Sunday, April 19, 2026
0 Shares

শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠ ভক্ত কোন?

শ্ৰীকৃষ্ণৰ শ্ৰেষ্ঠ ভক্ত কোন?

ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ বিষয়ে সমগ্ৰ ব্ৰহ্মাণ্ড জ্ঞাত। উল্লেখ্য যে ৰাধা-কৃষ্ণৰ বিয়া নহ'ল সচাঁ কিন্তু দুয়োৰে মাজত থকা প্ৰেম ইমানেই গভীৰ আছিল যে আজিও দুয়োৰে নাম একেলগে উচ্চাৰণ কৰা হয়। ৰাধাৰ প্ৰতি শ্ৰীকৃষ্ণৰ প্ৰেম আৰু শ্ৰীকৃষ্ণৰ ৰাধাৰ প্ৰতি থকা সমৰ্পণ অতি স্পষ্ট আছিল। আৰু সেয়েহে শ্ৰীকৃষ্ণৰ সৰ্বশ্ৰেষ্ঠ ভক্ত বুলি নিজকে লৈ গৰ্ব অনুভৱ কৰা নাৰদ মুনিয়ে ৰাধাক লৈ ঈৰ্ষা কৰিছিল। আৰু এইকথা শ্ৰীকৃষ্ণইয়ো ভালদৰে জানিছিল।

এদিনাখন ৰাধাৰ বিষয়ে কথা পাতিবলৈ নাৰদমুনি শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিল। অন্তৰ্য্যামী শ্ৰীকৃষ্ণই এই কথা আগতেই জানিছিল। নাৰদ মুনি তাত উপস্থিত হোৱাৰ লগে লগে শ্ৰীকৃষ্ণই তেওঁক দেখিয়ে মূৰটো দুয়ো হাতেৰে ধৰি বহি ল'লে। নাৰদ মুনিয়ে শ্ৰী কৃষ্ণক সুধিলে- "প্ৰভু! আপোনাৰ কি হ'ল? আপুনি এনেদৰে মূৰটো ধৰি কিয় বহি আছে?"

শ্ৰীকৃষ্ণই ক'লে, "হে নাৰদমুনি! মোৰ মূৰত তীব্ৰ বিষ হৈছে।"

নাৰদমুনিয়ে সুধিলে, "প্ৰভু, ইয়াক আঁতৰোৱাৰ কিবা উপায় আছেনে?"

তেতিয়া শ্ৰীকৃষ্ণই ক'লে, "আছে। যদি মই মোৰ সৰ্বশ্ৰেষ্ঠ ভক্তৰ চৰণামৃত পান কৰোঁ, ই আঁতৰ হ'ব।"

তেতিয়া নৰদমুনিয়ে সেইটো ভাবিবলৈ আৰম্ভ কৰিলে- মইয়েতো মোৰ প্ৰভুৰ সৰ্বশ্ৰেষ্ঠ ভক্ত। কিন্তু যদি মই মোৰ চৰণামৃত প্ৰভুক দিওঁ মোৰতো নৰকক যোৱাৰ সমান পাপ লাগিব। নাই, নাই। মই মোৰ চৰণামৃত প্ৰভুক নিদিওঁ।

এনেদৰে কিছুসময় চিন্তা কৰাৰ পাছত নাৰদ মুনিৰ ৰাধাৰ কথা মনলৈ আহিল যে ৰাধাকতো সকলোৱে শ্ৰীকৃষ্ণৰ সৰ্বশ্ৰেষ্ঠ ভক্ত বুলি কয়। তেনেহ'লে মই ৰাধাৰ ওচৰলৈ কৈ যাওঁ আৰু এইবিষয়ে প্ৰশ্ন কৰি চাওঁ। আৰু নাৰদ মুনিয়ে ৰাধাৰ ওচৰলৈ গৈ সকলো কথা ভাঙি-পাতি ক'লে।

ৰাধাই যেতিয়াই শুনিলে শ্ৰীকৃষ্ণই যাতনাত আছে। লগে- লগে পাত্ৰ এটা আনি ভৰি দুখন ধুই সেই চৰণামৃত নাৰদ মুনিৰ হাতত দি ক'লে- "মুনিবৰ! মই নাজানো মই মোৰ প্ৰভুৰ কিমান ডাঙৰ ভক্ত! কিন্তু মই এয়া জানো যে প্ৰভুক মই মোৰ চৰণামৃত দিয়াৰ লগে-লগে মই নৰকত যোৱাৰ সমান পাপ লাগিব। মই সেই সকলোবোৰ সহ্য কৰিব পাৰিম কিন্তু প্ৰভুই এনেকুৱা যাতনা সহ্য কৰাটো মই নিবিচাৰোঁ। আপুনি অতি শিঘ্ৰে গৈ এয়া প্ৰভুক দি যাতনাৰ পৰা মুক্ত কৰক গৈ।"

ৰাধাৰ কথাখিনি শুনাৰ লগে- লগে নাৰদ মুনিৰ সকলো অহংকাৰ কৰ্পূৰৰ দৰে উৰি গ'ল। আৰু তেওঁ বুজি উঠিল যে ৰাধাই শ্ৰীকৃষ্ণৰ সৰ্বশ্ৰেষ্ঠ ভক্ত। আৰু প্ৰভুই এই সকলোবোৰ লীলা নাৰদ মুনিক বুজোৱাৰ বাবে কৰিছিল।

যেতিয়া নাৰদ মুনিয়ে ৰাধাৰ ওচৰৰ পৰা উভটি আহিল তেতিয়া তেওঁৰ মুখত মাথো ৰাধাৰ নামে গুঞ্জৰিত হৈ থাকিল। তেওঁ শ্ৰীকৃষ্ণৰ ওচৰ পোৱাৰ পাছত দেখিলে যে তেওঁ মাথো নাৰদ মুনিৰ ফালে চাই মিচিকিয়াই হাঁহি আছে। আৰু নাৰদ মুনিয়েও সকলো বুজি উঠিল আৰু প্ৰভুক সেৱা জনাই কৈ উঠিল- "ৰাধে-ৰাধে।"

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment