Sunday, April 19, 2026
0 Shares

মেকুৰীৰ জীয়েকৰ সাধু- lakshminath bezbaruah

মেকুৰীৰ জীয়েকৰ সাধু- lakshminath bezbaruah

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যােৱাত তাই, “মােৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক'লে। গিৰিহতনীয়ে উত্তৰ দিলে, “আই হে’ তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ৷ নহ'লেনাে মই ক'ৰপৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেই দিনাখনৰ পৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডবা-হকা দি কোনােৰকমে মাছ আনি দিবলৈ ধৰিলে।

lakshminath bezbaruah মেকুৰীৰ জীয়েকৰ সাধু- lakshminath bezbaruah

ইফালে গিৰিতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবােৰ খাবলৈ দিলে৷ সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায়। ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মােৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মােৰ পেটলৈ আহক।”

ইয়াৰ কিছু দিনৰ পাছতে সঁচাসচিকৈয়ে গিৰিহতনীয়ে দুটা মেকুৰীপােৱালী পালে আৰু মেকুৰীজনীয়ে ছােৱালীদুজনী পালে। আতৌ-পুতৌ কৰি মেকুৰীয়ে ছােৱালী দুজনীক কোনােৰকমে ডাঙৰ কৰিলে। ছােৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায়।

ছােৱালী দুজনী জনা হ’লত সিইতে এদিন মাকক ক'লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনােবাই মাৰি থয় তেনেহলে আমি কেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক'লে, “যদি মােক কোনােবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা কলা হ’ব। তেতিয়া তহঁতে মােক বিচাৰি যাবি।”  ইয়াৰ দিন দিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল গাখীৰ মলা কেঁহৰাজ-বৰণীয়া হ'ল। তেতিয়া মাকৰ কিবা হ'ল বুলি জানি কান্দি কাটি ছােৱালী দুজনীয়ে মাকক বিচাৰি গ'ল।

সিইতে ভালেমান দুৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰগৰাতে ভনীয়েকক থৈ বায়েকে পানী | আনিবলৈ নামি গ’ল। তাই আজলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ'ল আৰু জলকোৱৰে মাত লগালে, “যদি তােমাৰ হাতৰ আঙুঠিটো মােক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা।” ভানীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে, আঙঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ বায়েক পানীত নামােতেই জলকেঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি ইয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে।

ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহােতে অকলশৰীয়া ৰূপহী ছােৱালীজনীক নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ'ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতে ই দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নােৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে।

তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইক চকু দুটা কাপােৰেৰে বান্ধি তাই এটা ঢেঁকীথােৰা পালে বুলি কৈ তাই পােৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে। পিছৰবাৰতাে তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিইতে কৈ আচল মতা ল’ৰাটো নৈত উটাই দিলে৷ ইফালে জলকোৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল'ৰা দুটাক ভনীয়েকৰ ল’ৰাবুলি জানিব পাৰি তুলি তালি ডাঙৰ-দীঘল কৰিলে।

মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবােৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া তিৰােতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থলে। তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে।। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে।

মুদৈয়ে নাওখন কোনােৰকমে এৰুৱাব নােৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থাকোতে পানীৰ মাজৰ পৰা কোনােবাই মাত লগাই ক'লে - “তুমি এটা সকাম কৰিবলৈ গাত লােৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাংকৈ কৈ তােমাৰ তামােলৰ হাচতিখন আৰু লাখুটিদাল পেলাই থৈ যােৱা, তেহে তােমাৰ নাও মুকলি হ’ব। মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই গ'ল।

ইফালেজেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লােৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবােৰ কথা বর্ণনা কৰি ক'লে আৰু সেই সকলাে কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক ক’বলৈ ক'লে।

সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিদাল আৰু হাচতিখন লৈ মুদৈৰ ঘৰৰফালে যাবলৈ ধৰিলে। পােনেই গৈ সিইতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক’বলৈ ধৰিলে, “মােক কিয় ভেঙুচালি কৰিছাহক? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগৈ।“ তেতিয়া সিহঁতে সকলাে খিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই-সতাই সবাহলৈ গ'ল।

সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল। যেতিয়া এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্রকে দুই ককাই-ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি য'ত সােমাইছিলোঁ তেওঁ আমাৰ আই।”

তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সােধাত মুদৈয়ে একোকে ক'ব নােৱাৰিলে। তেতিয়া ৰাইজে এই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলাে কথা মন দি শুনে। এইবুলি সকলাে কথা ভাঙি-পাতি সি ক’বলৈ ধৰিলে আৰু মুদৈৰ হাচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাচতিখন নিজৰ বুলি সৈ কাঢ়িলে।

তেতিয়া সকলােৱে সতিনীৰ কুমন্ত্রণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলাে কথা সােধাত সিইতে একো মাতিব নােৱাৰিলে। ৰাইজেও একো হাই-উৰুমি নােহােৱাকৈ সবাহ খাই গল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰাদুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি। ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই ঘৰতে থাকিল।

  (আশা কৰোঁ আপুনি "মেকুৰীৰ জীয়েকৰ সাধু- lakshminath bezbaruah" সাধুটো ভাল পাইছে। যদি আপুনি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment