Sunday, April 19, 2026
0 Shares

দক্ষৰ যজ্ঞ

ব্ৰহ্মাৰ অঙ্গুষ্ঠৰপৰা জন্মলাভ কৰা দক্ষ হ’ল এগৰাকী প্রজাপতি। এইগৰাকী প্রজাপতিৰ ৬০ জনী কন্যাৰ ভিতৰত এজনী কন্যাৰ নাম আছিল ‘সতী’। সতীয়ে মনে-প্রাণে শিৱকে স্বামীৰূপত ভজিছিল। সমস্ত দেৱগণে যিগৰাকীক শ্রেষ্ঠ দেৱতা ৰূপত মানে, যিজনক ত্রিজগতে স্রষ্টা আৰু আত্মা ৰূপত স্বীকাৰ কৰিছে, তেওঁকে আকৌ দক্ষই অতি নিম্ন ৰূপত আৰু অতি হীন বুলি তুচ্ছ-তাচ্ছিল্য কৰে। দক্ষই কেতিয়াও মহাদেৱক জোঁৱাই বুলি গ্রহণ কৰিব নােখােজে। দক্ষ ৰাজৰ দৃষ্টিত মহাদেৱ বাটৰ ভিকহু, ঘৰ-দুৱাৰ নথকা অঘৰী। সেইকাৰণে সতীৰ সকলাে সিদ্ধান্ত আৰু যুক্তিক দক্ষই অতি কঠোৰভাৱে সমালােচনা কৰে। তথাপি সতী নিজৰ মতত অল-অচৰ। দক্ষয়াে মহাদেৱক তুচ্ছ-তাচ্ছিল্য কৰাৰ মানসেৰে এটা বৰ ডাঙৰ যজ্ঞৰ আয়ােজন কৰি তেওঁৰ জোঁৱায়েক মহাদেৱৰ বাহিৰে আন সকলাে দেৱতাকে তালৈ নিমন্ত্রণ কৰে। মুনি দধীচিয়ে কিন্তু তেনে ভুল নকৰিবলৈ দক্ষক বাৰে বাৰে সকীয়াই দিছিল। দক্ষই মুনিৰ কথা নামানিলে। সতীয়ে যথা সময়ত এই যজ্ঞৰ বাতৰি পাই বিনা নিমন্ত্রণে আহি বাপেকৰ যজ্ঞস্থলীত উপস্থিত হয় আৰু পিতৃৰ ভুল সিদ্ধান্তৰ ঘােৰ প্রতিবাদ কৰে। সতীৰ কথাত দক্ষ প্রজাপতি ক্ৰোধত জ্ঞানশূন্য হৈ উঠে আৰু জোঁৱায়েক মহাদেৱক নানান কটু ভাষাৰে নিন্দা কৰে। নিজৰ স্বামী মহাদেৱৰ নিন্দা শুনি সতী অতি অপমানিত হয় আৰু যজ্ঞস্থলীতেই যােগবলৰ দ্বাৰা প্রাণ ত্যাগ কৰে। এই ঘটনাৰ পিছত দক্ষ প্রজাপতিৰ যজ্ঞ অথলে যায় আৰু ঘটনাই দুর্ঘটনাৰ ৰূপ ধাৰণ কৰে। সতীৰ মৃত্যুৰ বাতৰিয়ে মহাদেৱক বলিয়াৰ দৰে হ’বলৈ বাধ্য কৰায়। তেওঁৰ ভীষণ খং উঠিলত বীৰভদ্ৰৰ সৃষ্টি কৰে আৰু সসৈন্যে তেওঁক পঠিয়াই দক্ষৰ যজ্ঞ লণ্ডভণ্ড কৰে। দক্ষ প্রজাপতিয়ে বাধা দিয়াত তেওঁকো অস্ত্রাঘাত কৰি শিৰচ্ছেদ কৰে। দক্ষ প্রজাপতি মুণ্ডহীন হােৱাত ৰাণীসৱৰ মাজত কান্দোনৰ ৰােল উঠে। পিছত ব্রহ্মাৰ অনুৰােধত মহাদেৱে দক্ষৰ ডিঙিত ছাগমুণ্ড স্থাপন কৰে। তেতিয়াৰ পৰাই দক্ষ প্রজাপতি সকলােৰে মাজত ছাগমুণ্ডধাৰী দক্ষৰূপে পৰিচিত হৈ পৰে।

আচলতে লােকক নিঃকিন বুলি কেতিয়াও ভাবিব নালাগে। মানুহৰ শ্রেষ্ঠতা ধন-সম্পদত নহয়, শ্রেষ্ঠতা লুকাই থাকে জ্ঞানবুদ্ধি, নাম-যশ আদিৰ আঁৰত। দক্ষ প্রজাপতি তেনে ভুলৰ বাবে ভীষণ পৰিণামৰ সন্মুখীন হ'ব লগা হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment