Sunday, April 19, 2026
0 Shares

বিশ্ব অধ্যয়ন

পুথিৰ প্ৰধান বিশ্ব। এই পুথিৰ ৰচক ঈশ্বৰ। বিশ্ব পুথি পাঠ কৰি সকলো প্ৰকাৰ জ্ঞান লাভ কৰিব পৰা যায়। আগৰ কালৰ পণ্ডিতবিলাকে এই পুথি পাঠ কৰি অক্ষয় জ্ঞানৰ ভৰাল বান্ধিছিল। উদ্‌গতি পথৰ যাত্ৰীবিলাকৰ পক্ষে বিশ্বই পাঠৰ ঘাই বিষয়। বিশ্ব-পুথি পাঠ কৰি, কোনেও কদাপি শেষ কৰিব পৰা নাই। বিশ্ব পাঠ বিজ্ঞান পাঠৰ অন্তৰ্গত। বিশ্বৰ নানা ভাগ আছে,তাৰ একোটা ভাগেই একো বিধ বিজ্ঞান হৈছে। বিশ্ব-পুথি মানুহে ৰচা পুথিৰ নিচিনা নহয়। মানুহে পুথি ৰচিলে তাত কথাবিলাক বিবৰি ব্যাখ্যা কৰে, কিন্তু বিশ্ব পুথিত সকলো কথা আদিৰ পৰা অন্তলৈ অভিনয় কৰি দেখুৱাইছে। আচল মতে বিশ্ব এটা নাট মন্দিৰ, তাত উৰণ, বুৰণ, গজন, ভ্ৰমণ কেইও জাতি জীৱই নানা বিধ ভাও দি নিজ নিজ তত্ত্ব বিদিত কৰিছে। বিশ্বৰ প্ৰত্যেক বস্তুই একোটা নায়ক,আৰু তাৰ জীৱনটো একোখন নাট। নায়কে তাৰ জীৱনৰ পাতনিৰ পৰা সামৰণিলৈকে সকলো বৃত্তান্ত অভিনয় কৰি দেখুৱায়। এই অভিনয় মন দি চালে বিজ্ঞান শিক্ষাৰ ফল পোৱা যায়। ল'ৰাক ফলাৰ আখৰ চিনাবলৈ আজি কালি মানুহে অনেক ধেমেলীয়া উপায় উলিয়াইছে, কৰ নিচিনা কেঁকোৰা সাজিছে, গৰ নিচিনা গাধ সাজিছে, সেয়েৰেহে অধ্যাপকে ল'ৰাক আখৰ শিক্ষা দিয়ে। ঈশ্বৰেও মানুহক জ্ঞান শিক্ষা দিবৰ নিমিত্তে নানা বিধ বস্তু নিৰ্ম্মাণ কৰিছে। আমি সেই বস্তুবোৰৰ তত্তব বিচাৰ কৰি জ্ঞান আৰু আনন্দ দুয়োকে লাভ কৰিব পাৰোঁ।

ৰচক বিদ্যা বুদ্ধি অনুসাৰে পুথি সাৰুৱা বা জাবৰুৱা হয়। ঈশ্বৰ বিদ্যা বুদ্ধিৰ আদি আৰু অন্ত, তেওঁ বিদ্যাময়, বুদ্ধিময়, আৰু জ্ঞানময়, এতেকে তেওঁ ৰচা বিশ্ব যে সাৰময় পুথি, তাক এনেই বুজিব পাৰি। এই বিৰাট পুথি পাঠ কৰিলে সকলো জ্ঞানৰ সাৰ পোৱা যায়। নীতি শিক্ষাৰ নিমিত্তে চাণক্য, বিধি শিক্ষাৰ নিমিত্তে মনু বা ধৰ্ম্ম শিক্ষাৰ নিমিত্তে পাতঞ্জলি চৰ্চ্চা কৰিবৰ কোনো সকাম নাই। পুৰুষাৰ্থ কৰিলে নীতিৰ নেতা, বিধিৰ বিধাতা, আৰু জ্ঞানৰ সমষ্টি বিশ্বকৰ্ত্তাৰ কাৰ্য্যৰ পৰা সকলো শিক্ষা লাভ কৰিব পাৰি।

 বিশ্ব পুথিত উজু আৰু টান দুই বিধৰ পাঠ আছে। পৃথিৱীত জীৱন ধৰিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন হয়, তাক বিশ্বৰ উজু পাঠ পঢ়িয়েই লাভ কৰিব পাৰি। সূৰ্য্য বুৰিলে আন্ধাৰ হয়,আৰু চৰাই চিৰকটি বাহলৈ যায়। ইয়াৰ পৰা বুজিব পাৰি যে, ৰাতিৰ কাল জিৰিণিৰ সময়,কামৰ সময় নহয়, এতেকে তেতিয়া কাম এৰি জিৰণি লোৱা উচিত। পুৱা সকলো প্ৰাণীয়ে টোপনি এৰি আপোন আপোন কামত ধৰা উচিত। জন্তুবিলাকে আহাৰ আনি পোৱালিক খুৱাই ডাঙ্গৰ কৰে, আমিও সেইদৰে ধন আৰ্জি নিজৰ ল'ৰা-ছোৱালীক লালি পালি ডাঙ্গৰ কৰিব লাগে। টিপচী চৰায়েও নিজৰ পোৱালিক কাউৰী চিলনীৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে মানুহও সিঁহতৰ ল'ৰা-ছোৱালীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা উচিত। এজনী কাউৰী বিপদত পৰিলে হাজাৰ কাউৰীয়ে ৰমলিয়াই কোৰ্হাল কৰে,আৰু তাইক সৰুৱাবলৈ চেষ্টা কৰে। সেইদৰে মানুহৰো এজন বিপদত পৰিলে সকলোৱে গোট খাই তাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। পুৱায় উঠা গালৈ ভাল, এই কথা শিকিবলৈ চৰক সুশ্ৰুত পঢ়িবৰ সকাম নাই, নিশাৰ আন্ধাৰ আঁতৰ হ'লেই শালিকী কাউৰীয়ে তাক শুনাই দিয়ে। দুখ কৰিলেহে মুখ ভৰে, ইয়াক শিকিবলৈও পণ্ডিত নালাগে, জগতৰ সকলো প্ৰাণীয়েই ৰিঙ্গিয়াই ইয়াৰ জাননী দিছে।

 বিশ্ব পুথিৰ এটাইবিলাক পাঠ এনেকুৱা উজু নহয়,তাত কিছুমান টান পাঠো আছে,দকৈ গমি নাচালে সেইবিলাক পাঠৰ আচল মৰ্ম্ম বুজিব নোৱাৰি। এজোপা গছত ঘৈয়াই ঘা কৰি থ'লে সেই ঘা কিছুমান দিনৰ মূৰত আপোনা-আপুনি পূৰ হয়, মাটিত গাঁত খানি থ'লে সিও কালত আপোনা-আপুনি মাৰ যায়। প্ৰকৃতিৰ এইবিলাক কাৰ্য্য সাধাৰণ তৰপৰ মানত সামান্য যেন লাগে ,কিন্তু চিন্তাশীল মানুহে তাৰ পৰা প্ৰকৃতিৰ ক্ষতিপূৰণ স্বভাৱ আৱিষ্কাৰ কৰি ৰোগ চিকিৎসা বিষয়ত বহুত বহুমূলীয়া নিয়ম প্ৰণালীৰ ব্যৱস্থা কৰিছে। আম সৰিলে মাটিতে পৰে,এই কথাও সকলোৱে দেখিছিল, কিন্তু তাৰ তত্ত্ব বিচৰা নাছিল, আৰু সেই দেখি তাৰ পৰা একো শিক্ষাও পোৱা নাছিল। পাচত এজন চিন্তাশীল মানুহে তাৰ তত্ত্ব বিচাৰ কৰি পৃথিৱীৰ মাধ্যাকৰ্ষণ আৱিষ্কাৰ কৰিলে। আচল কথা এই যে তদ্‌গত মনেৰে পাঠ নকৰিলে বিশ্ব পুথিৰ বহুত পাঠৰ ধাতু ধৰিব নোৱাৰি। বিশ্ব পুথিৰ পৰা জ্ঞান গোটাব খুজিলে তাক একাণপতীয়া হৈ অন্য আলজাল এৰি দি পাঠ কৰিব লাগে। যিবিলাক পণ্ডিতে বিশ্ব পাঠ কৰি ডাঙ্গৰ ডাঙ্গৰ কথা আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ পাঠৰ প্ৰণালী তেনেকুৱা আছিল। আজিকালি বহুত পণ্ডিতে গছ-গছনিৰ তত্ত্ব বিচাৰি বা পশু-পক্ষীৰ স্বভাব চাই সংসাৰৰ আন চিন্তা পৰিত্যাগ কৰি হাবিয়ে হাবিয়ে দেশে ফুৰাব লাগিছে, কোনোৱে বা গ্ৰহ-উপগ্ৰহৰ গতি বিধি নিৰীক্ষণ কৰি, ৰাতি জাগি জীৱন কটাইছে। পণ্ডিতবিলাক এইদৰে প্ৰাকৃতিক ঘটনাৰ মূল তত্ত্ব বিচাৰ কৰি অনেক শিক্ষা লাভ কৰিছে। মানুহৰ মুখৰ পৰা বা মানুহৰ ৰচিত পুথিৰ পৰা যি শিক্ষা পোৱা যায়, তাৰ মৰ্ম্ম সময়ে সময়ে পৰিবৰ্ত্তন হয়। যি কথা মানুহে এক সময়ত গধুৰ জ্ঞানগৰ্ভ বুলি বিশ্বাস কৰে,সেই কথাও কালত গৈ মিছা বা অমূলক হয়। আগৰ দিনত চট্‌ফটাই ফুৰিলে মানুহে ভাল নুবুলিছিল, চট্‌ফটীয়াক পাতল বুলি নিন্দা কৰিছিল। কিন্তু আজিকালি শিক্ষিত তৰপৰ ভিতৰত চট্‌ফটীয়া মানুহৰ বৰ আদৰ, তেনে মানুহক উৎসাহী আৰু কামিলা বুলি সকলোৱে প্ৰশংসা কৰে। আগৰ দিনত আন মানুহৰ ঘৰলৈ গ'লে চাল বাৰ কেনিও নাচাই থিৰ হৈ বহি থকা নিয়ম আছিল, কিন্তু আজি কালি তেনে নিয়ম কোনেও নবখানে। এতিয়াৰ মানুহৰ বিবেচনাত যি ঠাইলৈ যোৱা যায়, তাৰ চাৰিও চুক চাই য'ত যি আছে সকলোৰে ভু-ভা আতি-গুৰি লৈ অহাহে উচিত। এইদৰে আগৰ কালৰ বহুত কথা এতিয়া লৰচৰ হৈছে, কিন্তু বিশ্ব পুথিৰ কথা লৰচৰ নাই। বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখ। পানী কেতিয়াও উজাই নবয়, কলৰ কেতিয়াও দোথোক নপৰে। ইয়াৰ বাজেও, বিশ্ব পুথিৰ শিক্ষাৰ পাহৰণ নাই। বিশ্ব সততে সমুখত আছে, সেই দেখি তাৰ উপদেশবোৰ সদায় আওৰাই থকা হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories