Sunday, April 19, 2026
0 Shares

ভাগ্যবান শিয়াল

ভাগ্যবান শিয়াল

এখন হাবিৰ কাষতে থকা বিশাল সেউজীয়া ঘাঁহনিত এটা হৰিণাই আপােনমনে ঘাঁহ খাই আছিল। সেই হৰিণাটো ধৰিবলৈ মনে-মনে এটা ভালুক আৰু এটা সিংহই দুঠাইত বেলেগে বেলেগে চোপ লৈ আছিল। সুযােগ বুজি সিংহ আৰু ভালুকে হৰিণাটোৰ ওপৰত জঁপিয়াই পৰিল আৰু ঠাইতে হৰিণাটো মাৰি পেলালে। মৃত হৰিণাটোৰ ওপৰত এতিয়া দুয়ােজনে অধিকাৰ দাবী কৰিলে। ভালুকটোৱে ক’লে— সিহে হৰিণাটো বধ কৰিছে। গতিকে হৰিণাটোৰ ওপৰত তাৰহে বেছি অধিকাৰ। সিংহটোৱে কলে – “এয়া গােকাট মিছা কথা। হৰিণাটো মােৰ হাততহে নিধন হৈছে। গতিকে মইহে হৰিণটো পাব লাগে।” এটা সময়ত এই তর্কা-তর্কি গৈ হতাহতি আৰু দবৰাদবৰিত পৰিণত হ’ল। ফলত দুয়ােটা প্রাণী আধামৰা হৈ দুঠাইতে পৰি থাকিল। সেইদিশেৰে গৈ আছিল এটা ভাগ্যবান শিয়াল। সি দেখিলে যে মৰা হৰিণ এটা মাজত লৈ দুটা বেলেগ বেলেগ জাতৰ প্রাণী আধামৰা হৈ দুঠাইত চিৎভেঙেলা খাই পৰি আছে। প্রাণী দুটাই লৰচৰ কৰিবলৈও অসমর্থ। এনে অপূর্ব সুযােগ শিয়ালটোৱে হাতৰ পৰা যাব নিদিলে। সি লাহে-লাহে হৰিণটো দূৰলৈ টানি লৈ গ'ল। কিছুসময়ৰ পিছত সেহাই-সেহাই সিংহটোৱে ভালুকটোক ক'বলৈ ধৰিলে– “চোৱা ভালুক, আমাৰ নিজৰ ভুলৰ কাৰণে আজি আমাৰ চিকাৰ বেলেগে অলপাে কষ্ট নকৰাকৈ আৰামত বহি বহি খাব পালে।” “সকলাে আমাৰ মূর্খতাৰ ফল।”-ভালুকে ক'লে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment