এক বুঢ়ী আছিল কাশীত৷ এওঁৰ অৱতাৰ সত্য যুগত৷ এওঁ ফাং পাতি তপস্বী প্ৰধান ব্যাসদেৱৰ বহুদিনৰ তপস্যাৰ ফল নাশ কৰিছিল৷ পপীয়াৰ মুক্তিৰ দুৱাৰ মোক্ষভূমি বাৰাণসী মহাদেৱে থাপনা কৰাৰ পাচত উগ্ৰ তপস্বী ব্যাসদেৱেও তেনেকুৱা এখন বাৰাণসী পাতিছিল, আৰু সঙ্কল্প কৰিছিল যে তাত আৰু সিহঁতৰ কথাৰ পৰা আজি আমাৰ সাধাৰণ তৰপৰ সুখ দুখৰ ভাব আৰু ভোগৰ ভাব কেনেকুৱা তাক বুজিব পাৰিম বুলি বেচি মনযোগেৰে শুনিবলৈ ধৰিলোঁ৷ 

 দে, টে—সুখীয়ানো কোন আছে? মই হাকিম বিলাককে সুখীয়া বুলি ভাবিছিলোঁ, পাচে ভাবি চাওঁ তেওঁলোকো সুখীয়া নহয়, পুৱাৰপৰা গধূলিলৈ মূৰপুতি লেখি তত নাপায়৷ তদুপৰি ওপৰৰ পৰা, সামান্য বিষয়াৰ দৰে ডাবি হুকি, গালি গৰিহণা মাজে মাজে খাব লাগে৷ 

 জা, চা— মই দেখাত আমাৰ গোঁসাই আৰু মহন্ত বিলাকেই সুখীয়া, তেওঁ লোকৰ কৰিবলৈ একো নাই৷ কেৱল শিচ্‌ ফুৰি পইচা আনে, আৰু মজা কৰি খাই বহি থাকে৷ 

 দে, টে—এ! তেওঁলোকনো দুখ৷ শিচ ফুৰাটো জানো কম কথা, ই গাঁৱৰ পৰা সি গাঁৱলৈ, সি গাঁৱৰ পৰা ই গাঁৱলৈ টকৌ টকৌ কৰে ফুৰি থকাতো নিচেই সহজ নহয়৷ তাতে আকৌ কেতিয়াবা দুপইচা পায়, কেতিয়াৰা বা নাপায়েই৷ কত গোসাঁইৰ কত মহন্তৰ ঘৰত খোৱাৰ কষ্ট দেখা পাইছোঁ৷ 

 জা, চা— এৰাভাবি চালে সংসাৰত কেওঁ সুখীয়া নাই, কেৱল এক মহাৰাণী ( তেতিয়া ভাৰতেশ্বৰী ভিক্‌টৰিয়া বৰ্ত্তমান আছিল ) মাথোঁন সুখীয়া৷ 

 দে, টে—ওঁ, তাকে কোৱা যদি শুনো৷ সংসাৰত কেৱল মহাৰাণী মাত্ৰ সুখীয়া৷ তেওঁ জোতা মোজা পিন্ধি দিব্য আসনত বছি থাকে, কৰোঁতাই কৰে ধৰোঁতাই ধৰে, তেওঁ হাত লৰাবই নালাগে৷ জা, চা—মহাৰাণীয়ে চাগৈ আন বস্তু নাখায়েই, সদায় আঠা গাখীৰ, মালভোগ কল, চেনি দুয়ো বেলা খায়৷ ইয়াৰ এই কথা শুনি মোৰ মনে মনে হাঁহি উঠিল৷ দে টে—তুমি একোকে নাজানা হে৷ মহাৰাণী যে মেম, তেওঁ গাখীৰ কল নাখায়৷ এই বুলি টেকেলাই হাঁহিবলৈ ধৰিলে আৰু কলে, মহাৰাণীয়ে জানো কল খায়, মহাৰাণীয়ে জানো গাখীৰ খায়? তেওঁ দেৱতাৰ নিচিনা, ভোগো দেৱতাৰ নিচিনা কৰে৷ খাবৰ সময়ত সোণৰ বাটিত সন্দেশ, ৰূপৰ বাটিত বতচা আনি আগত থয়৷ তাৰে মন গলে কেতিয়াবা এটা খায়৷ জ, চা—নোখোৱাবোৰ একা? নোখোৱাবোৰ চাগৈ পাৰিষদ সকলে খায়৷ দে, টে--খায় তে৷ ৷ তুলসীৰ লগত কল পটুৱাৰো মুক্তি হয়৷ দেৱতাৰ লগত থাকিলে দেৱভোগৰ ভাগ পোৱাটো একো আচৰিত কথা নহয়৷ 

 এই দৰে মেল পাতি পাত সিহঁতে জলপান খালে, তামোল ধপাত খালে, খাই লৈ টেকেলাজন শুলে৷ জাহাজৰ চাকৰেও শুবৰ কাৰবাৰ কৰিবলৈ ধৰিলে৷ সিহঁতৰ কথা শুনি প্ৰথমে যদিও মোৰ হাঁহি উঠিছিল, সিহঁত নিস্তব্ধ হলত, মনত বৰ বেজাৰ লাগিল, আৰু বোধ হল অসমীয়াক যে এলেহুৱা বোলে বুলিব পায়৷ সিহঁতৰ বিবেচনাত একো নকৰি হাত সাবটি বহি থাকিবলৈ পালেই সুখ, আৰু কাম কৰিব লগা হলে দুখ৷ 

 দ্বিতীয়তঃ সিহঁতৰ ভোগৰ ভাব চাওক৷ সন্দেশ আৰু বতচাৰ তুল্য উপাদেয় সামগ্ৰী সিহঁতৰ বিবেচনাত পৃথিবীত নাই৷ ইয়াৰ পৰা বুজি লওক আমাৰ সামান্য তৰপৰ মানুহ বিলাক কিমান তলত আছে আৰু কিমান অজ্ঞ৷ এই বিলাক দুখৰ ভাৱনা ভাবি থাকোঁতেই জাহাজৰ মাত শুনিলোঁ, গুনি লৰা- লৰিকৈ উঠি জাহাজলৈ গলো৷ কিন্তু কথাটো আজিলৈকে মোৰ মনত আছে৷ 

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment