Sunday, April 19, 2026
0 Shares

পৰুৱা আৰু ফৰিং

পৰুৱা আৰু ফৰিং

অতি শীতল এটি ৰাতিপুৱা। সেই দিনাৰ ৰাতিপুৱাটো আছিল অতি আমনি দায়ক। পৰুৱা এটাই একো কাম বন বিচাৰি নাপাই তাৰ ভঁৰাল ঘৰৰ মুখতে এখন আসন পাৰি লৈ জুপুকা মাৰি বহি আছিল। কিনকিনীয়া বৰষুণ দি আছিল বাবে সি বাহিৰলৈ যাবৰ মন কৰা নাছিল। এনেতে এটা ফৰিং জপং জপংকৈ আহি তাৰ সন্মুখত আহি থিয় হ'ল। সি পৰুৱাটোক সুধিলে- “তােমাৰ ভঁৰালৰ পৰা মােৰ বাবে অলপমান খােৱা বস্তু দিব পাৰিবানে? আজি আমাৰ ঘৰত খাবলৈ খুদকন এটিও নাই।”

পৰুৱাটোই তাক সুধিলে– “কিয় তুমি শীতকালত খাবলৈ বুলি ভঁৰালত একো গােটাই নথ’লা নেকি?” ফৰিংটোই পাতলকৈ উত্তৰ দিলে— কাম থকা বাবে সময়ে নাপালোঁ। সেইকাৰণে একো গোটাবৰ নহ’ল। ফৰিঙৰ উত্তৰটো শুনি পৰুৱাটো বৰ আচৰিত হ'ল। ইমানবােৰ ভাল-ভাল বতৰ পালা, কিমান দিন মাহ গুচি গ'ল। অথচ তুমি একোকে জমা নকৰিলা। সেইদিনবােৰত তুমি কি কৰিছিলা? তেতিয়ানো তুমি কি কামত ইমান ব্যস্ত আছিলা যে অলপ সময়াে আজৰি নাপালা?

ফৰিঙে ক’লে– “ধুনীয়া দিনবােৰত মই অ'ত-ত'ত গীত গাই ফুৰিছিলোঁ, ইফালে-সিফালে উৰিও ফুৰিছিলোঁ। গতিকে ক’ত আজৰি সময় পাম?” পৰুৱাৰ খঙে মুৰৰ চুলিৰ আগ পালেগৈ। সি খঙৰ ভমকত ক’লে– “যােৱাগৈ এতিয়াও গীত গাই ফুৰিবা, অ'ত-ত'ত উৰি ফুৰিবা। একো নাখালেও হ'ব। এইবুলি কৈ পৰুৱাই ফৰিঙক বাহিৰতে এৰি থৈ ভঁৰাল ঘৰৰ দুৱাৰখন ভিতৰৰ পৰা জপাই দি সােমাই থাকিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment