Sunday, April 19, 2026
0 Shares

মাটিৰ তলৰ ধন

মাটিৰ তলৰ ধন

এখন গাঁৱত এজন বুঢ়াই তেওঁৰ চাৰি পুতেকৰ সৈতে বাস কৰিছিল। বুঢ়াজন আছিল সহজ-সৰল আৰু বৰ পৰিশ্ৰমী। আনহাতে বুঢ়াৰ পুতেক চাৰিজন আছিল বুঢ়াৰ বিপৰীত চৰিত্ৰৰ। সিহঁতে দিনৰ দিনটো অতি বহি ত’ত বহি কটায় আৰু বাপেকৰ উপার্জনেৰে পেট প্ৰৱৰ্তায়।

এলেহুৱা পুতেকহঁতক লৈ বুঢ়া বৰ নিৰূপায়ত পৰিল, কোনাে নীতি কথা সিহঁতে নুশুনে। এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিয়ে। মুঠতে বুঢ়াই পুতেক চাৰিজনক কোনাে কামতে ব্যস্ত কৰিব নােৱাৰিলে। লাহে লাহে বুঢ়া বেছি বুঢ়া হৈ আহিল। তেওঁ লৰিব চৰিব নােৱৰা হ'ল। সেইকাৰণে বুঢ়াই এদিন পুতেক চাৰিজনক কাষলৈ মাতি আনি ক’লে– “বােপাইহঁত মােৰ মৃত্যু ওচৰ চাপিছে। মােৰ মৃত্যু হলে তহঁতে চলিব পৰাকৈ মই পথাৰত ধন পুতি থৈছোঁ, তহঁতে খান্দি ল’বি। ইয়াৰ পিছত বুঢ়াৰ মৃত্যু হ’ল।

বুঢ়াৰ সকলাে দহা-সকাম আদি শেষ কৰাৰ পিছত সিহঁতে কোৰ লৈ পথাৰলৈ গ'ল। পথাৰত সিহঁতে এফালৰপৰা মাটিডৰা খান্দি ধন বিচাৰিলে যদিও ফুটা কড়ি এটাও নাপালে। মাটি খান্দোঁতে খান্দোঁতে পথাৰৰ মাটিবােৰ শস্য কৰিবলৈ সাজু কৰাৰ দৰে হ’ল বাবে সিহঁতে তাত বীজ সিঁচি দিলে। এদিন সেই সিঁচি দিয়া বীজৰ পৰা হােৱা শইচ বিক্ৰী কৰি সিহঁতে বহুত ধন পালে। তেতিয়াহে সিহঁতে বুঢ়াৰ কথাৰ আচল অর্থ বুজি পালে। ইয়াৰ পিছত আৰু সিহঁত বহি নাথাকিল। সিহঁতে হাতে-কামে লাগি গৈছিল আৰু এটা সুন্দৰ জীৱন লাভ কৰিবলৈ সক্ষম হৈছিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment