Sunday, April 19, 2026
0 Shares

দুটা জ্ঞানী ছাগলী

দুটা জ্ঞানী ছাগলী

মূৰ্খ ছাগলী দুটাই যিখন সাঁকোৰ ওপৰত যুঁজ কৰি মৃত্যুবৰণ কৰিছিল, সেই একেখন সাঁকোৰ ওপৰতে অন্য এদিন দুটা ছাগলী একে সময়তে দুয়ােফালৰ পৰা আহিছিল। সিহঁত দুটাই মনেই কৰা নাছিল যে দুয়ােটাই একেসময়তে আহি সাঁকোখনৰ মাজ পালেহি। মুৰ দাঙি চাওঁতেহে সিহঁতৰ হুচ আহিল। সাঁকোখনৰ তলত নদীৰ কোবাল সোঁত। ঠেলা-হেঁচা কৰিলেও সিহঁতৰে বিপদ হ’ব। এতিয়া পাৰ হয় কি দৰে? পিছুৱাই যাবও নােৱাৰে। কাৰণ একেবাৰে সৰু সাঁকো। অলপ ইফাল-সিফাল হ’লেই নদীত পৰিব লাগিব।

সিহঁত দুটাই বিষয়টো অলপ সময় চিন্তা কৰিলে। এটাই কথা, বিপদ নােহােৱাকৈ সাঁকোখন দুয়ােটাই পাৰ হ’ব লাগে। এটা সময়ত সিহঁতৰ উপায় ওলাল। এটাই অলপ সময়ৰ বাবে বহি দিলে। বহি দিয়া সময়খিনিৰ ভিতৰত আনটোক পাৰ হৈ যাবলৈ ক’লে। তেতিয়া বহি দিয়া ছাগলীটোৰ ওপৰেদি আনটো ছাগলীয়ে লাহে-লাহে পাৰ হৈ গ’ল। তাৰ পাছত বহি থকা ছাগলীটোৱে লাহেকৈ উঠি সাঁকোখন পাৰ হৈ গ'ল। দুয়ােটা ছাগলী জ্ঞানী আছিল বাবেই সেইটো কৰিলে আৰু দুয়ােটাৰ কোনাে বিপদ-বিঘিনি নহ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment