Sunday, April 19, 2026
0 Shares

মেকুৰীৰ ডিঙিত টিলিঙা

মেকুৰীৰ ডিঙিত টিলিঙা

মেকুৰী এন্দুৰৰ পুৰণা শত্রু। এন্দুৰৰ শত্ৰু বহুত যদিও এন্দুৰে প্ৰধানকৈ মেকুৰীকে ভয় কৰে। এই ঘটনাটো সকলােৰে চিৰপৰিচিত।

আজিৰ পৰা কিছুবছৰ আগৰ ঘটনা। এটা গুদামঘৰত অগণন এন্দুৰে বাস কৰিছিল। সেই ঘৰটোৰ কাষতে এটা প্রকাণ্ড কলা ৰঙৰ বােন্দা মেকুৰীয়েও বাস কৰিছিল। উক্ত মেকুৰীটোৱে এন্দুৰবােৰক চিকাৰ ৰূপত বাছি লৈ প্রতি সাঁজতে দহ-বাৰটা এন্দুৰ ভক্ষণ কৰিবলৈ ধৰিলে। এটা সময়ত এনে লাগিল যেন এন্দুৰৰ বংশই শেষ হ'ব। অৱশেষত এন্দুৰ সমাজে নিজৰ বংশটো ৰক্ষাৰ বাবে এখন সভা আহ্বান কৰিলে। সভাখন গােপনে গােপনে গুদামঘৰৰ এটা চুকত আহ্বান কৰা হ’ল। সভাত সকলাে এন্দুৰ একগােট হৈ নিজৰ নিজৰ ভয়াৱহ পৰিস্থিতিবােৰ ব্যাখ্যা কৰিলে। কোনােবাটো নিগনিয়ে আকৌ মেকুৰীটোৰ নিষ্ঠুৰতাৰ কথা বর্ণনা কৰিলে। সভাপতিৰ আসনত বহি থকা বুঢ়া এন্দুৰ এটাই মেকুৰী বধৰ বাবে পৰামৰ্শ বিচাৰি আহ্বান জনালে। তেতিয়া সকলাে এন্দুৰে ক'লে যে মেকুৰীক বধ কৰিব পৰা শক্তি সিহঁতৰ দেহত নাই। এইটো তেনেই অসম্ভৱ সিদ্ধান্ত। তেতিয়া অন্য এটাই থিয় হৈ পৰামৰ্শ এটা আগবঢ়ালে যে দুষ্ট মেকুৰীটোৰ ডিঙিত এটা টিলিঙা আঁৰি দিলেই সকলাে সমস্যাৰ সমাধান হব। কাৰণ সি যিফালে যাব সেইফালে শব্দ হ’ব আৰু সকলাে এন্দুৰ ভাই সাৱধান হব। সিদ্ধান্তটোক সকলােৱে সমর্থন জনালে। ইয়াৰ পিছত আহিল দায়িত্ব পালনৰ কথা। এটা ডেকা এন্দুৰক দায়িত্বটো দিয়া হ'ল। তাক সকলাে এন্দুৰে ক'লে যে টিলিঙাটো সি এটা নির্দিষ্ট দিনত মেকুৰীটোৰ ডিঙিত আঁৰি দিব লাগিব। ডেকা এন্দুৰটোৱে ক’লে– মেকুৰীৰ ডিঙিত টিলিঙা আঁৰি দিবলৈ যােৱা মানে মৰণক শৰণ দিয়া। গতিকে তাৰ দ্বাৰা সেই কার্য অসম্ভব। ইয়াৰ পিছত কোনাে এটা এন্দুৰেই সেইটো কৰিবলৈ আগবাঢ়ি নাহিল। অৱশেষত মেকুৰীৰ ডিঙিত টিলিঙা আঁৰি দিয়া নহ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment