Sunday, April 19, 2026
0 Shares

দুটা মূৰ্খ মেকুৰী

দুটা মূৰ্খ মেকুৰী

এদিনাখনৰ কথা। এঘৰ মানুহৰ দুটা পােহনীয়া মেকুৰীয়ে গৃহস্থই খাবলৈ বুলি সাজু কৰি ৰখা পিঠাৰ মাজৰ পৰা এখন পিঠা চুৰ কৰি আনিলে। লগে লগে আনটোৱেও তাৰ লগত দৌৰ মাৰিলে। সিহঁত গৈ গৃহস্থৰ বস্তিৰ এটা দিশত পিঠাখনৰ ভাগ-বতৰাক লৈ এখন মস্ত কাজিয়া আৰম্ভ কৰি দিলে। এই কাজিয়াখন এটা দুষ্টবান্দৰে দূৰৰ পৰাই লক্ষ্য কৰি আছিল। সি গছৰ পৰা নামি আহিল আৰু সিহঁত দুটাৰ ওচৰলৈ আহি সিহঁতৰ সমস্যা সমাধান কৰি দিয়াৰ প্রতিশ্রুতি দিলে। সি কলে যে সেয়া তাৰ বাঁওহাতৰ খেল। বহুতৰে সেই সমস্যা সি সমাধান কৰি দিছে। সি ক'ৰবাৰ পৰা এখন তৰজু আনিলে। তাৰ পিছত পিঠাখন দুফাল কৰি দুয়ােফালে উঠাই দিলে। এইবাৰ যিফালে বেছি হয় সেই ফালে সি একামােৰ খায়। এনেকৈ একামােৰ একামােৰকৈ খাওঁতে খাওঁতে পিঠাখন এটা সময়ত শেষ হৈ গ'ল। তেতিয়া বান্দৰে একে জাঁপে গছত উঠিল। মেকুৰী দুটাই চাই থাকোঁতে গ’ল। সিহঁতৰ আৰু পিঠা খােৱা নহ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment