Sunday, April 19, 2026
0 Shares

টেঙা আঙুৰ

টেঙা আঙুৰ

জেঠমহীয়া টিকাফটা ৰ'দৰ এটি দুপৰীয়া। ইমান গৰম যে পৃথিৱীখন পুৰি যাওঁ যেন অৱস্থা। সমষ্ট জীৱ-জন্তু, পশু-পক্ষী হয় ক'ৰবাত শুইছে, নহয় গছৰ ছাঁত জিৰণি লৈছে। ঠিক তেনেকুৱা সময়তে পানী বিচাৰি ওলালহি ক'ৰবাৰ পৰা শিয়াল এটা। বেচেৰা শিয়ালৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গৈছিল। সি ঘূৰি-ঘূৰি ক'তাে পানী নেপাই সােমাই গ'ল মানুহ এঘৰৰ বিশাল বস্তিত। ডিঙি মেলি ইফালে-সিফালে বিচাৰিলে পানী; কিন্তু পানী ক’তাে বিচাৰি নাপালে। এনেতে চকু পৰিল এডাল পকি ওলমি থকা আঙুৰ গছৰ ওপৰত। আঙুৰবােৰে মােক খা মােক খা কৰি আছিল। শিয়ালে ভাবিলে, ভালেই হ’ল পিয়াহত পিবলৈ পানী নাপালোঁ যেতিয়া পকা আঙুৰৰ ৰসেৰে পিয়াহ আঁতৰাও। এনেয়েও বহুদিন পকা আঙুৰ খােৱা নাই। পকা আঙুৰৰ লােভত তাৰ জিভাৰ পানী ওলাব ধৰিলে। সি ওচৰলৈ গৈ দেখে যে আঙুৰবােৰ গছজোপাৰ বৰ ওচৰত নাই। হয়তাে আঙুৰ ঢুকি পাবলৈ জঁপিয়াব লাগিব। সি পকা আঙুৰৰ সােৱাদ ল’বলৈ জঁপিয়াই জঁপিয়াই ভাগৰি পৰিল যদিও আঙুৰ ছিঙিবলৈ সমর্থ নহ’ল। আঙুৰৰ সােৱাদ ল’ব নােৱাৰি তাৰ মনত বৰ বেজাৰ লাগিল। এবাৰ আঙুৰখিনিত ভালদৰে চকু ফুৰাই শিয়ালে আমন জিমনকৈ যাব ওলাল। তেনেতে ক'ৰবাৰ পৰা কুকুৰনেচীয়া বাঘ এটা আহি সেইখিনি ঠাই পালেহি। আঙুৰ পাৰিবলৈ জঁপিয়াই থকা শিয়ালটোক দূৰৰ পৰাই লক্ষ্য কৰিছিল। জ্বলা জুইত ঘিউ ঢলাৰ উদ্দেশ্যে সি শিয়ালক কলে– কিহে ভাইটি, আঙুৰ খাওঁ আহা। শিয়ালে ক’লে- নাই, নাখাওঁ দিয়া। আঙুৰবােৰ বৰ টেঙা।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment