Sunday, April 19, 2026
0 Shares

ৰাজহাঁহ আৰু কাউৰী

ৰাজহাঁহ আৰু কাউৰী

কাউৰী এটাই আহাৰ বিচাৰি বিচাৰি অতিপাত ভাগৰুৱা আৰু ভােকে পিয়াহে আতুৰ হৈ পৰিছিল। এটা সময়ত তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল। সি পিয়াহৰ পানী বিচাৰি এটা সৰােবৰৰ কাষত ৰ’লহি৷ ইয়াৰ পিছত শুদ্ধ শীতল জলেৰে তাৰ তৃষ্ণা দূৰ কৰিলে। সেই সময়তে সৰােবৰটোত সি কেইটামান ৰাজহাঁহ দেখিবলৈ পালে। ৰাজহাঁহকেইটা দেখি কাউৰীটোৱে ভাবিলে— ইহঁত ইমান বগা আৰু দেখিবলৈ ধুনীয়া। মােৰাে যদি ৰংটো ৰাজহাঁহৰ দৰে বগা হ’লহেঁতেন। সি এবাৰ নিজৰ দেহৰ ৰংটোৰ ফালে চালে। চিঃ কি যে মােৰ দেহৰ বৰণ। একেবাৰে এঙাৰ যেন মােৰ বৰণ।

কাউৰীটোৱে মনতে ভাবিলে যে ৰাজহাঁহবােৰ পানীত চৰি ফুৰা প্রাণী। সিহঁতে অনবৰতে গা ধুই থাকে বাবেই কিজানি ইমান বগা। সেই কাৰণে কাউৰীও পানীত নামি বাৰে বাৰে গা ধুলে। বাৰে বাৰে গা ধােৱাৰ পিছতাে বগা নােহােৱাত কাউৰীয়ে ভাবিলে যে এবাৰ-দুবাৰ গা ধুলে বগা হ'ব নােৱাৰি কিজানি। ৰাজহাঁহৰ দৰে যদি দিনটো পানীৰ লগতে সময় পাৰ কৰিবপৰা যায় তেতিয়াহে কিজানি ৰাজহাঁহৰ দৰে বগা হ’ব পৰা যাব। ইয়াকে ভাবি সি খাৱন-শােৱন বাদ দি বগা হােৱাৰ চেষ্টাত নামি পৰিল। এটা সময়ত সি বহুত ক্ষীণাই গ'ল আৰু অৱশ হৈ পৰিল। বেচেৰা কাউৰীৰ বগা হােৱাৰ আশা সিমানতে শেষ হ’ল। কাৰণ সৰােবৰৰ পানীতে তাৰ প্রাণ গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment