Sunday, April 19, 2026
0 Shares

বামুণৰ ভাগ্য

এক বামুণ আছিল৷ তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটাচেৰেক ল’ৰা-ছোৱালী৷ বামুণৰ বৰ দুৰৱস্থা, ধন-সম্পত্তি বা ধান-চাউল একো নাই৷ তেওঁ কাম-কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায়; কিন্তু তাৰে নো এঘৰোৱাহ মানুহৰ কেইদিন চলিব পাৰে? মাজে মাজে বামুণ সপৰিবাৰে লঘোনে-ভোকে থাকিব লগাত পৰে৷ এনেকুৱা ঘটনা যে কেতিয়াবা হে হয় এনে নহয়, মাহৰ ভিতৰত প্ৰায় পোন্ধৰ দিন৷ বামুণ-বামুণীৰ দুখ-বেজাৰৰ সীমা নাই৷ এদিন বামুণীয়ে গিৰিয়েকক ক’লে, “এটা কথা কৰাচোন, এদিন বিধতাৰ তালৈকে যোৱাঁচোন; বিধতাক সোধাঁগৈ আমাৰ কপলাতনো তেওঁ আৰু দুখকে হে লেখিব পায়নে?” এই কথা শুনি বামুণেও ক’লে, “এৰা ভাল কৈছা, কাইলৈকে যাওঁ, বিধতাই নো আমাৰ কপালত কিয় ইমানকৈ দুখ লেখিছে তাকে তেওঁক সুধি চাওঁগৈ৷” এইদৰে বামুণ-বামুণীয়ে কথা-বতৰা হৈ, বামুণে বিধতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখে-কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুৰিৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধতাক বিচাৰি যাবলৈ ধৰিলে৷

সেইদৰে গৈ থাকোঁতে বামুণে কিছুমান দূৰত এহাল মহে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্ৰকে মহহালে যুঁজিবলৈ এৰি বামুণ ক’লৈ যায় সুধিলে৷ বামুণে “বিধতাৰ ওচৰলৈ যাওঁ” বোলাত, মহহালে ক’লে, “তেনেহলে আমাৰো একেষাৰ কথা সুধিবচোন,-আমাৰ আজি উপজিবৰ কত দিন হ’ল, সেই দিন ধৰি এই একে ডোখৰ ঠাইতে আমি যুঁজিব লাগিছোঁ, তথাপি কোনোমতেই আমাৰ যুঁজখন ভগা নাই৷ ইয়াৰ নো কাৰণ কি বিধতাক সুধিবচোন৷” বামুণে “বাৰু” বুলি আকৌ যাবলৈ ধৰিলে৷ এইদৰে গৈ থাকোঁতে বামুণে কিছুমান পৰৰ মূৰত এজোপা আমগছ পালেগৈ৷ বামুণক সেইপিনে যোৱা দেখি গছজোপাই “দেউ, ক’লৈ যায়?” বুলি সোধাত বামুণে “বিধতাৰ ওচৰলৈ যাওঁ”বুলি ক’লে৷ সেই কথা শুনি গছজোপাই ক’লে, “অনুগ্ৰহ কৰি মোৰ হৈয়ো দুষাৰমান কথা বিধতাক সুধিবচোন৷ মোৰ ইমান আম হয় তথাপি তাৰ এটা আমও মানুহে খাওক ছাৰি এটা চৰায়েও নেখায়৷ ইয়াৰ নো কাৰণ কি?” বামুণে “বাৰু সুধিম” বুলি আকৌ যাবলৈ ধৰিলে৷ সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ৷ কিন্তু তাত নাও-দুনি একো নাই, মাত্ৰ এটা ঘৰিয়াল পানীত ওপঙিব লাগিছে৷ বামুণক দেখি ঘৰিয়ালে “বাপুদেউ ক’লৈ বা যায়?” বুলি সোধাত বামুণে ক’লে, “বিধতাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ; এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ?” এই কথাত ঘৰিয়ালে ক’লে, “যদি মোৰ হৈও এটা কথা বিধতাক আপুনি সোধে তেনেহলে মই আপোনাক পিঠিতকৈ পাৰ কৰিব পাৰোঁ৷” বামুণে “কি কথা কোৱাঁ” বোলাত ঘৰিয়ালে কবলৈ ধৰিলে-“ উপজিবৰেপৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ৷ ইয়াৰ নো কাৰণ কি সুধি আহিবচোন৷” বামুণে “বাৰু” বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি লৈ নৈ পাৰ কৰি দিলে৷ বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুৰি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে৷ সেইদৰে গৈ বামুণ বিধাতাৰ ওচৰ পালেগৈ৷ বিধাতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ-দুৰ্দ্দশাৰ কথা ভাঙিপাতি ক’লে৷ তাৰ পিছত বামুণে আগৰ কথামতে ক’লে,-“বাটত আহোঁতে এহাল মহৰ যুঁজ লাগি থকা দেখিলো একোটিকালে সিহঁতৰ যুঁজ নেভাগে; ইয়াৰ নো কাৰণ কি?” বিধতাই ক’লে, “সিহঁতৰ যুঁজ লগা ঠাইডোখৰত একলহ ৰূপ আছে, সেই ৰূপ কলহ তুমি খানি লৈ গ’লেই সিঁহতৰ যুঁজ ভাগিব৷” বামুণে আকৌ সুধিলে, “এজোপা আমগছ দেখিলো, তাত আম ভৰি লাগে, কিন্তু তাৰ এটা আমও মানুহ বা চৰাই-চিৰিকতিয়ে নেখায়; ইয়াৰ নো কাৰণ কি?” বিধাতাই ক’লে, “সেই গছজোপাৰ তলত এপেৰা গহণা আছে, সেই গহণাবোৰ তুমি নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব৷” তাৰ পিছত বামুণে সুধিলে,-“আৰু এটা ঘৰিয়াল দেখিলোঁ, সি সদায় ওপঙি থাকে, কোনোমতেই পানীৰ তললৈ নেযায়; তাৰ নো কাৰণ কি?” বিধাতাই ক’লে, “সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে, সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব৷” তাৰ পিছত বামুণে বিধাতাৰ ওচৰত বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আমগছৰ গুৰিৰ পৰা গহণাবোৰ আৰু মহৰ যুঁজ লগা ঠাইৰপৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment