Sunday, April 19, 2026
0 Shares

শিয়াল আৰু বগলী

শিয়াল আৰু বগলী

এখন হাবিত এটা শিয়াল আৰু এটা বগলী তাৰ চুবুৰীয়া ৰূপত বাস কৰিছিল। শিয়ালটোৱে নিজকে বৰ টেঙৰ বুলি ভাবিছিল। সি তাৰ টেঙৰালি বগলীটোক দেখুৱাবলৈ মনস্থ কৰিছিল। শিয়ালে এদিন সেই উদ্দেশ্যে বগলীক তাৰ ঘৰলৈ নিমন্ত্রণ কৰিছিল। সি মনে-মনে সিদ্ধান্ত লৈছিল যে বগলী তাৰ ঘৰলৈ আহিলে তাক ঠগিব আৰু নিজৰ টেঙৰালিৰ উপযুক্ত প্রমাণ দিব।

এদিন যথা সময়ত বগলীয়ে নিমন্ত্রণ ৰক্ষা কৰিবলৈ শিয়ালৰ ঘৰত উপস্থিত হ’ল। বগলীক দেখি শিয়ালে তাক আথে-বেথে মাতি নি বহিবলৈ দিলে আৰু এখন থালত কিছু জুলীয়া আহাৰ আনি খাবলৈ দিলে। কিন্তু বগলীয়ে তাৰ দীঘল ঠোটেৰে সেই জুলীয়া আহাৰ থালখনত খাই কেনেকৈ? অকণমানাে আহাৰ নােখােৱাকৈ বগলীয়ে মুখ ধুব লগা হ’ল। মনে মনে শিয়ালে সকলাে লক্ষ্য কৰি আছিল। বগলীয়ে যে একো এটা খাব নােৱাৰিলে তাত সি বহুত আনন্দ লাভ কৰিলে আৰু নিজকে শ্রেষ্ঠ টেঙৰ যেন অনুভৱ কৰিলে। আনফালে, শিয়ালে থালৰ সকলােখিনি আহাৰ চেলেকি-চেলেকি খাই শেষ কৰিলে। শেষত মিছা শান্ত্বনা দিবলৈ শিয়ালে বগলীক ক'লে – “তুমি চাগে মােৰ ৰন্ধা-বঢ়া বৰ ভাল নাপালা। চিহ চিহ তুমি অলপ খাবই নােৱাৰিলা। মােৰ বৰ বেয়া লাগিল দেই।” এনেকৈ সি বেজাৰ পােৱা অভিনয় কৰিলে। বিদায় মুহূর্তত বগলীয়ে শিয়ালক এসাঁজ খাবলৈ বৰ আগ্ৰহেৰে নিমন্ত্রণ কৰি থৈ গ'ল।

শিয়ালে বগলীৰ নিমন্ত্রণ ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে। সেইমতে বগলীয়ে মাছ-মাংসৰ যােগাৰাে কৰিলে। বগলীয়ে জানে যে শিয়ালে মাংসৰ চুৰুহা খাই বৰ ভাল পায়। বগলীয়ে তাকো ৰান্ধিলে। যথা সময়ত শিয়াল বগলীৰ ঘৰলৈ আহি মাংসৰ গােন্ধ পাই তাৰ জিভাৰ পানী ওলাই গ'ল। যথা সময়ত বগলীয়ে দুটা দীঘল চুঙাত মাংসৰ চুৰুহা আনি এটা শিয়ালক দিলে আৰু এটা নিজৰ বাবে ৰাখিলে। শিয়ালৰ বৰ বেয়া গতি হ’ল। যিকোনাে পধ্যে চুঙাৰ ভিতৰত মুখ ভৰাব নােৱাৰিলে যদিও বগলীয়ে হেঁপাহ পলুৱাই খালে। বেচেৰা শিয়ালৰ ঠোঁট-মুখ চেলেকোতে গ'ল। তাৰ পেটৰ ভােক পেটতে ৰ'ল। উপায়হীন হৈ সি পাত্ৰটোৰ বাহিৰতে চেলেকিলে। বগলীয়ে শিয়ালৰ অৱস্থা দেখি সুধিলে-“সখি চুৰুহা খিনি কেনে পালা?” শিয়াল বৰ লজ্জিত আৰু অপমানিত হৈ লগে লগে সেই ঠাই এৰিলে। বগলীয়েও মনে মনে বৰ ভাল পালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment