Sunday, April 19, 2026
0 Shares

ভক্তিৰ শক্তি

স্বয়ম্ভু মুনিৰ পুত্ৰ উত্তানপাদ কুশাৱর্ত দেশৰ বর্ষেশ্বতী নগৰৰ একচ্ছত্রী ৰজা আছিল। এইগৰাকী ৰজাৰ দুগৰাকী ৰাণী আছিল। ডাঙৰ গৰাকী ৰাণীৰ নাম আছিল সুনীতি আৰু সৰু গৰাকীৰ নাম আছিল সুৰুচি। ৰজা উত্তানপাদে সুনীতিকৈ সৰু ৰাণী সুৰুচিক বেছি ভাল পাইছিল। গতিকে, ৰজাৰ দৃষ্টিত সুৰুচি আছিল লাগী আৰু সুনীতি আছিল এলাগী। সময়ত দুয়ােজনী ৰাণীৰ দুটি পুত্র সন্তান ওপজিছিল। এলাগীৰ পুত্ৰটিৰ নাম ধ্ৰুৱ আৰু লাগীৰ পুত্ৰৰ নাম উত্তম ৰখা হয়। বয়সৰ অনুপাতে উত্তমতকৈ সুনীতিৰ পুত্র ধ্ৰুৱ কিছু দিনৰ ডাঙৰ আছিল।

এদিন উত্তানপাদ ৰজাই ৰাজসিংহাসনত বহি পাত্র-মন্ত্রী আৰু আন আন কর্মচাৰীসকলৰ লগত কথা বতৰাত ব্যস্ত আছিল। ৰজাৰ কাষতে পুত্র উত্তমক লৈ ৰাণী সৰুচিয়ে ল’ৰাৰ ৰেহৰূপ চাই বহি আছিল। ৰজায়াে মাজে সময়ে উত্তমক লৈ হাঁহি-ধেমালি কৰি থকা দেখি ধ্ৰুৱ দৌৰি আহি পিতৃৰ কোলাত বহিবলৈ হাত মেলিলে। তেনে অৱস্থাত মাহীমাক সুৰুচিয়ে ধ্ৰুৱক নানান গালি-শপনি পাৰি তাক তাৰপৰা খেদি পঠিয়ালে। আনকি ধ্ৰুৱক সুৰুচিয়ে এইবুলিও ক'লে– যদি তুমি ৰজাৰ কোলাত বহিবলৈ ইচ্ছাই কৰা তেতিয়াহ'লে মােৰ গৰ্ভত জন্ম নল’লা কিয়? এনে ধৰণৰ নানা কটুকথাৰে সুৰুচিয়ে ধ্ৰুৱক মানসিক আঘাত দিলে। ধ্ৰুৱই কান্দি কান্দি উভতি অহা দেখি মাকে তেওঁক কন্দাৰ কাৰণ সুধিলে। পুত্র ধ্ৰুৱই মাকক সকলাে কথা বিৱৰি ক'লে। মাকে ধ্ৰুৱৰ চকুপানী মচি দি ক'লে– নাকান্দিবা বাচা। আমাৰ এই দুখ হৰিয়ে দূৰ নকৰিলে আন কোনেও দূৰ কৰিব নােৱাৰে। তুমি হৰিক আৰাধনা কৰাগৈ।

মাকৰ কথা মতে ধ্ৰুৱই তপােবনলৈ গৈ হৰিক আৰাধনা কৰিবলৈ ধৰিলে। বাটতে নাৰদে লগ পাই তেওঁক ‘ক'লৈ যােৱা’ বুলি সুধিলে। ধ্ৰুৱই সকলাে কথা বিৱৰি ক'লে। নাৰদে পাঁচ বছৰীয়া শিশু ধ্ৰুৱক বুজাই বঢ়াই ঘৰলৈ ওভতাই পঠিয়াবলৈ চেষ্টা কৰিলে যদিও সফল নহ’ল। অৱশেষত উপায় নাপাই নাৰদে ধ্ৰুৱক উপাসনা, আসন, প্রাণায়াম সকলাে মন্ত্র শিকাই বুজাই তপােবনলৈ পঠিয়ালে। ধ্ৰুৱয়াে সেইমতে হৰিক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে। ধ্ৰুৱই খােৱা-বােৱা সকলাে বাদ দি একাণপতীয়াভাৱে হৰিক আৰাধনা কৰাত লাগিল। অৱশেষত ধ্ৰুৱৰ আৰাধনাত হৰি সন্তুষ্ট হ’ল আৰু দেখা দি ক'লে, ধ্রুৱ! তােমাৰ আৰাধানত মই বৰ সন্তুষ্ট, কোৱা তােমাক কি বৰ লাগে। ধ্ৰুৱই হৰিক মনৰ সকলাে দুখ বিৱৰি কলে। হৰিয়ে ধ্ৰুৱক মূৰত ধৰি আশীর্বাদ দি ক'লে– বর্তমান তুমি নিজ পিতৃ ৰাজ্যলৈ উভতি যােৱাগৈ। তােমাৰ স্থান সকলােৰে ওপৰত। এক হাজাৰ বছৰ কাল তুমি পৃথিৱীতে ৰাজ্য চলাই থাকাগৈ। ৰজা বৃদ্ধ হৈ আহিছে। তােমাৰ ভাতৃ উত্তমে মৃগয়া কৰিবলৈ বনলৈ যাব আৰু যক্ষই তাতে তেওঁক বধ কৰিব। পুত্র শােকত মাকেও প্রাণ ত্যাগ কৰিব। গতিকে তুমিয়ে তাত ৰাজকার্য চলাব লাগিব। সহস্র বছৰৰ পিছত তােমাক স্বর্গত নির্মাণ কৰা ধ্ৰুৱলােকলৈ অনা হ’ব।

তাৰ বাবেই আজিও উত্তৰ আকাশত ধ্ৰুৱ নিজ জ্যোতিৰে জ্যোতিম্মান হৈ আছে। সচাঁকৈয়ে ভক্তিৰ সমান শক্তি অন্য একো নাই। ভক্তিৰ বলত ধ্ৰুৱই অসাধ্য সাধন কৰিব পাৰিছিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment