Sunday, April 19, 2026
0 Shares

মিছলীয়া গৰখীয়া

মিছলীয়া গৰখীয়া

এসময়ত কোনাে এখন গাঁৱত এজন বৰ অঘাইতং ল’ৰাই বাস কৰিছিল। ল’ৰাজনৰ এটাই প্রধান কর্তব্য আৰু সেইটো হৈছে গাঁৱৰ গৰুবােৰ নি পাহাৰৰ নামনিত চৰাব লাগে। সি সুন্দৰকৈ বাঁহী বজাবও জানে। গতিকে দিনটো সি বাঁহী বজাই, হাঁহি-ধেমালিৰে অতিবাহিত কৰিছিল।

এদিন গৰখীয়া ল'ৰাজনৰ মনত এটা কুট বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবােৰক ঠগিবৰ মনেৰে চিঞৰিবলৈ ধৰিলে –“কোন ক'ত আছ ওলাই আহ, মােক আজি বাঘে খালে। আহ ঐ আহ ...।” তাৰ চিঞৰ শুনি গাঁৱৰ মানুহবােৰে হাতে-হাতে যাঠি-জোং লৈ বাঘক মাৰিবলৈ দৌৰি ওলাই আহিল। তাকে দেখি সি আনন্দতে কিৰীলি পাৰি হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহবােৰৰ বৰ খং উঠিল আৰু সিহঁতে তাক গালি শপনি পাৰি অহা বাটে উলটি গ'ল। সেই ঘটনাটো গাঁৱৰ মানুহে পাহৰি যােৱাৰ পিছত একেটা ধেমালি পুনৰ সি কৰিলে। সেইবাৰাে গাঁৱৰ মানুহে গৰখীয়া ল'ৰাজনক বচাবলৈ হাতে-হাতে যাঠি-জোং লৈ ওলাই আহিল। তাকে দেখি এইবাৰাে গৰখীয়াজনে ৰং পাই হাঁহিবলৈ ধৰিলে। গৰখীয়া ল'ৰাজনৰ ওপৰত এইবাৰো গাঁৱলীয়া ৰাইজৰ খং উঠিল আৰু একেদৰে গালি শপনি পাৰি অহাবাটে উলটি গ’ল।

কিছুদিনৰ পিছৰ ঘটনা। সেইদিনা সঁচাকৈ এটা বাঘে তাক খবলৈ খেদি আহিল। সি সেইদিনা আগৰ তুলনাত পাঁচগুণ জোৰেৰে চিঞৰি চিঞৰি গাঁৱৰ মানুহক মাতিলে। গাঁৱৰ মানুহবোৰ ওলাই অহাৰ পৰিৱর্তে তাক গালিহে পাৰিলে। সেইদিনা তাক বাঘে ডিঙিত ধৰি হাবিৰ মাজলৈ চোঁচোৰাই লৈ গ'ল। গৰখীয়া ল’ৰাজন নিজৰ ভুলৰ বাবে অকালতে ঢুকাল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment