Sunday, April 19, 2026
0 Shares

মগনিয়াৰ বুঢ়া

ৰেলগাড়ীৰ খোটালিতোত অকলে বহি কি যে ভাবি-চিন্তি আছোঁ, মই নিজেই ক'ব নোৱাৰো। মোৰ মুখত থকা চেলেউটোৰ ধোঁৱাবোৰ ওলাই পাক খাই উৰি যাব লাগিছে। মোৰ মনটোও সেইবোৰেৰে সৈতে লগ লগি পাক খাই ক'লৈ উি গৈছে, জানো। মই মাথোন ধোঁৱাবোৰৰ ফালে ৰ-লাগি একেথিৰে চাই আছো আৰু মোৰ মনটো সেইবোৰৰ মেৰত সোমাই উমলি গৈ আছে। ঘোঁৰা দৌৰৰ চকৰত ছুটী মেলি, আকৌ ঘুৰি আহি, প্ৰথমতে যৰপৰা গৈছিল, সেইখিনি পায়হি। মোৰ মন তেনেকুৱা চকৰৰ ভিতৰত সীমাবদ্ধ নহয় যদিও, সোঁৱৰণৰ ফান্দেৰে ফন্দিয়াই তাক অন্ততঃ আকৌ ঘুৰাই চপাই আনিব পাৰিম বুলি জানো। সেইদিনা সি কিন্তু ঘোঁৰা-হাতী কাৰোৰ শাৰীত নাথাকি একেবাৰেই উদঙীয়া ভাং-খোৱা গৰুৱে ইফালে ঢপলিয়ায় সিফালে ঢপলিয়ায়, গোহালিত সোমোৱাটোতো দূৰৰ কথা, গিৰিহঁতে তাক ধৰিবলৈ হাতত পঘা লৈ ঘূৰি ফুৰিলেও, সি গিৰিহঁতৰ চাটকে নসয়; বৰং আৰু সৰহকৈ উচাত্ মাৰি লৰি গৈ খেৰণি বননিত সোমাই নেদেখা হৈ যায়। মোৰো মনৰ তেনে বিপৰ্যয় ঘটিছিল। এনেতে এটা ষ্টেচনত ৰেল গাড়ীখন হঠাত্ ৰোৱা য়েন লাগিল। গাড়ী ৰখোৱা উদ্যোগপৰ্বৰে সৈতে মোৰ চিনাকি ঘটিবৰ অৱসৰৰ গমকে নাপালো। যেই গাড়ীখন ৰ'ল, ততালিকে মোৰ খোটালিৰ সমুখৰ প্লেটফৰ্মৰ পৰা কোনোবাৰ মুখৰ পৰা সুৰীয়া হৈ ওলোৱা এই কেইষাৰ মোৰ কাণত পৰি, মোৰ খেলি-মেলি লাগি থকা দিনৰ সপোনটো ভাগি গ'ল--

"ইন্দ্ৰ বিনা নদী কোন ভৰে। ৰাজা বিনা ছত্ৰ কোন ধৰে।। ৰাম বিনা দুঃখ কোন হৰে। দাতা বিনা দান কোনে কৰে।।" 'হৰি ৰাম! হৰি ৰাম! হৰি ৰাম!'

ডিঙি মেলি চাই দেখিলো, ফটাকানি পিন্ধা আউল-বাউল চুলি আৰু লিংলিঙীয়া পকা ডাঢ়িৰ মগনিয়াৰ বুঢ়া এটাই ক'লা কানি এডোখৰেৰে মেৰোৱা দীঘলীয়া কাকতৰ নুৰা এটা হাতত লৈ মোৰ ফালে চাই, তাৰ গান স্থগিত কৰি চালাম দি তত্ক্ষণাত তাৰ কিবা-কিবি দুখৰ বৃত্তান্তৰবোৰ অতি ব্যগ্ৰভাৱে বৰ্ণাই গৈছে। কিন্তু প্লেটফৰ্মৰ ইমানবোৰ মানুহ ঘূৰি ফুৰিছে, কোনোৱে সেই কথাবোৰ শুনিবলৈ অলপো কৌতূহল প্ৰকাশ নকৰি নিজ নিজ কামত ব্যস্ত হৈ ৰৈছে। তাৰ কথাবোৰ আৰু সেইবোৰ কোৱাৰ গঢ়ৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে সেইবোৰ তাৰ অন্তৰৰ মৰ্মস্থল ভেদি ওলোৱা উহ। তাৰ ভিতৰত পৰৰ অত্যাচাৰৰ বৰ্ণনা আছে; তাৰ নিজৰ দুখৰ বৃত্তান্ত আচে। অত্যাচাৰীৰ ওপৰত কৰা গোচৰৰ বুৰঞ্জী আছে আৰু গোচৰৰ বিচাৰৰ ফলে আন আকাৰ নধৰি কোন আকৃতি ধৰা উচিত আছিল, তাৰ ওপৰত তাৰ নিজৰ মতামত আছে; আৰু শেহত অত্যাচাৰীৰ প্ৰতি কেনে দণ্ডবিধান হ'ব লাগিব তাৰো ফইচলা সি কেনেকৈ কৰি থৈছে সেইটোৰো উল্লেখ সম্পূৰ্ণৰূপে আছে। তাৰ এই মোকৰ্দমাৰ চানি-বিচাৰৰ ভাৰ হাতত লৈ মই তাৰ পৰা যিকেইটা ইছু ধাৰ্য কৰিলো, তাৰ লেখ তল দিওঁ।

১) গুচৰীয়া গণ্ডা জাতৰ মানুহ! (গণ্ডা জাতটো সম্বৰপুৰৰ ফালে অস্পশ্য অৰ্থাত্ ছুব নোপোৱা জাত) ২) তাৰ অনেক মাটি-বাৰী আছিল। সম্প্ৰতি সি লাও-টোকাৰী লোৱা বাটৰ মগনিয়াৰ। ৩) তাৰ গাঁৱৰ গাঁওবুঢ়া বা গাঁওটীয়াৰ নাম ব্ৰজ গাঁওটীয়া। ৪) তাৰ গাঁৱৰ জাকৰৰ নামটো কৈছিল, (লেখকে পাহৰিলে) ৫) তাৰ গাঁৱত বিম্বাধৰ তেলী নামেৰে এটা চহকী তেলীয়া জাতৰ মানুহ আছে। ৬) এই এটাই কেউটাই চক্ৰান্ত কৰাৰ ফলত তাৰ মাটি-বাৰীবোৰ বিম্বা তেলীৰ হাতলৈ গ'ল। ৭) সি কাছাৰিত তাৰ যথাসৰ্বস্ব ভাঙি গোচৰ কৰি একো কৰিব নোৱাৰিলে। তহচিলদাৰ, পাটোৱাৰী এইবোৰক ব্ৰজ গাঁওটীয়া আৰু বিম্বা তেলীয়ে ধন খুৱাই হাত কৰি লৈ তাক সৰ্বস্বান্ত কৰিলে। আৰু সি যে তাৰ মাটি-বাৰী নাপেলিই, তাৰ উপৰি দূৰৈৰ কাছাৰীলৈ অহা-যোৱা কৰি অনেক দিন বাটকুৰি বাই বাই তাৰ কাণসমনীয়া চাৰিটা পুতেক মৰি গ'ল। সেই দুখতে তাৰ এনে লৈলৈ-থৈথৈ অৱস্থা হৈছে। একালত চহকী গৃহস্থ সি, আজি গছৰ তলত থকা ডাল-দৰিদ্ৰ। - এতেকে ৮) ব্ৰজ গাঁওটীয়াক তিনিবছৰলৈ ফাটকত দিব লাগে। ৯) বিম্বা তেলীৰপৰা মাটিৰ দাম আৰু ফচলৰ ৱাজিপ দাম স্বৰূপে সুতেৰে সৈতে সাত হাজাৰ টকা জৰিমনা কৰি ৱাচিম কৰি তাৰ পিছত তেলীক পাঁচ বছৰলৈ ফাটেকত দিব লাগে। ১০) জাকৰটোক ধৰি তাৰ টিকা চেলাই উদং টিকাত ত্ৰিছটা বেতৰ কোব মাৰি তাৰ পিছত এবছৰলৈ তাক ফাটেকত দিব লাগে। এনেকুৱা নকৰিলে চৰকাৰৰ ঘৰৰ আইনৰ সন্মান ৰক্ষা নহয়, অৰ্থাত্ আজিকালিৰ প্ৰচলিত কথাৰে গঢ়েৰে ক'বলৈ গ'লে Law and order অভঙ্গ হৈ সুৰক্ষিত নাথাকে। ১১) সি এতিয়া বুঢ়া আৰু অকৰ্মণ্য হ'ল। সেইদেখি তাৰ মাটি-বাৰী আৰু কেচাৰতৰ টকা-কড়িবোৰ তাক আৰু নালাগে। সি চৰকাৰৰ নিমখ অনেক দিন খাইছে, সেইদেখি সেইবোৰ চৰকাৰে উদ্ধাৰ কৰি লৈ নিজে ভোগ-দখল কৰক। বিশেষতঃ সি জানে যে, চৰকাৰেহে এই বহল ভাৰতবৰ্ষখনৰ ধন-সম্পত্তি আৰু মাটি-বাৰীৰ গৰাকী। সেইদেখি চৰকাৰৰ বস্তু চৰকাৰৰ হাতলৈ যাওক; তাত তাৰ কোনো আপত্তি নাই। কিন্তু ন্যায় বিচাৰ কৰি দোষীক যথোচিত দণ্ড দিয়াটো দেখিলেই সি সুখেৰে মৰি যাব পাৰে।

এনেতে গাড়ী এৰি দিলে। মই পইচা এটা তাৰ ফালে দলিয়াই দিলত সি অতি কৃতজ্ঞতাৰে -"হৰি ৰাম! হৰি ৰাম!" বুলি মোৰ ফালে চাই অনেক "চালাম" কৰিলে আৰু মই তাৰ চকুৰ আঁৰ নোহোৱালৈকে সি আমাৰ ফালে চাই থকা দেখিলো।

ষ্টেচনৰ নাম চাছন। এইটো এৰিয়েই পোন্ধৰ মিনিটমানৰ পিছত সম্বলপুৰ পোৱাগৈ যায়। ১৯১৭ খৃষ্টাব্দত মই হাওড়া এৰি কিছুকালৰ নিমিত্তে সম্বলপুৰ নিবাসী হ'বলৈ আহোঁতে হোৱা এইটো ঘটনা। তাৰ পিছৰ পৰা আজি ১৯৩২ খৃষ্টাব্দলৈকে মই সম্বলপুৰত আছোঁ। মই কতবাৰ ঝাসোগোড়া আৰু কলিকতালৈ সম্বলপুৰৰ পৰা অহা-যোৱা কৰিছোঁ। প্ৰত্যেক বাৰতে এি মগনিয়াৰ বুঢ়াক তেনে অৱস্থাত চাছনত পাইছো। তাৰ মুখত আজিও সেই গীত, আৰু হাতত সেই নুৰা বন্ধা কাকত। নুৰাৰ কাকতবোৰ হেনো তাৰ মাটি-বাৰীৰ দলিল পত্ৰ। আজিও তাৰ মুখত সেই গোচৰ, সেই বৃত্তান্ত আৰু সেই ৰায়। মোৰ মনত কোনো সন্দেহ নাই যে সি তাৰ মনতে মোক কোনোবা এজন ডাঙৰ হাকিম বুলি ভাবি লৈছে। কিন্তু এই ইতিবৃত্ত লেখকে হে জানিছে, যে লুইতৰ পানীত তেওঁৰ বঠা কিমান দ-কৈ বহে। হাকিম হৈ কাছাৰীত, হাতোৰা লগা মাচিয়াত বহি, গোচৰৰ ডিগিৰি ডিছমিছ কৰা আৰু তাৰ পিছত গধূলি ঘৰলৈ গৈ হাকিমনী ঘৈণীক মৰমৰ মাতেৰে মাতি, লগুৱাক কুকুৰৰ-পো কটা আৰু হাকিমৰ প্ৰতাপ দেখি স্তব্ধমূৰ্তি হৈ আৰু চকিত নয়নেৰে তেওঁৰ ফাললৈ দৃষ্টিপাত কৰি থক সৰ্বসাধাৰণৰ হজুৰ, দেউতা ইত্যাদি কথা শুনি তেওঁ তেওঁৰ কৰ্ণকুহৰ পৰিতৃপ্ত কৰাৰ ভাগ্য তেওঁৰ কপালত এই জন্মত আৰু নঘটিল। যাওক। সেই মগনিয়াৰ বুঢ়াৰ দিনৌ একেটা গোচৰ আৰু একেটা ৰায়। তাৰ ৰায়টো যাতে এই ভণ্ড হাকিমৰ দ্বাৰাই কাৰ্যত লগোৱা হয় তাৰ চেষ্টাত সি নিগমন। একো একো দিনা সি তাৰ সেই সুবিখ্যাত গানৰ সাল-সলনি কৰি নতুন গীতৰ এডোখৰ-আদডোখৰ গাই তাৰে তাৰ পুৰণি দৰ্খাস্তখনত বহন দি তাক মোৰ আগত পেছ কৰে। সেই নতুন গীতবোৰৰ ভগ্নাংশবোৰ শুনি শুনি মোৰ প্ৰায় মুখস্থ হৈ গৈছে। সি এদিন গায়--

"আস হে, দুঃখীধন নীলমণি! কনাই কনাই বুলি ডাকে তোৰ জননী।।"

আৰু এদিন--

"নন্দৰাজসুত জঞ্জাল নকৰ, মুই যিবি যমুনা।"

আৰু এদিন--

"তোৰ দয়া ধৰম নাহি, তনমে মুখৰা, ক্যা দেখ দৰ্পণমে"। ইত্যাদি

একো একো দিন সি এখন ফটা বাতৰি কাকতৰ পাত এটা হাতত লৈ চকুৰ আগত ধৰি একান্ত মনেৰে ঠিক তাৰেপৰা পঢ়া যেন দেখুৱাই, তাৰ মুখস্থ থকা উৰিয়া কবিৰ ৰচিত পুৰাণৰ পদবোৰ সৰসৰকৰে মাতি যায় আৰু তাৰ পিছত সেই তাৰ পুৰণি নালিচ ৰিজু কৰে। একো একোদিন তাৰ পুতেক কেইটাই গোচৰত লাগি থাকি অশেষ নিকাৰ ভুঞ্জি মৰি যোৱাৰ কথা কওঁতে কওঁতে তাৰ দুচকুৱেদি দুধাৰ পানী বৈ যায়। একো একো দিন ব্ৰজ গাঁওটীয়া, বিম্বা তেলী আৰু জাকৰটোৰ অত্যাচাৰৰ কথা বৰ্ণাওঁতে তাৰ ইমান উষ্মা চৰে যে সি ৰিঙিয়াই ৰিঙিয়াই সিহঁতক গালি পাৰি শাও দিয়ে, ধমকি দিয়ে আৰু ষ্টেচনৰ মানুহে তাৰ কথা শুনি, তাৰ মূৰ্তি দেখি, মিচিককৈ হাঁহি আঁতৰি গুচি যায়। এবাৰ মই তাৰ এই বিষয়টোৰ বিষয়ে অনুসন্ধান কৰিছিলো। জানিব পাৰিলো যে, তাৰ কোনো প্ৰতিকাৰৰ উপায় এতিয়া আৰু নাই। তাৰ যথাসৰ্বস্ব লুটি-পুতি খাই তাৰ এনে অৱস্থা কৰোতাবোৰৰ এটা মৰি গ'ল; আৰু বাকী দুটা আৰু মৰি যোৱাটোৰ ল'ৰা-ছোৱালীবোৰে আজিও সুখেৰে তাৰ মাটি-বাৰী খাই আচে। বেচেৰাৰ গোচৰখন এই পুৰীত কোনেও নুশুনিছিল। মৃত্যুৰ বাহিৰে বেচেৰাক শান্তি দিব পৰা আন কোনো নাই। বপুৰাৰ গোচৰৰ সুবিচাৰ এই পুৰীত কাৰো দ্বাৰাই নহ'ল আৰু হ'বৰ কোনো আশাও নাই। সিপুৰীত হ'বৰ কিবা আশা আছে নে? ওলটা-ৰিঙে সুধিছে--আশা আছেনে? সেইদেখি মগনিয়াৰ বুঢ়াৰে সৈতে সুৰ মিলাই মোৰো গাবৰ মন গৈছে--

ইন্দ্ৰ বিনা নদী কোন ভৰে? ৰাম বিনা দুঃখ কোন হৰে?

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories