Sunday, April 19, 2026
0 Shares

দুই বন্ধু

দুই বন্ধু

এসময়ত এখন গাঁৱত দুজন নলে-গলে লগা বন্ধু আছিল। বন্ধু দুজনৰ কোনাে সময়তে এৰা এৰি নাছিল। এদিনাখন সিহঁতে চহৰ ফুৰিবলৈ বুলি এখন হাবিৰ হাবিতলীয়া বাট এটাৰে বাট পোনালে। তেতিয়াৰ দিনত হাবি-জংঘলবােৰ বাঘ, ভালুকেৰে ভৰা আছিল। কিছু দূৰ যােৱাৰ পিছত সিহঁতে ভয়ংকৰ জীৱ-জন্তুবােৰৰ মাত শুনিবলৈ পালে। সিহঁত ভয়তে পেঁপুৱা লাগিল। তেতিয়া প্রথম বন্ধুজনে দ্বিতীয় বন্ধুজনক ক'লে–“বন্ধু, এৰা-এৰি নহ’বা। আমি দুজন লগহৈ থাকিলে বিপদ হ’ব নােৱাৰে। কাৰণ একতাই পৰম বল। দ্বিতীয় বন্ধুজনে প্রথম বন্ধুজনৰ কথাত হয়ভৰ দিলে। কিছুদূৰ যােৱাৰ পিছত সিহঁতে এটা প্রকাণ্ড ভালুক সিহঁতৰ ৰাস্তাৰে আহি থকা দেখিবলৈ পালে। ভালুকটো দেখা মাত্রেই প্রথম বন্ধুজন দৌৰি গৈ গছত উঠিল। দ্বিতীয়জনে গছ বগাব নাজানে। সেইকাৰণে সি প্রথম বন্ধুজনক বাৰে বাৰে গছত নুঠিবলৈ অনুৰােধ কৰিলে আৰু ক'লে– “তেনেকৈ মােক অকলশৰে এৰি নাযাবা মই মহা বিপদত পৰিম।” প্রথম বন্ধুজনে অনুৰােধ ৰক্ষা নকৰিলে আৰু ক'লে—“বন্ধু মই গছত উঠিলোঁ, তুমি যি কৰা কৰা।” উপায় নাপায় বেচেৰা দ্বিতীয় বন্ধুজনে মাটিতে শুই পৰিল। সি ভাবিলে– “ভালুকে মৰা বস্তু নেখায়। গতিকে মােকো মৰা বুলি ভাবি এৰি থৈ যাব।” সঁচাকৈ ভালুকটোৱে তাৰ ওচৰলৈ আহি বাৰে বাৰে শুঙি শুঙি চালে আৰু মৃত বুলি ভাবি এৰি থৈ গ'ল। ভালুকটো যােৱাৰ পিছত প্ৰথমজন বন্ধু গছৰ পৰা নামি আহিল আৰু তাৰ দ্বিতীয় বন্ধুজনক সুধিলে-“তােমাক ভালুকটোৱে কাণে কাণে কি ক'লে?” দ্বিতীয় বন্ধুজনে উত্তৰ দিলে–“মােক ভালুকটোৱে এইকথাকে ক'লে যে যি বন্ধুৱে বিপদত আন এজনক এৰি যায় তেওঁ অবিশ্বাসী। তেওঁৰ লগত বন্ধুত্ব কৰা অজ্ঞানীৰ কাম।” ইয়াকে কৈ দ্বিতীয় বন্ধুজনে লগে লগে প্রথম বন্ধুজনৰ সংগ ত্যাগ কৰি ঘৰ মুৱা হ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment