Sunday, April 19, 2026
0 Shares

ৰাধাগোবিন্দ বৰুৱা-Radha Govinda Baruah

ৰাধাগোবিন্দ বৰুৱা-Radha Govinda Baruah

আৰম্ভণি

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাক (Radha Govinda Baruah) আধুনিক অসমৰ খনিকৰ বুলি কোৱা হয়। তেওঁ একাধাৰে সংবাদপত্ৰ উদ্যোক্তা, কলা-সংস্কৃতিৰ সাধক আৰু ক্ৰীড়া সংগঠক আাছিল। তেওঁ ১৯৩৯ চনতে “দি আছাম ট্ৰিবিউন” নামৰ কাকতখন ডিব্ৰুগড়ৰ পৰা সাপ্তাহিকৰূপে প্ৰকাশ কৰে। কিন্তু অদমনীয় সাহস আৰু অপৰিসীম উদ্যমৰ গৰাকী ৰাধাগোবিন্দ বৰুৱা তাতে ক্ষান্ত থাকিব নোৱাৰিলে। তেওঁৰ লক্ষ্য আছিল বহু ওপৰত আৰু এই কাকতখনেই ১৯৪৬ চনৰ ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত হিছাপে ৰাইজৰ আগত দেখা দিয়ে।

“আছাম ট্রিবিউন” কাকতখনে অসমৰ ৰাজনীতি, সমাজ-ব্যৱস্থা, শিক্ষা, কলা-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত ইমান প্রভূত প্ৰভাৱ পেলাবলৈ সক্ষম হয় যে ইয়াক অনুষ্ঠান এটা বুলি সকলোৱে গণ্য কৰে। আছাম ট্ৰিবিউনেই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বাতৰি কাকত যি জন্ম লাভ কৰাৰে পৰা একেৰাহে পঞ্চাশ বছৰৰো অধিক কাল চলি থাকি এটা অভিলেখ সৃষ্টি কৰিছে।

ৰাধাগোবিন্দ বৰুৱা-Radha Govinda Baruah

জন্ম আৰু কৰ্মজীৱন

ৰাধাগোবিন্দ বৰুৱাৰ জন্ম হয় শিৱসাগৰত ১৯০০ খ্রীষ্টাব্দৰ ১৭ অক্টোবৰত। তেওঁৰ দেউতাক গুণগোবিন্দ বৰুৱা ৰেভিনিউ চিৰস্তাদাৰ আছিল। জন্মতে মাতৃহাৰা হোৱা ৰাধাগোবিন্দক এগৰাকী খুৰীয়েকে নিজৰ গাখীৰ খুৱাই ডাঙৰ কৰিছিল। শিৱসাগৰ বেজবৰুৱা হাইস্কুলতে শিক্ষা লাভ কৰিছিল যদিও পৰিয়ালটো ডিব্ৰুগড়লৈ উঠি যোৱাত তাৰ পৰাই ৰাধাগোবিন্দই মেট্রিক পাছ কৰে। কটন কলেজত পঢ়িবলৈ আৰম্ভ কৰিছিল কিন্তু পঢ়া শুনাত বৰ ৰাপ নথকাত ব্যৱসায় কৰো বুলি ডিব্ৰুগড়তে থাকিল।

শিৱসাগৰ যদিও ৰাধাগোবিন্দৰ জন্মস্থান তেওঁৰ প্ৰথম কর্মস্থান ডিব্ৰুগড়- য'ত তেওঁ ব্যৱসায়ৰ লগতে গান- বাজনা, নাটক-থিয়েটাৰ, শৰীৰ চৰ্চা আদিত আত্মনিয়োগ কৰিলে। ওখ- পাখ, দেখনীয়াৰ ৰাধাগোবিন্দই ডিব্ৰুগড়ৰ আমোলপট্টি নাট্য মন্দিৰৰ প্ৰায়বোৰ নাটকতে নায়কৰ ভূমিকা লৈছিল। ব্যৱসায়ৰ লগে লগে বম্বে মিউচুৱাল বীমা কোম্পানীৰ এজেন্ট হৈ দুবাৰো অসম, বঙ্গদেশ, বিহাৰ এই তিনিখন প্রদেশত সকলোতকৈ সৰহ মূল্যৰ পলিচী বিক্ৰী কৰি পুৰস্কাৰ পাইছিল। সস্তাতে পাই এটা প্ৰেছ কিনিলে আৰু এই প্ৰেছটো ভালদৰে তেও চলাই বেছ লাভ কৰিবলৈ সমৰ্থ হোৱাত তেওঁ বাতৰি কাকতৰ কথা ভাবিলে।

ডিব্ৰুগড়ৰ পৰাই সু-সাহিত্যিক লক্ষ্মীনাথ ফুকনৰ সম্পাদনাত দি আছাম ট্রিবিউন' কাকতখন সাপ্তাহিক হিছাপে ৪ আগষ্ট ১৯৩৯ চনত প্ৰথম প্ৰকাশ পায়। ১৯৪৬ চনত ডিব্ৰুগড়ৰ পৰা প্ৰেছটো গুৱাহাটীলৈ উঠাই আনি উদ্যোগী আৰু উচ্চাকাংক্ষী ৰাধাগোবিন্দ বৰুৱাই “দি আছাম ট্ৰিবিউন” কাকতখন দৈনিকলৈ ৰূপান্তৰিত কৰে। ট্রিবিউন প্ৰেছৰ পৰাই তেওঁ পাছত “অসম বাণী”নামেৰে এখন অসমীয়া সাপ্তাহিক আৰু “দৈনিক অসম’ নামেৰে এখন দৈনিক বাতৰি কাকত প্ৰকাশ কৰি উলিয়ায়। এই তিনিখন কাগজ উলিয়াই ৰাধাগোবিন্দ বৰুৱাই প্ৰমাণ কৰি দেখুৱালে যে অসমৰ দৰে এখন পিছপৰা ৰাজ্যতো সংবাদপত্র এটা লাভজনক উদ্যোগ হিছাপে গণ্য হ'ব পাৰে। সেইবাবে ৰাধাগোবিন্দ বৰুৱাক অসমৰ বাতৰি কাকত উদ্যোগৰ বাটকটীয়া বুলি কোৱা হয়।

তেওঁ কেৱল বাতৰি- কাকত প্ৰকাশ কৰাতে আগৰণুৱা নহয়, কেইবাটাও বিষয়ত তেওঁ পথ-প্ৰদৰ্শক আছিল। বৰুৱাদেৱৰ সমাজ সচেতনতা অতি প্ৰৱল আছিল আৰু ৰাইজৰ উপকাৰার্থে কিবা এটা কৰিবলৈ সদায় হেঁপাহ কৰিছিল, তেওঁৰ নেতৃত্বতে গুৱাহাটী তথা অসমৰ সঙ্গীতানুৰাগীসকলে প্ৰথম ভাৰতীয় শাস্ত্রীয় সঙ্গীতৰ ৰসাস্বাদ কৰিবলৈ সুযোগ পায়- যেতিয়া তেওঁ অসম সঙ্গীত সন্মিলন পাতি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বছা বছা খ্যাতনামা সঙ্গীতজ্ঞ, বাদ্যশিল্পী,নৃত্যশিল্পীসকলক মাতি আনি শাস্ত্রীয় সঙ্গীতৰ এখন সন্মিলনৰ আয়োজন কৰে। অসমৰ বাপতিসাহোন ৰঙালী বিহুটোক তেওঁ গাঁৱৰপৰা আনি চহৰৰ খেল পথাৰবোৰত স্থাপন কৰিলেহি-  য'ত সকলোৱে একে লগে বিভিন্ন অঞ্চলৰ কলাকুশলী সকলৰ নাচ-গান ইত্যাদি উপভোগ কৰিব পৰা হ'ল। গুৱাহাটীৰ লতাশিল পথাৰৰ বিহু সন্মিলনী এই বিষয়ত আগৰণুৱা। সমগ্ৰ অসমতে একে চানেকিৰে বিহু পতাকা আৰু একেটা বিহু সঙ্গীতৰ প্ৰচলন কৰাই অসমৰ জাতীয় উৎসৱটোক সুদৃঢ় ভেটিত স্থাপন কৰিলে ৰাধাগোবিন্দ বৰুৱাই।

ৰাধাগোবিন্দ বৰুৱাৰ (Radha Govinda Baruah) ক্ৰীড়াপ্ৰেম

কিন্তু ৰাধাগোবিন্দ বৰুৱাৰ সকলোতকৈ ডাঙৰ কৃতিত্ব হ’ল ক্রীড়া জগতলৈ তেওৰ যাউতিযুগীয়া অৱদান। তেওঁ অসম ক্রিকেট সংস্থা, অসম হকী সংস্থা, অসম বেডমিন্টন সংস্থা, সদৌ অসম লন টেনিছ সংস্থা, অসম টেবুল টেনিছ সংস্থা, অসম ফ্লাইং ক্লাব, অসম ৰাইফল শ্বুটিং ক্লাব আদি ভালেমান ক্রীড়া সংগঠনৰ সভাপতি বা গুৰিধৰোঁতা আছিল। তেওঁৰ উদ্যোগ আৰু সাহসতে গুৱাহাটীত প্ৰথম বাৰৰ বাবে ভ্ৰমণকাৰী অষ্ট্ৰেলিয়ান ক্রিকেট দলৰ খেল পতা হয় আৰু ৰাইজে তাক উপভোগ কৰে।

ভাৰত বনাম সিংহল (বর্তমান শ্ৰীলঙ্কা) ডেভিছ কাপ টেনিছ খেলৰ বাহিৰেও ইয়াত ৰাষ্ট্ৰীয় বেডমিন্টন প্রতিযোগিতা, ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা (সন্তোষ ট্ৰফী) আদি কেইবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈ যায়। এনে ধৰণেৰে খেলৰ উৎকৰ্ষৰ বাবে নানান খেল পাতি ৰাধাগোবিন্দ বৰুৱাই অসমক দেশৰ ক্ৰীড়া মানচিত্রলৈ আনিবলৈ সমৰ্থ হয়। এবাৰ জজ খেল পথাৰত লোকপ্ৰিয় বৰদলৈ ট্ৰফীৰ খেল চাই থাকোতে তেওঁৰ ভাব হ'ল যে গুৱাহাটীত এখন ষ্টেডিয়ামৰ বৰ আৱশ্যক। প্রতি বছৰে টিনপাতেৰে ফিল্ডখন আগুৰি অ'ৰ ত'ৰ পৰা চকী বেঞ্চ আনি খেল পতাত বৰ আহুকাল।

ৰাধাগোবিন্দ বৰুৱাৰ বাবে ভবা মানেই কাম। লগে লগে পৰিকল্পনা। ৰেলৰ আলিৰ দক্ষিণে এডোখৰ পানী মেটেকাৰে ভৰা পিতনি, য’ত চহৰৰ আবৰ্জনাবোৰ পেলোৱা হয়, পৌৰ সভাৰ সেই মাটিৰ ওপৰতে ষ্টেডিয়ামৰ কাম আৰম্ভ হ’ল আৰু ১৯৬২ চনত ইয়াৰ শুভ উদ্বোধন হ'ল মুখ্যমন্ত্রী একাদশ আৰু মুখ্য ন্যায়ধীশ একাদশৰ মাজত ফুটবল খেলেৰে। ঘাই ষ্টেডিয়ামৰ লগতে এটা ইনডৰ ষ্টেডিয়াম, টেনিছ ক'ৰ্ট, চুইমিং পুল, জিম্নাছিয়াম হল, অতিথিশালা আদি তৈয়াৰ কৰা হ’ল আৰু এই সংমিশ্রিত ষ্টেডিয়াম কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা গৰ্বৰ বস্তু হৈ পৰিল।

১৯৬৪ চনত প্রধান মন্ত্রী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছতে ৰাধাগোবিন্দ বৰুৱাই নিজেই এই ষ্টেডিয়াম নেহৰুৰ নামত উছৰ্গা কৰে। যোৱা ত্রিশ বছৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰপৰা যি সকল উচ্চ মানৰ ক্রীড়াবিদ ওলাইছে সেই সকলোৱেই নেহৰু ষ্টেডিয়ামৰে সৃষ্টি বুলি ক’লে ভুল কোৱা নহ’ব। ৰাজ্য চৰকাৰে ৰাধাগোবিন্দ বৰুৱাৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁৰ জন্মদিনটো, অর্থাৎ ১৭ অক্টোবৰৰ দিনটো ক্রীড়া দিৱস হিছাপে পালন কৰাৰ কথা ঘোষণা কৰিছে।

সামৰণি

ইমানখিনি কৰিও বিশ্বাসী ৰাধাগোবিন্দ বৰুৱা বহি থকা নাছিল। সদায় কিবা নিৰ্মাণ কৰাত বিশ্বাসী বুলি জানি গুৱাহাটীৰ নাগৰিক সকলে তেওঁক পৌৰ নিগমৰ প্ৰথম মেয়ৰ হিছাপে নিৰ্বাচন কৰে। কিন্তু তেওঁৰ সপোনৰ ধুনীয়া গুৱাহাটী এখন সাজিবলৈ তেওঁ নাপালে। ১৯৭৭ চনৰ ১৫ জুলাইত ৰাধাগোবিন্দ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। ৰাধাগোবিন্দ বৰুৱা এজন অসাধাৰণ কৰ্মী পুৰুষ আছিল। তেওঁৰ চিন্তাধাৰা সদায় ভৱিষ্যমুখী আছিল আৰু তেওঁৰ লক্ষ্য সদায় সাধাৰণ লোকৰ উৰ্ধত আছিল।

যি কামেই তেওঁ হাতত নলওক, তাৰ নিখুত পৰিকল্পনা কৰি প্ৰতিটো দিশ ভালদৰে চালি-জাৰি চাই তাক নিষ্ঠাৰে ৰূপায়ণ কৰা তেওঁৰ ধৰ্মত পৰিণত হৈছিল। সেয়েহে য’ত আন মানুহ হয়তো বিফল হ’লহেতেন তেনে কামতো ৰাধাগোবিন্দ বৰুৱাই সাফল্য অর্জন কৰিছিল। মহাকবি শ্বেইক্সপীয়েৰে কৈছে “কোনো মানুহ জন্মতেই মহৎ হৈ জন্মে, কোনোৱে মহত্ত্ব অর্জন কৰে আৰু কোনোৰ ওপৰত মহত্ত্ব জাপি দিয়া হয়।”ৰাধাগোবিন্দ বৰুৱাই মহত্ব অৰ্জন কৰিছিল নিজৰ বুদ্ধি আৰু পৰিশ্ৰমৰ দ্বাৰা। সেইবাবেই তেওঁক সিংহপুৰুষ অর্থাৎ শ্ৰেষ্ঠ পুৰুষ বুলিও কোৱা হয়। এই মহান ব্যক্তি গৰাকীৰকৰ্মৰাশি সকলোৰে অনুকৰণীয়।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment