Sunday, April 19, 2026
0 Shares

বান্দৰ ৰজা

বান্দৰ ৰজা

বহু বছৰ আগৰ ঘটনা। কোনাে এখন হাবিত ভালেমান জীৱ-জন্তুই বৰ সুখ-শান্তিৰে বাস কৰিছিল। সিহঁতৰ কোনাে ৰজা নাছিল যদিও নিয়ম শৃঙ্খলাৰ অভাৱ নাছিল। সিহঁতে কেতিয়াবা কেতিয়াবা হাবিৰ মাজত বিভিন্ন প্রতিযােগিতা আৰু নৃত্য-গীতৰ আয়ােজনো কৰিছিল। এনে অনুষ্ঠানবােৰত বিভিন্ন জন্তুই নিজৰ নিজৰ পাৰদৰ্শিতা খুব সুন্দৰভাবে প্রদর্শন কৰিছিল। বিশেষকৈ মানুহৰ দৰে প্রাণী বান্দৰে তেনেবােৰ অনুষ্ঠানত বৰ সুন্দৰ নৃত্য কৰিছিল। বান্দৰৰ নৃত্য দেখি অন্য জন্তুবােৰে তবধ মানিছিল। পিছত সিহঁতে সভা পাতি সিদ্ধান্ত লৈছিল যে সকলাে জন্তুক শাসন কৰাৰ বাবে এজন ৰজাৰ আৱশ্যক হ’ব। এই ৰজাজন কেৱল বান্দৰেহে হ'ব পাৰিব। বান্দৰক আৰু পায় কোনে? সি ৰজা হ’বলৈ পায় তাৰ আনন্দ-উৎসৱ দুগুণ বাঢ়িল।

ইফালে বান্দৰ ৰজা হােৱাৰ দুখে শিয়ালৰ নিদ্রা হৰণ কৰিলে। তাৰ মনে কোনােপধ্যে মানি ল'ব নােখােজে যে বান্দৰ ৰজা হ’ল। সেই কাৰণে শিয়ালে উপায় চিন্তিবলৈ ধৰিলে যে কেনেকৈনো বান্দৰক ৰজা ভাঙিব পাৰি। এদিন সি ভাবি-ভাবি এটা উপায় উলিয়ালে। হাবিখনৰ শেষ সীমাত সি এখন জাল পাতিলে আৰু তাত বিভিন্ন ধৰণৰ বান্দৰে ভালপােৱা ফল-মূল ৰাখিলে। সকলাে ব্যৱস্থা ঠিক-থাক কৰি অহাৰ পিছত শিয়ালে বান্দৰক ক'লে–“মহাৰাজ আপােনাৰ বাবে এঠাইত সুন্দৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। আপুনি সােনকালে বলক। পিছতাে ৰজা হৈ থাকিব পাৰিব।” খােৱা বস্তুৰ নাম শুনাৰ লগে লগে বান্দৰৰ জিভাৰ পানী ওলাব ধৰিলে। সি জাপ মাৰি উঠিল আৰু শিয়ালৰ লগত যাবলৈ সাজু হ’ল। আগে আগে শিয়াল, পিছে পিছে বান্দৰ। দূৰত জালখন দেখুৱাই দি শিয়ালে কলে —“মহাৰাজ আপুনি আৰম্ভ কৰক, মই গৈ আছে।” লােভত থাকিব নােৱাৰি বান্দৰ জালত জঁপিয়াই পৰিল আৰু তাতেই বন্দী হ’ল। বান্দৰে তাৰ পৰা মুক্ত হ'ব নােৱাৰি চিঞৰিবলৈ ধৰিলে। টেঙৰ শিয়ালে হাবিৰ সকলাে জন্তুক মাতি আনি বান্দৰৰ অৱস্থাটো দেখুৱাই কলে– “চোৱা, চোৱা ভাইহঁত বান্দৰৰ বিলৈ। সি নিজকে ৰক্ষা কৰিব পৰা নাই অথচ আমাৰ ৰজা হ’ব আহে৷” বান্দৰক লগে লগে ৰাজ পদবীৰ পৰা আঁতৰ কৰা হ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment