Sunday, April 19, 2026
0 Shares

আঙুঠি চোৰ

আঙুঠি চোৰ

মহাৰাজ কৃষ্ণদেৱ ৰায়ে এটা মূল্যৱান ৰত্ন খচিত আঙুঠি পিন্ধিছিল। যেতিয়াই তেওঁ দৰবাৰত উপস্থিত হৈছিল, তেওঁৰ চকু প্ৰায়ে তেওঁৰ ধুনীয়া আঙুঠিটোলৈ গৈছিল। আনকি তেওঁ প্ৰাসাদলৈ অহা অতিথি আৰু মন্ত্ৰীসকলকো বাৰে বাৰে তেওঁৰ আঙুঠিৰ কথাও উল্লেখ কৰিছিল।

এবাৰ ৰজা কৃষ্ণদেৱ ৰায় উদাস হৈ তেওঁৰ সিংহাসনত বহি আছিল। তেতিয়াই তেনালিৰাম তালৈ আহিল। তেওঁ ৰজাৰ উদাস হোৱাৰ কাৰণ সুধিলে। তেতিয়া ৰজাই কলে যে তেওঁৰ প্ৰিয় আঙুঠিটো হেৰাইছে, আৰু তেওঁ নিশ্চিতভাৱে সন্দেহ কৰিছে যে এইটো তেওঁৰ বাৰজন দেহৰক্ষীৰ ভিতৰৰ এজনে চুৰি কৰিছে।

যিহেতু ৰজা কৃষ্ণদেৱ ৰায়ৰ নিৰাপত্তা বেষ্টনী ইমান শক্তিশালী আছিল যে কোনো চোৰ বা সাধাৰণ মানুহে তেওঁৰ কাষ চাপিব নোৱাৰে। তেনালীৰামে লগে লগে মহাৰাজক ক'লে যে- "মই অতি সোনকালে আঙুঠি চোৰটোক বিচাৰি উলিয়াম।" এই কথা শুনি ৰজা কৃষ্ণদেৱ ৰায় অতি সন্তুষ্ট হ'ল। তেওঁ লগে লগে তেওঁৰ দেহৰক্ষীসকলক মাতিলে।

তেনালিৰামে ক'লে, "ৰজাৰ আঙুঠিটো আপোনালোক বাৰজন দেহৰক্ষীৰ মাজৰে কোনোবা এজনে চুৰি কৰিছে। কিন্তু মই অতি সহজে চোৰজনক বিচাৰি উলিয়াম। যিজন সত্যবাদী তেওঁৰ ভয় কৰাৰ কোনো প্ৰয়োজন নাই, আৰু যিজন চোৰ তেওঁ কঠোৰ শাস্তিৰ বাবে সাজু হওঁক।"

তেনালীৰামে আকৌ ক'বলৈ ধৰিলে, "আপোনালোক সকলোৱে মোৰ লগত আহক, আমি সকলোৱে কালী মাৰ মন্দিৰলৈ যাব লাগিব।" ৰজাই ক'লে, "তুমি কিয় এনে কৰিছা তেনালিৰাম, আমি চোৰটোহে বিচাৰি উলিয়াব লাগে, মন্দিৰ দৰ্শন নহয়!" "মহাৰাজ ধৈৰ্য্য ধৰক, সোনকালেই চোৰটো বিচাৰি পোৱা যাব।" তেনালিৰামে ৰজাক ধৈৰ্য্য ধৰিবলৈ কলে।

মন্দিৰত উপস্থিত হোৱাৰ পিছত তেনালীৰাম পুৰোহিতৰ ওচৰলৈ গৈ তেওঁক কিছু নিৰ্দেশ দিলে। তাৰ পিছত তেওঁ দেহৰক্ষীসকলক ক'লে, "আপোনালোক সকলোৱে মন্দিৰলৈ গৈ মা কালীৰ মূৰ্তিৰ ভৰি স্পৰ্শ কৰিব লাগিব আৰু লগে লগে ওলাই আহিব লাগিব। এনে কৰিলে মা কালীয়ে মোক আজি ৰাতি সপোনত সেই চোৰৰ নামটো ক'ব।

এতিয়া সকলো দেহৰক্ষীয়ে এজন এজনকৈ মন্দিৰলৈ গৈ মা কালীৰ মূৰ্তিৰ ভৰি স্পৰ্শ কৰিবলৈ ধৰিলে। যেতিয়া এজন দেহৰক্ষীয়ে ভৰি স্পৰ্শ কৰি অহাৰ লগে লগে তেনালিৰামে তেওঁৰ হাত শুঙি শাৰীত থিয় কৰাই দিয়ে। সোনকালেই সকলো দেহৰক্ষী এটা শাৰীত থিয় হ'ল।

ৰজাই ক'লে, "কাইলৈ ৰাতিপুৱাহে চোৰটো চিনাক্ত কৰা হ'ব, তেতিয়ালৈকে এওঁলোকৰ কি কৰা হ'ব?" নহয় মহাৰাজ, মই চোৰতো ইতিমধ্যে বিচাৰি পাইছো। সপ্তম স্থানত থিয় হৈ থকা দেহৰক্ষীজনেই হৈছে চোৰ।

এই কথা শুনি দেহৰক্ষীজনে দৌৰি পলাবলৈ ধৰিলে, কিন্তু তাত উপস্থিত সৈন্যসকলে তেওঁক ধৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিলে।

ৰজা আৰু আন সকলোৱে আচৰিত হ'ল যে কেনেকৈ তেনালীৰামে সপোন নোদেখাকৈয়ে চোৰটো তেওঁ বুলি গম পালে।

তেনালিৰামে সকলোৰে কৌতূহল সামৰি ক'লে, "মই পুৰোহিতক কালী মাৰ মূৰ্তিৰ ভৰিত তীক্ষ্ণ সুগন্ধি ছটিয়াবলৈ কৈছিলো। যাৰ বাবে যিয়ে মূৰ্তিৰ ভৰি স্পৰ্শ কৰিছিল, তেওঁৰ হাতত একেই সুগন্ধি লাগি আহিছিল। কিন্তু যেতিয়া মই সপ্তম দেহৰক্ষীৰ হাত স্পৰ্শ কৰিছিলো, তেওঁৰ হাতত কোনো সুবাস নাছিল....ধৰা পৰাৰ ভয়ত তেওঁ মা কালীৰ মূৰ্তিৰ ভৰি স্পৰ্শ কৰা নাছিল। গতিকে এইটো প্ৰমাণিত হ'ল যে তেওঁৰ মনত পাপ আছিল আৰু তেওঁ এজন চোৰ।"

ৰজা কৃষ্ণদেৱ ৰায় আকৌ এবাৰ তেনালীৰামৰ বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু তেওঁক সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories