পৰিচয়-
ভাৰতৰ পূব প্ৰান্তত অৱস্থিত আমাৰ ৰাজ্য অসমৰ নাম এক খৰ্গ যুক্ত গঁড়ৰ বাসভূমি হিছাপে গােটেই পথিৱীতে জনাজাত। এইবিধ আপুৰুগীয়া জন্তুৰে অবাধ বিচৰণৰ ক্ষেত্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান-কাজিৰঙা। দেশ-বিদেশৰ নানা ঠাইৰ পৰা বহু পর্যটক আৰু প্রকৃতিপ্রেমী গঁড় চাবলৈকে কাজিৰঙালৈ আহে। গঁড়ৰ বাহিৰেও বহুবিধ জীৱ-জন্তু, চৰাই-চিৰিকতি আৰু মাছ-কাছৰে ঠাহ খাই আছে এই কাজিৰঙা উদ্যান।
অৱস্থিতি-
অসমৰ গােলাঘাট আৰু নগাঁও জিলাৰ কিছু, অংশ সামৰি গঠিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কাৰ্বি আংলং জিলাৰ পাদদেশত অৱস্থিত। ইয়াৰ মাটিকালি প্রায় 425 বৰ্গ কিল'মিটাৰ। অৱশ্যে এই পৰিমাণ সদায় একে নেথাকে; কাৰণ ব্ৰহ্মপুত্ৰৰ খহনীয়াই প্ৰায়েই ইয়াৰ কিছু অংশ উটাহ নিয়ে; আকৌ নতুন নতুন চাপৰিও গঠিত হৈ থাকে। ব্রহ্মপুত্র উপত্যকাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় প্ৰথটোৱে ইয়াক প্ৰায় ঠাইতেই চুই আছে।
Kaziranga national park essay in Assamese
ইয়াৰ ভূমিভাগ ব্রহ্মপুত্র নদীৰ পলসুৱা মাটিৰে পুষ্ট। সমগ্ৰ কাজিৰঙা পূবৰ পৰা পশ্চিমলৈ সামান্য উঠা-নমাৰে প্রায় সমতল ভূমি। গোটেই এলেকাটোতে বাৰিষা বতৰত সমানে বৰষুণ হয়। ফৰকাল বতৰ হ’ল নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ। ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশত বিশাল ব্রহ্মপুত্র নদ অৰু দক্ষিণ সীমাত মৰা ডিফলু। উদ্যান খনৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ ডিফলু আৰু ভেংৰা নৈও বৈ আছে।
ইয়াৰ উপৰিও দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰা উত্তৰলৈ বৰজুৰি, ডিবিং, কহৰা, ভালুকজুবি, দেওপানী আদি সৰু-সুৰা জান-জুৰি উদ্যানখনলৈ বৈ আহিছে। ইয়াত ঋতুভেদে বহুত নলাৰ সৃষ্টি হয়। এই আটাইবােৰৰে পানী গৈ ব্ৰহ্মপুত্ৰত পৰে। উদ্যানখনত অসংখ্য বিল আৰু জলাশয়াে সিঁচৰিত হৈ আছে। এইবােৰত বিবিধ জাতৰ অগণন মাছ-পুঠি ঠাহ খাই আছে। উদ্যানৰ ওখ ঠাইবােৰত ইকৰা, নল, খাগৰি, ঘাঁ, খেৰ আদি আছে। ইয়াৰ মাজে মাজে কবই, শিমলু, এজাৰ, জামূ, আদি গছ আছে। সমগ্র উদ্যানখনত আনুমানিক ২৭.৯৫ শতাংশ গছ-গছনি আৰু ৬৬.৪৭ শতাংশ ঘাঁহনি, ৫.৫৮ শতাংশ বিল আছে।
কাজিৰঙা হাবিখনক বৃটিছৰ শাসন কালতে ১৯০৮ চনত কাজিৰঙা সংৰক্ষিত অৰণ্য বুলি ঘােষণা কৰা হয়। ইয়াৰ পিছত ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰা হয়। ১৯৬৯ চনত আইন কৰি কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান বুলি চৰকাৰে ঘােষণা কৰে।
Kaziranga national park essay in Assameseজীৱ-জন্তু-
ইয়াৰ জন্তুবােৰৰ ভিতৰত গঁড়েই প্রধান আকর্ষণ। গঁড়ৰ বাহিৰেও ইয়াত হাতী, ম'হ, হৰিণা, বৰা-গাহৰি, মেথােন, জাতি বান্দৰ, কেটেলা পহু, বন-মেকুৰী, জহামাল, নেউল, ৰামশিয়াল, উদ, নল-গাহৰি, বনৰৌ, কেৰ্কেটুৱা, হলৌ বান্দৰ, টুপীয়া বান্দৰ, নাহৰফুটুকী বাঘ, ফেঁটী সাপ, অজগৰ সাপ আদি বিবিধ প্রাণী আছে। ১৯৬৬ চনৰ পৰা অসমৰ বন বিভাগে প্রতি ৫ বছৰৰ মূৰে মূৰে জাতীয় উদ্যানখনৰ জন্তু গণনা কৰি আহিছে। শেহতীয়া পিয়ল অনুসৰি কাজিৰঙাত গঁড়ৰ সংখ্যা ১১৪৫ টা বুলি কোৱা হৈছে। কাজিৰঙাৰ বৰ বৰ বিলবােৰত মাছ-কাছ, ঘৰিয়াল আৰ শিহুও আছে।
উদ্যানখনত বিচৰণ কৰি ফুৰা স্থলচৰ আৰু জলচৰ পখীৰ ভিন ভিন জাতৰ সংখ্যা প্রায় ১৫০ বিধ। ইয়াৰে স্থলৰ পখীৰ ভিতৰত আছে বন-কুকুৰা, ডৰিক, বাঢ়ৈটোকা, পৰঘুমা, হাইঠা, কপৌ, ফেঁচু, কাণকোৰোকা, মইনা, ভাটৌ, টুনী চৰাই, উলম’ৰা, কুলি, কেতেকী, হেতুলুকা, ফেচুলুকা, মৌ-পিয়া, সাতভনী, পাতসিয়া, শগুণ ইত্যাদি।
জলচৰ পখীৰ ভিতৰত ভেলা, বনৰীয়া হাঁহ, ৰাজহাঁহ, বৰটোকোলা, শামুকভঙা, তেলীয়া সাৰেং, কণামুচৰী, শৰালি, চাকৈ-চকোৱা, মনিয়ৰি, পানীকাউৰী, দৈকলা, চিলনী, কুৰুৱা, মাছৰোকা, ডাউক, কামচৰাই, কইৰা, বগলী, বালিঘোঁৰা, বালিমাহী, গঙাচিলনী ইত্যাদি। জাৰকালি বিভিন্ন জাতৰ হাঁহ, ভেলা, ধৃতৰাজ (এবিধ বনৰীয়া ৰাজহাঁহ) আদি বহুবিধ প্ৰব্ৰজনকাৰী চৰাই কাজিৰঙাত কিছুদিন বিচৰণ কৰি নিজঠাইলৈ উভতি যায়গৈ। ইয়াৰে ভেলা চৰাই কিছুমানে এতিয়া কাজিৰঙাৰ সুবিধাজনক ঠাইত স্থায়ীভাৱে বসবাস কৰি আছে।
জাতীয় উদ্যানখনত ইয়াত বাসকৰা তৃণভােজী জন্তুৰ কাৰণে যাতে ঘাঁহৰ নাটনি নহয়, সেই উদ্দেশ্যকে আগত ৰাখি বছৰে বছৰে ফাগুন-চ'ত মাহত ঘাঁহ-বনত জুই জ্বলােৱাটো অপৰিহাৰ্য। এনে কৰিলে কুমলীয়া ঘাঁহৰ পৰিমাণ অধিক হয় আৰু তৃণভােজী জন্তুৰ বাবে ঘাঁহৰ নাটনি নহয়।
Kaziranga national park essay in Assameseসমস্যা-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ শত্ৰু বহুত। পানীমেটেকা, মাইকেনিয়া বা ৰাক্ষসীলতা -এই দুবিধ উদ্ভিদ বৰ মাৰাত্মক। মাইকেনিয়াই গছ-বিৰিখ হেচি ধৰি মাৰি পেলায় আৰু শুকান মেটেকাৰ হেচাত দ ঠাইবােৰত ঘাঁহ-বন গজিব নােৱাৰে। অৱশ্যে ধল-পানীয়ে বহু, মেটেকা উটাই লৈ গৈ ব্ৰহ্মপুত্ৰত পেলায়। এই উদ্যানৰ ওচৰে-পাঁজৰে চৰি ফুৰা ঘৰচীয়া গৰু-ম'হৰ সংক্রামক ৰোগ বন্যপ্রাণীৰ গালৈও সোঁচৰে। এই সংক্রামক ৰোগত কেতিয়াবা কেতিয়াবা বনৰীয়া জন্তুৰ মৃত্যু ঘটে।
ইয়াৰ উপৰিও কাজিৰঙাৰ বন্যপ্রাণীবােৰৰ প্রধান শত্রু, হ’লঃ (১) বানপানী আৰু (২) চোৰাং চিকাৰ। এই ৰাষ্ট্ৰীয় উদ্যানত বছৰে বছৰে বানপানীয়ে অসংখ্য হৰিণ, বন-গাহৰিৰ মত্যু ঘটাই অনিষ্ট সাধন কৰে; এনেকি গঁড়, হাতীৰো এই বানপানীত মৃত্যু হােৱাৰ উদাহৰণ আছে। বন্যপ্রাণীক বানপানীৰ পৰা ৰক্ষা কৰিবলৈ ঠায়ে ঠায়ে ওখ ঢিপ বন বিভাগে তৈয়াৰ কৰি দিছে। এই ঢিপবােৰো তল গ'লে বন্যপ্রাণীয়ে প্রাণ ৰক্ষাৰ কাৰণে ওচৰতে থকা কাৰ্বি আংলং জিলাৰ পাহাৰলৈ পলাই যায়গৈ; পানী শুকালে আকৌ উদ্যানখনলৈ ঘূৰি আহে।
চোৰাং চিকাৰ কাজিৰঙাৰ এটা ডাঙৰ সমস্যা। বন বিভাগৰ তৎপৰতাতাে এই চোৰাং চিকাৰ বন্ধ হােৱা নাই। চোৰাং চিকাৰীয়ে ঘাইকৈ গঁড় নিধন কৰি খৰ্গ কাটি লৈ গৈ চোৰাং বেপাৰ কৰে। গঁড়ৰ খৰ্গৰ বহু ঔষধি গুণ আৰু সন্মােহনী গুণ আছে বুলি মানুহৰ মাজত এটা বিশ্বাস আছে। গতিকে ইয়াৰ চাহিদা দেশ আৰু বিদেশত সমানে আছে। দেশ-বিদেশৰ বহু চিৰিয়াখানালৈকো গঁড় গড়ালত বন্দী কৰি পঠোৱা হয়। বর্তমান এটা গঁড়ৰ মূল্য পাঁচ লাখ টকা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তদাৰকীৰ কাৰণে অসম চৰকাৰেই খৰচ বহন কৰে যদিও ভাৰতীয় বন্যপ্রাণী সংস্হা আৰু ৱাইল্ড লাইফ ফাণ্ডে সময়ে সময়ে দিহা-পৰামৰ্শ, আৰু, আর্থিক সাহায্য আগবঢ়ায়। ভাৰতীয় বন্যপ্রাণী সংস্থাই কাজিৰঙালৈ পুৰস্কাৰো আগবঢ়াইছে।
এই ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ ভালদৰে চোৱাচিতা কৰাৰ দায়িত্ব অসম চৰকাৰ বন বিভাগৰ ওপৰত। কাজিৰঙাৰ ৰক্ষণাবেক্ষণৰ বাবে বিভিন্ন শ্রেণীৰ বন কর্মচাৰীৰ উপৰিও হ’ম গাৰ্ড আছে, নাও আছে, ক্ষিপ্র গতিত সংবাদ-সৰবৰাহ কৰিবলৈ অনাতাঁৰ ব্যৱস্থা আছে।
Kaziranga national park essay in Assameseব্যৱস্থা-
ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ঘূৰি-পকি চাবলৈ বিভাগীয় হাতী ভাড়াত পােৱা যায়। নিৰ্ধাৰিত ভাড়াৰ নিৰিখেৰে কহৰাত থকা-মেলাৰ সুবিধা আছে। বন বিভাগ আৰু পর্যটন বিভাগৰ আধুনিক সা-সুবিধাৰে সজ্জিত নিবাস আছে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণে হাৰমতী নামৰ চাপৰ পাহাৰৰ ওপৰত থকা ‘দর্শন চূড়া’ৰ পৰা কাজিৰঙাৰ মনােমােহা দশ্য চোৱাৰ সুবিধা বন-বিভাগে কৰি দিছে।
উল্লেখযােগ্য যে, ৰাষ্ট্ৰীয় পথৰ কাষতে ঘোঁৰাখাতী নামৰ ঠাইত এটা 'ৰাইনাে পার্ক' আছে য’ত এটা প্রকাণ্ড গঁড়ৰ আকৃতিয়ে এডাল শিকলিৰে তাৰ পর্যটক নিবাসটোক টানি থকা যেন দেখি। ইয়াৰ পৰাও কাজিৰঙা চাবলৈ যাব পাৰি।
থুলমূলকৈ এয়াই হ’ল পথিৱীৰ সকলাে ঠাইৰে বন্যপ্রাণী প্রেমীৰ মাজত অসমৰ খ্যাতি বঢ়োৱা বর্ণাঢ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
Kaziranga national park essay in Assameseসামৰণি-
কাজিৰঙাৰ বিস্তীর্ণ বনভূমি আৰু জলাশয়বােৰত মুক্তভাৱে বিচৰণ কৰি ফুৰা বিচিত্র পশু-পক্ষীবােৰ চাবলৈ পােৱাটো এটা অতি আনন্দদায়ক অভিজ্ঞতা। এই অভিজ্ঞতা যাৰ হৈছে, তেওঁ সহজেই উপলদ্ধি কৰিব পাৰে যে এই পথিৱীখন কেৱল মানুহৰ বাবেই সৃষ্টি হােৱা নাই; তৰু-তৃণ-লতা, পশু-পক্ষী সকলােকে লৈহে মানুহে পথিৱীত পৰিপূৰ্ণ জীৱন যাপন কৰিব পাৰে। আকৌ পণ্ডিত জৱাহৰলাল নেহৰুৰ ভাষা ধাৰ কৰিও আমি ক’ব পাৰো যে এই অপূৰ্ব সুন্দৰ পশু-পক্ষীবােৰ নথকা হ’লে আমাৰ জীৱনবোৰ ৰং-ৰসহীন হৈ পৰিলহেঁতেন।
Comments (0)
Leave a Comment