Sunday, April 19, 2026
0 Shares

ন্যায়শীলতা

ন্যায়ৱন্ত মানুহ শিলৰ খুটাৰ নিচিনা, তাক আনৰ কাৰ্য্যাকাৰ্য্যই বা নিজৰ ইচ্ছা বাঞ্চাই অলপো লৰাব নোৱাৰে। সি নিজৰ হিতাহিত আওকাণ কৰি নানা বিঘিনি ঠেলি থৈ ন্যায়ৰ পথত আগ বাঢ়ে। নিজে বিপদও পৰিও ন্যায়ৱন্ত মানুহে ন্যায় ৰক্ষা কৰিবলৈ সাজু হয়। অন্যায়ৰ পথেৰে সি শত্ৰুকো আক্ৰমণ নকৰে। ন্যায় ৰক্ষা কৰিবলৈ সি কেতিয়াবা পৰম বন্ধুৰ প্ৰতিও নিকৰুণ হয়, আৰু কেতিয়াবা পৰম শত্ৰুৰ প্ৰতি দয়ালু হয়। সেই দেখি মানুহে কয় যে অন্যায়ত চলা বন্ধুতকৈ ন্যায়ত চলা শত্ৰুও ভাল। ন্যায়শীল মানুহৰ কাম সাধাৰণ মানুহৰ মনত অদ্ভুত যেন লাগে; কাৰণ সিহঁতৰ ব্যৱহাৰৰ লগত তাৰ ব্যৱহাৰ নিমিলে। সাধাৰণ মানুহৰ কামবিলাক স্বাৰ্থই চালনা কৰে, অৰ্থাৎ সিহঁতে নিজৰ লাভালাভলৈ চাই কাম কৰে। ন্যায়ৱন্ত মানুহৰ ৰীতি তেনেকুৱা নহয়; তাৰ কামবিলাক ন্যায়মূলক, ন্যায়সঙ্গত নহ'লে স্বাৰ্থও তাৰ বিবেচনাৰ বস্তু নহয়। সাধাৰণ মানুহৰ মনত নিজৰ হক প্ৰথম, কিন্তু ন্যায়ৱন্ত মানুহৰ মনত ন্যায়হে প্ৰথম। সাধাৰণ মানুহে নিজৰ হক ৰক্ষা কৰিবলৈ ন্যায় অন্যায়ৰ বিবেচনা এৰে, কিন্তু ন্যায়ৱন্ত মানুহে ন্যায় ৰক্ষা কৰিবলৈ নিজৰ হক এৰে। সেই দেখি সাধাৰণ শ্ৰেণীৰ মানুহে ন্যায়ৱন্ত মানুহক অপদাৰ্থ যেন বিবেচনা কৰে। সি উচিত অনুচিত বোধৰ পৰা হক এৰিলেও সাধাৰণ মানুহে ভয়ৰ নিমিত্তে বা ক্ষমতা নোহোৱাৰ নিমিত্তে এৰা বুলি বিবেচনা কৰে।

ন্যায়ৱন্ত মানুহ তৰ্জুৰ নিচিনা। তাৰ মনত খুদ পৰিমাণ প্ৰভেদো ডাঙ্গৰ প্ৰভেদ। সি কোনো কথাকেই সৰু বুলি উলাই নকৰে, বৰং সৰু কথাৰো ডাঙ্গৰ অৰ্থ আছে বুলিহে ভাবে। সেই দেখি ন্যায়ৱন্ত মানুহে সৰু বৰ সকলো ৰকম কথাকে বিবেচনা কৰি চায়। বহুত মানুহৰ মনৰ ওপৰত ডাঙ্গৰ নামৰ অতুল ক্ষমতা। সিহঁতৰ বিবেচনাত ডাঙ্গৰ মানুহৰ কথা শিৰোধাৰ্য্য। কিন্তু ন্যায়ৱন্ত মানুহৰ বিবেচনা তেনেকুৱা নহয়। নামৰ জেউতিয়ে তাৰ চকুত চমক লগাব নোৱাৰে। তাৰ মনত প্ৰসিদ্ধ পণ্ডিত বা প্ৰৱল ধনীৰ কথা যেনে বিবেচনৰ যোগ্য, মূৰ্খ বা দৰিদ্ৰৰ কথাও তেনে বিবেচনাৰ যোগ্য। সি সমনীয়া মানুহৰ আগত যেনে নিৰ্ভয়ে উচিত কথা কয়, ডাঙ্গৰ মানুহৰ আগতো সেইদৰে নিৰ্ভয়ে উচিত কথা কয়। মূৰ্খ ৰজাৰ আগত উচিত কথা কৈ সময়ে সময়ে ন্যায়ৱন্ত মানুহে প্ৰাণ হেৰুৱাইছে। পানী গোট মাৰি শিল যেন হয়, এই কথা দেশৰ ৰজাৰ আগত কোৱাত চাউডাঙ্গৰ হাতত এজনৰ মূৰ গৈছিল। ন্যায়ৱন্ত মানুহে তাৰ নিজৰ ক্ষমতাৰো জোখ জানে, আৰু আনৰ ক্ষমতাৰো জোখ লয়। সি সম্পদত অহঙ্কাৰী বা দুখত সেও নহয়। তাৰ স্বভাৱ সৰ্ব্বতি কাল গম্ভীৰ আৰু মৃদু।

 ভুল হ'লে সৈ কঢ়া ন্যায়ৱন্তৰ ঘাই লক্ষণ। ভুল লুকাই ৰাখিলে তাক পুহি ৰখা যেন হয়, আৰু বাৰে বাৰে তাৰ ফল ভুঞ্জিব লাগে। কিন্তু ভুল ধৰা পৰিলে নিন্দা হয়, সেই দেখি সাধাৰণ মানুহে ভুল ঢাকিবলৈ যত্ন কৰে, আৰু আনে দেখুৱাই দিলেও বেয়া পায়। এই বিষয়ে ন্যায়শীল মানুহৰ বিবেচনা বেলেগ। ভুলৰ বাছি দিলে সি তাক পৰম উপকাৰ কৰা বুলি ভাবে। অনভিজ্ঞতাও ভুলৰ নিচিনা, তাকো মানুহে লুকাই ৰাখিব খোজে। কিন্তু ন্যায়শীল মানুহে যেনেকৈ ভুল লুকাই নাৰাখে সেইদৰে অনভিজ্ঞতাও লুকাই নাৰাখে। ভুল বা অনভিজ্ঞতা প্ৰকাশ কৰাত লোকে লাজ দিলে সি তালৈ কাণ নকৰে। তেনে লাজ সি ভুল আৰু অনভিজ্ঞতা অখণ্ডনীয় ফল বুলি ধৰে। ল'ৰাই শিক্ষা কৰোঁতে অধ্যাপকৰ শাস্তি ভুঞ্জে, ন্যায়ৱন্ত মানুহে ইয়াকো অধ্যাপকৰ শাস্তি বুলি বিবেচনা কৰে। ক্ষন্তেকীয়া লাজৰ ভয়ত চিৰকাল অনভিজ্ঞ হৈ থকাতকৈ অনভিজ্ঞতা বিদিত কৰি অভিজ্ঞতা লাভ কৰা হাজাৰ গুণে শ্ৰেয়স্‌। নিজক পণ্ডিত বুলি ভাবিলে ভুল স্বীকাৰ কৰিবলৈ লাজ লাগে। সেই দেখি ন্যায়ৱন্ত মানুহে নিজক কেতিয়াও অভ্ৰান্ত পণ্ডিত বুলি নাভাবে।

 মানুহৰ মনত ন্যায় অন্যায় বোধ আদিৰ পৰা আছে। সেই দেখি সাধাৰণ বিষয়ত সকলোৱে ন্যায় অন্যায় বুজিব পাৰে। কিন্তু কিছুমান মানুহে নিজৰ হৃদবোধ মতে নচলে। লোভ মোহ যদি কুপ্ৰবৃত্তিবোৰৰ দণ্ডিত সিহঁতে নিজৰ বুজক ঠেলি থৈ অন্যায় পথত ভৰি দিয়ে, আৰু সেইবাবে মনত বেয়া লাগিলে নানাবিধ বিপৰ্য্যায় যুক্তিৰে মনক বোধাই ৰাখে। নিৰ্জু পহুবোৰক বধ কৰা অন্যায় বুলি সকলোৰে হৃদবোধ আছে; কিন্তু এজন মৃগয়াপ্ৰিয় ৰজাই পহু মাৰিবলৈ মনক এইদৰে উদ্‌গাইছিল যে পহুবোৰে তেওঁৰ বিলাস কাননৰ গছ, লতা, ফল, ফুল খাই সদায় উপদ্ৰৱ কৰে, এতেকে সিহঁতক মৰা অন্যায় নহয়। মনক এইদৰে বুজনি দিয়া অনুচিত। ইয়াক আত্মছলন বুলিব পাৰি। মনে পহু মৰা কাম বেয়া বুলি কৈ দিয়াতো, তালৈ কটাক্ষ নকৰি মনক আকৌ ছলিবলৈ এইদৰে বিপৰীত যুক্তি দেখুৱালে তাক অন্যায় কাম শিবলৈ শিকোৱা হয়। ই বিপৰ্য্যয় শিক্ষা। এনেকুৱা শিক্ষাৰ পৰা মানুহৰ ন্যায় অন্যায় জ্ঞান ভোতোহা হয়। ন্যায়শীল মানুহে মনক কেতিয়াও এনে শিক্ষা নিদিয়ে।

অন্যায় কাম নকৰিলেই মানুহক ন্যায়ৱন্ত বুলিব নোৱাৰি। কাৰণ বহুত অন্যায়প্ৰিয় মানুহেও সমাজদণ্ড বা ৰাজদণ্ডৰ ভয়ত অন্যায় কামৰ পৰা আতঁৰ হৈ থাকে। এই শ্ৰেণীৰ মানুহত সঁজাত নাই। ইহঁত সংসাৰৰ বহুৰূপী। ইহঁত এক সময়ত সন্ত শিষ্ট, আৰু এক সময়ত দুৰ্ঘোৰ পাষণ্ড হয়। সুচল পালেই ইহঁতে স্বৰূপ ধৰি অন্যায় কামত হাত দিয়ে। যি কেৱল দণ্ডৰ ভয়ত অন্যায় নকৰে তাৰ চৰিত্ৰ সংশোধন হোৱা বুলি ধৰিব নোৱাৰি। চৰিত্ৰ অন্তৰাত্মাৰ গুণ। অন্তৰৰ পৰা অন্যায়ৰ অভিলাষ নুগুচিলে চৰিত্ৰ কেতিয়াও নিৰ্ম্মল নহয়। অন্যায়লৈ আন্তৰিক ঘৃণা, আৰু ন্যায়লৈ আন্তৰিক আগ্ৰহ জন্মিলেহে চৰিত্ৰ নিৰ্ম্মল হয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories