Sunday, April 19, 2026
0 Shares

প্রতিজ্ঞা ৰক্ষা

পৰম পৰাক্ৰমী দৈত্যৰাজ বলিয়ে স্বর্গ জয়ৰ উদ্দেশ্যে ইন্দ্ৰৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিলে। অতি দুর্বল আৰু অহংকাৰী দেৱৰাজ ইন্দ্রই বলিৰ হাতত সহজে হাৰ মানিলে। তেওঁ ততালিকে অন্য দেৱতাসকলৰ লগত স্বৰ্গৰপৰা পলায়ন কৰিলে আৰু নিত্য নতুন বেশেৰে পৃথিৱী ৰাজ্যত প্ৰাণ ৰক্ষা কৰিলে। পুত্ৰৰ এনে বিলৈ দেখি মাতৃ অদিতিৰ বৰ দুখ লাগিল। তেওঁ ইন্দ্ৰক উদ্ধাৰৰ উপায় বিচাৰি স্বামী কাশ্যপ ঋষিৰ ওচৰলৈ গ'ল। তেতিয়া কাশ্যপ ঋষিয়ে তেওঁক ঈশ্বৰক ধ্যান কৰিবলৈ ক'লে। অদিতিৰ তপস্যাত ভগৱান সন্তুষ্ট হৈ তেওঁক কি বৰ লাগে সুধিলে। তেতিয়া অদিতিয়ে সকলাে কথা বিৱৰি ক'লে। অদিতিৰ কথা শুনি ভগৱান শ্রীকৃষ্ণই অদিতিক এটি পুত্র সন্তান জন্ম দিবলৈ অনুৰােধ জনালে৷ লগতে তেওঁ এই কথাও ক'লে যে তেওঁৰ গৰ্ভত থিতাপি লােৱা পুত্র সন্তানটি আচলতে তেওঁৰে এটা ৰূপ হ’ব। ভগৱানৰ উপদেশে অদিতিক পৰম আনন্দিত কৰিলে। তেওঁ ভগৱানক পুত্ৰৰূপে লাভ কৰাৰ আনন্দত অধীৰ হ’ল। সঁচাকৈ যথা সময়ত অদিতিৰ গৰ্ভত এটি সন্তানে স্থিতি ল’লে। সেই সন্তানটিয়ে পিছত বামণ অৱতাৰ লৈ অদিতিৰ গৰ্ভৰপৰা ভূমিস্থ হ'ল। সময়ত এই সন্তান লহপহকৈ বাঢ়িবলৈ ধৰিলে। ইফালে, স্বর্গপ্রাপ্তিৰ আনন্দত বলিৰাজে এটা যজ্ঞ আৰম্ভ কৰিলে আৰু ত্রিজগতৰ সকলােকে আমন্ত্রণ কৰিলে। যথা সময়ত যজ্ঞ সমাপ্ত হ’ল আৰু ৰজাই উপস্থিত ব্রাহ্মণ আৰু পণ্ডিত সকলক দান-দক্ষিণা আগবঢ়াই সন্তুষ্ট কৰিবলৈ ধৰিলে। তেনেকুৱা এটা সুযােগেই বতু বামুণে বিচাৰি আছিল। বতুবামুণ ৰূপী কৃষ্ণই বলি ৰাজৰ পৰা দান বিচাৰিলে। বলিৰাজে দিবলৈ মান্তি হােৱাত তেওঁ প্রথমে ৰজাৰপৰা ত্রিপদ ভূমি বিচাৰি, সেয়া দিয়াৰ প্রতিজ্ঞা বিচাৰিলে। অজ্ঞানী দৈত্যৰাজে তাৰ অর্থ নুবুজি যি বিচাৰে দিব বুলি শপত খালে। সেই যুগত মুখৰ পৰা ওলােৱা কথা ৰক্ষা কৰাটো ৰজাসকলৰ ধৰ্ম আছিল। তাতে আকৌ প্রতিজ্ঞা। দৈত্যসকলৰ গুৰু শুক্রাচার্যৰ বাধা নামানি বলিৰাজে প্রতিজ্ঞা পূৰণৰ বাবে প্রথমে বহু বামুণৰূপী ভগৱানক প্রথম পদ ভূমিৰূপে স্বর্গখন দান দিলে। ইয়াৰ পিছত দ্বিতীয় পদ ভূমি বিচৰাত তেওঁ মৰ্ত্যখন দান দিলে। যেতিয়া বতু বামুণে নিজৰ সঁচা ৰূপ ধাৰণ কৰি তৃতীয়খন পদ থ'বলৈ ভূমি বিচাৰিলে তেতিয়া আৰু বলিৰাজৰ বুজিবলৈ বাকী নাথাকিল। তথাপি তেওঁ প্রতিজ্ঞা ৰক্ষাৰ বাবে তৃতীয়খন পদ থ'বলৈ নিজৰ মূৰটোকে আগবঢ়াই দিলে। বতু বামুণৰ বিশাল ভৰিৰ হেঁচাত বলিৰাজ পাতালত সােমাই পৰিল। ভগৱান ভক্তৰ ওচৰত পৰম সন্তুষ্ট হ’ল। তেওঁ বলিৰাজক ক'লে– “তুমি প্রতিজ্ঞা ৰক্ষা কৰি নিজৰ ধৰ্ম অটুট ৰাখিলা আৰু জগতত খ্যাতি আর্জিলা। এতিয়াৰ পৰা তুমি পাতালত ৰজা হৈ থাকিবা আৰু মই চিৰদিন তােমাৰ দুৱাৰৰ দুৱৰী হৈ থাকিম। বলিৰজাৰ এই প্রতিজ্ঞা ৰক্ষাৰ কাহিনী আমাৰ বাবে এটা শিক্ষা। প্রকৃত মানুহে মুখৰ কথা, আশ্বাস, বিশ্বাস আৰু প্রতিজ্ঞা সদায় ৰক্ষা কৰে। অমানুহবােৰে ইয়াৰ মূল্য কেতিয়াও নিদিয়ে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment