Sunday, April 19, 2026
0 Shares

মূৰ্খ গাধ

মূৰ্খ গাধ

গাধই বােজা কঢ়িয়ায়। তেনেকুৱা গাধ এটাই এবাৰ নিমখৰ বােজা লৈ নদী এখন পাৰ হ’বলগীয়া হৈছিল। নিমখৰ বােজা লৈ নদী পাৰ হওতে হঠাৎ গাধটো নদীৰ পানীত পিছলি পৰিল। নিমখৰ বােজাটো পানীত ডুব গ'ল। পিছত গাধটো পাৰলৈ উঠি আহিল। সি পাৰলৈ উঠি অহাৰ পিছত অনুভৱ কৰিলে যে পূর্বতকৈ তাৰ বােজাটোৰ ওজন বহুখিনি কমিছে। সি বৰ সুখ অনুভৱ কৰিলে আৰু মনতে ভাবিলে যে নদীৰ পানীত বােজাটো ডুবিছিল বাবে ওজনটো কমিল কিজানি।

কিছুদিন পিছত সি আকৌ অন্য এটা বােজা পিঠিত লৈ একেখন নদী পাৰ হ'বলগীয়া হ’ল। সেইবাৰ সি ইচ্ছা কৰিয়ে পানীত পিছল খালে। এইবাৰ সি উঠিব নােৱাৰা হ’ল। কাৰণ তাৰ বােজাটোত আছিল কিছুমান কপাহী কাপােৰ। সেইবােৰ পানীত তিতি যােৱা বাবে বহুত গধুৰ হৈছিল। বেচেৰা গাধটোৱে বহুত চেষ্টা কৰিও উঠিব নােৱাৰিলে আৰু পানীত ডুব গৈ মৰিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment