Sunday, April 19, 2026
0 Shares

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

    আজিকালি বিদ্যাৰ চৰ্চ্চা জগতময়, সেই দেখি পুথিৰ সংখ্যাও সৰহ। কিন্তু উদ্‌গতি বিচৰা মানুহৰ পক্ষে সকলো বিধ পুথি গুণকাৰী নহয়। উদ্‌গতি কৰিবলৈ মানুহক আদিতে এটা সুগম পথ লাগে। যি পুথিত সেই সুগম পথ পোৱা যায় তেনে পুথি পঢ়িলেহে উপকাৰ হয়। উদ্‌গতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান। উদ্‌গতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই, তেওঁ সৰহ ভাগ মানুহৰ দুৰ্গতি দুৰৱস্থা হে দেখা যায়। ইয়াৰ কাৰণ এই যে উদ্‌গতি কৰিবলৈ সকলোৱে ভাল পথ বিচাৰি উলিয়াব নোৱাৰে। পৃথিৱীত উদ্‌গতিৰ পথ বহুত আছে, কিন্তু সেইদৰে অধোগতিৰ পথো বহুত আছে। কিছুমান মানুহে কোনটো উদ্‌গতিৰ,আৰু কোনটো অধোগতিৰ পথ তাক চিনিব নোৱাৰি, অধোগতিৰ পথ উদ্‌গতিৰ পথ যেন বিবেচনা কৰি, সেই পথত চলিবলৈ আৰম্ভ কৰে। শেষ ফলত সিহঁতে উদ্‌গতিৰ অময়াপুৰিৰ সলনি দুৰ্গতিৰ ধামখুমীয়াত পৰে। উদ্‌গতিৰ আচল পথ বিচাৰি পালেও যে তাত সুকলমে চলি যাব পাৰি, সিও নহয়। সেই পথত বহুত বিঘিনি আছে, সেই বিঘিনিবোৰে সংসাৰ যাত্ৰীক আদ্‌বাটতে চৌঠেঙ্গীয়া কৰে। বুদ্ধিৰ বলত বা চতুৰালিৰ গুণত কিছুমান বিঘিনি পাৰ হৈ গ'লেও ,আন কিছুমান আহি যাত্ৰীৰ পথ আগচি ধৰে। এটাইবোৰ বিঘিনি পাৰ হৈ উদ্‌গতিৰ মোহন মন্দিৰত প্ৰবেশ কৰা বৰ টান কাম, কিন্তু বৰ লোকৰ চৰিত্ৰ পাঠ কৰিলে সেই কাম উজু হয়, কাৰণ তাত উদ্‌গতিৰ পথ,আৰু তাৰ বিঘিনি তৰিবৰ উপায় দুয়োকো পোৱা যায়।

       একে উচালে কোনেও জগতত উদ্‌গতিৰ ওখ টিঙ্গত উঠিব নোৱাৰে। কোনো কোনো মানুহে কেতিয়াবা সুঘটনাৰ গুণত আনে আৰ্জি থোৱা বিভূতিৰ গৰাকী হৈ, সেই বিভূতিৰ বলত ডাঙ্গৰ মানুহ বোলায়, কিন্তু তেনেকুৱা ঘটনা সংসাৰত অলপহে ঘটে। বিশেষত পৰে আৰ্জি থোৱা ধনেৰে ডাঙ্গৰ হ'লে তাত পুৰুষালি নাই, নিজৰ বাউসিৰ বলেৰে যি ডাঙ্গৰ হয় সেই পুৰুষ হে ধন্য। আৰু ধন হ'লেই যে মানুহৰ সম্পূৰ্ণ উদ্‌গতি হ'ল এনে বুলি ধৰাও উচিত নহয়। ঐশ্বৰ্য্য বিভূতি উদ্‌গতিৰ এটা অঙ্গ মাথোন; তাৰ লগত আৰু কেইবাটাও অঙ্গ গোট খালেহে উদ্‌গতিৰ অবয়ব পূৰ হয়। পূৰ্ণ উদ্‌গতি বহুত পুৰুষাৰ্থ কৰি, আৰু বহুত খকা খুন্দা খাই হে লাভ কৰিব পাৰি। এইদৰে পুৰুষাৰ্থৰ গুণত ডাঙ্গৰ হোৱা মানুহৰ জীৱন চৰিত্ৰ পাঠ কৰিলে, তেওঁ কোন বাটৰে উদ্‌গতি কৰিছিল, আৰু সেই বাটৰ বিঘিনিবিলাক কেনেকৈ তৰিছিল এই সকলো কথাৰ আঁতিগুৰি পোৱা যায়।

       মানুহৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুসৰি উদ্‌গতিৰ বাট ভিন ভিন হয়। একেটা বাটেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো বাট সুগম সি সেই বাট লোৱা উচিত। উদ্‌গতি পথৰ নতুন যাত্ৰীয়ে বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰে। কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভু পোৱা যায়, এই বাটবোৰৰ ভিতৰত যিটো সুচল বোধ হয় তাকে যাত্ৰীয়ে লোৱা উচিত।

       সকলো কাম আদিতে দুষ্কৰ যেন লাগে, কিন্তু এজনে এদিন সমুখত কৰি দেখুৱালে সেই কাম উজু হয়। এই নিমিত্তে সকলো কামত আদিতে এজন শিক্ষকৰ প্ৰয়োজন। শিক্ষকৰ মুখে নিশিকাকৈ কোনেও কোনো কামত নিখুঁতি পাৰ্গতালি লাভ কৰিব নোৱাৰে, নিশিকাকৈ ৰান্ধনীয়ে ৰান্ধিব নোৱাৰে, নিশিকাকৈ বোৱনীয়ে ব'ব নোৱাৰে, আন কি, নিশিকাকৈ হালোৱায়েও হাল বাব নোৱাৰে। এনেবোৰ অনুৰূপীয়া কামতেই যদি একোজন শিক্ষক লাগে,তেনেহ'লে উদ্‌গতিৰ টান কামত যে শিক্ষক নহ'লে নচলে ইয়াক এনেই বুজিব পাৰি। উদ্‌গতিৰ পথত সুকলমে চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন হয়। বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰিলে তেনেকুৱা শিক্ষক পোৱা যায়,অৰ্থাৎ যাৰ চৰিত্ৰ পাঠ কৰা তেওঁ তোমাৰ শিক্ষকৰ নিচিনা আৰু তেওঁৰ কাৰ্য্যবিলাক উপদেশৰ নিচিনা হয়।

       উদ্‌গতিৰ পথত বহুত হুল জোং আছে, আকাংক্ষাৰ চোকা ৰাগীত পৰি মতলীয়া নহ'লে কোনেও তালৈ বেগেতে আগ নাবাঢ়ে। উদ্‌গতি কৰি ডাঙ্গৰ হ'বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱঁলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে,কিন্তু তেনেকুৱা ধুৱঁলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদ্‌গতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ'ব লাগে, তেহে উদ্গতি পথৰ বিকট বাধাবোৰৰ সমুখ হ'ব পাৰি। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে। উদ্‌গতিৰ দৃষ্টান্ত দেখিলে, আৰু সেই বিষয়ে সদায় আন্দোলন কৰিলে, মানুহৰ মনত তেনে বিধৰ আকাংক্ষাৰ উদ্ভৱ হয়। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা। শস্যক্ষেত্ৰত যেনেকৈ হালোৱাই হালৰ গৰুক আগুৱাই যাবলৈ খুঁচি দিয়ে, কাৰ্য্যক্ষেত্ৰতো সেইদৰে দৃষ্টান্তই মানুহৰ মনক উদ্‌গতিৰ পথত আগুৱাই যাবলৈ খুঁচি দিয়ে। বৰ লোকৰ চৰিত্ৰ উদ্‌গতি চেষ্টাৰ এটা দৃষ্টান্ত, তাক পঢি়লে মানুহৰ তেনেকুৱা হ'বলৈ বাঞ্ছা জনমে, আৰু নিতৌ তাকে পঢ়ি থাকিলে বাঞ্ছাৰ তেজ অনুক্ৰমে বৃদ্ধি হৈ অৱশেষত সি উদণ্ড আকাংক্ষাত পৰে। ভাল নাটক পঢি়লে পঢ়োঁতাৰ মনত নাটকৰ নায়ক এটা আৰ্হি হৈ উঠে; সি সেই নায়কৰ নিচিনা হ'বলৈ ইচ্ছা কৰে। চৰিত্ৰ পুথিও এবিধ নাটক মাথোন, আৰু যাৰ চৰিত্ৰ, তেওঁ সেই নাটকৰ নায়ক। যদি অসাৰুৱা নাটকৰ নায়কে পাঠকৰ মন অধিকাৰ কৰিব পাৰে, তেনেহলে চৰিত্ৰ পুথিৰ নায়কে নোৱাৰিবৰ একো কাৰণ নাই। আনৰ মহতালি দেখিলে, দেখোঁতাৰ মনত তেনেকুৱা মহৎ হ'বলৈ ইচ্ছা জন্মে। ই মানুহৰ স্বভাৱ। নাটকৰ নায়কৰ পুৰুষালি দেখি পঢ়োঁতাৰ মন উতলা হয়,আৰু তেনেকুৱা পুৰুষালি লাভ কৰিবলৈ ইচ্ছা জন্মে। উদ্‌গতি কৰা মানুহৰ চৰিত্ৰ পঢ়িলেও সেইদৰে উদ্‌গতি কৰি ডাঙ্গৰ হ'বলৈ ইচ্ছা জন্মে।

       উদ্‌গতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙ্গৰ আৰ্হি থিৰ কৰি লোৱা উচিত। ডাঙ্গৰ আৰ্হিয়ে মানুহৰ মন ডাঙ্গৰ কৰে ,আৰু ডাঙ্গৰ পদলৈ অভিলাষ জন্মায়। যি ডাঙ্গৰ আৰ্হি দেখা নাই, সি সামান্য পদকে ডাঙ্গৰ বুলি ভাবে। সাগৰ নেদেখা মানুহে বিলকে ডাঙ্গৰ জলাহ যেন বিবেচনা কৰে। সেইদৰে নিধনী দেশত সহস্ৰপতিয়ে অতুল ধনী, আৰু মূৰ্খ দেশত আখৰ পঢ়িব পাৰিলেই পৰম পণ্ডিত নাম পায়। কিন্তু যি বিদগ্ধ পণ্ডিত আৰু প্ৰবল ধনী দেখা পাইছে, তাৰ মন ডাঙ্গৰ হয়, সি কদাপি অলপীয়া ধনত বা অলপীয়া বিদ্যাত সন্তুষ্ট হৈ থাকিব নোৱাৰে; এতেকে উদ্‌গতি বিচৰা মানুহৰ আৰ্হি সদায় ডাঙ্গৰ হোৱা উচিত। আৰ্হিৰ উপযুক্ত লোক জগতত বহুত আছে, কিন্তু তেওঁলোকক হাতে হাতে লগ পাবলৈ টান,সেই দেখি মানুহে তেওঁলোকৰ চৰিত্ৰ পাঠ কৰি মনত উচ্চ আৰ্হি যতনাই লয়।

       বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ ফল পোৱা নাযায়। বুৰঞ্জীত এটা জাতিৰ কাৰ্য্যকলাপ আৰু সিহঁতৰ উদ্‌গতি অধোগতিৰ বিৱৰণ মাথোন থাকে, কোনো এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে। চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণোৱা হয়, গতিকে তাক পঢ়িলে সেই জন মানুহৰ জীৱনৰ আদি অন্ত সমস্ত কাহিনী জানিব পাৰি। এজন বৰলোকৰ ঘাই কাম কেইটাৰ বিৱৰণ জানি থ'লেই চৰিত্ৰ পাঠৰ সম্পূৰ্ণ ফল পোৱা নাযায়, তেওঁৰ সৰু সৰু কামবোৰৰো সবিশেষ জনা উচিত। সৰু সৰু কামৰ পৰাহে মানুহৰ স্বভাৱ লক্ষ্য কৰিব পাৰি। যি জন মানুহক তুমি জীৱনৰ আৰ্হি কৰি লোৱা, তেওঁৰ শোৱন খাৱনৰ ৰীতিনীতি, আলাপ অভ্যৰ্থনাৰ নিয়ম প্ৰণালী সকলোবোৰকে জানি ল'ব লাগে। নিজৰ জীৱনৰ কোনো কথা যেনে তোমাৰ অবিদিত নাই,সেইদৰে তোমাৰ আৰ্হি মানুহ জনৰো কোনো কথা অবিদিত থাকিব নালাগে। আৰ্হি মানুহজন তোমাৰ পক্ষে আৰ্চি যেন হোৱা উচিত,তেহে তেওঁৰ দৃষ্টান্ত অনুসৰি চলিব পাৰিবা। বুৰঞ্জীৰ পৰা কোনো মানুহৰ ইমান খিনি সূক্ষ্ম বিৱৰণ জানিব নোৱাৰি।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories