Sunday, April 19, 2026
0 Shares

টমাছ আলভা এডিছন

টমাছ আলভা এডিছন

পৰিচয়: টমাছ আলভা এডিছনক বহুতে ‘আৱিষ্কাৰৰ মেচিন' আৰু আধুনিক প্রযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। এহাজাৰতকৈও অধিক সৰু-বৰ আৱিষ্কাৰৰ পেটেণ্ট (Patent, উদ্ভাৱকৰূপে লাভ কৰা এদনীয়া স্বত্ব) তেওঁ অধিকাৰী। বর্তমানে দৈনন্দিন আধুনিক জীৱনৰ প্রয়োজনীয় যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ তাৰ বৃহৎ অংশ এডিছনৰেই দান। বিজ্ঞানৰ জগতত এডিছনৰ দৰে সৃজনীশীল প্ৰতিভাৰ সমকক্ষ দৃষ্টান্ত বিৰল।

জন্ম আৰু শিক্ষা: ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত আমেৰিকাৰ মিলান নামৰ এখন সৰু ঠাইত এডিছনৰ জন্ম হয়। তেওঁৰ দেউতাক ছেমুৱেল টমছন আছিল এখন চৰাইখানাৰ মেনেজাৰ। মাক আছিল এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মাকৰ ওচৰতেই এডিছনৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল। সৰুৰে পৰাই এডিছনে সকলো সময়তে নতুন নতুন কথা জনাৰ বাবে উন্মুখ হৈ আছিল। কিন্তু তৎকালীন শিক্ষা ব্যৱস্থাত নতুন কোনো চিন্তা বা প্রশ্নৰ সমাধান সহজসাধ্য নাছিল। ফলত তেওঁ সকলো সময়তে বিদ্যালয়ৰ শিক্ষক আৰু অন্যান্যসকলক নানান 'অদ্ভুত’ প্রশ্নৰ উত্তৰ বিচাৰি ব্যতিব্যস্ত কৰি তুলিছিল। কিন্তু তেওঁলোকেও এডিছনৰ প্রশ্নৰ উত্তৰ দিব পৰা নাছিল। বৰং তেওঁ 'অদ্ভুত’ প্রশ্ন সুধি থকা বাবে এদিনাখন খঙত এডিছনক ভোটা বুদ্ধিৰ ল’ৰা বুলি স্কুলৰ পৰা উলিয়াই দিলে। এডিছনৰ স্কুলীয়া শিক্ষা তাতেই অন্ত পৰিল। এডিছন আহি মাকৰ ওচৰ পালেহি। মাকেও পুনৰ তেওঁক স্কুললৈ নপঠিয়াই ঘৰতে শিক্ষা দিবলৈ ধৰিলে।

যি মূলা বাঢ়ে তাৰ দুপাততে চিন: তথাকথিত পঢ়াশুনাত বিশেষ ফল দেখুৱাব নোৱাৰিলেও বিভিন্ন ধৰণৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত এডিছন আছিল সিদ্ধহস্ত। দহ বছৰ বয়সতে তেওঁ ঘৰতে এটা পৰীক্ষাগাৰ পাতি লৈছিল। পৰিয়ালটো ডাঙৰ হোৱা বাবে আৰু টমছনৰ উপাৰ্জন পর্যাপ্ত নোহোৱা বাবে এডিছনে সৰুৰে পৰা অভাৱ-অনাটন আৰু দৰিদ্ৰতাৰ মাজত দিন নিয়াবলগীয়া হৈছিল। ঘৰুৱা অভাৱৰ জোৰ মাৰিবৰ বাবে কিশোৰ এডিছনে ঘৰৰে শাক-পাচলি ৰে’লেৰে নি ডেট্রইট নামৰ চহৰখনতে বেচিছিলগৈ। ৰে’লগাড়ীত অহা-যোৱা কৰোঁতে তেওঁ ৰে’লৰ যাত্ৰীসকলক বাতৰিকাকতো বেচি দুপইচা উপাৰ্জন কৰিছিল। ৰে’লত বাতৰিকাকত বেচি থাকোতেই চলন্ত ৰে’লৰ পৰাই তেওঁ প্ৰকাশ কৰিছিল 'গ্ৰেণ্ড ট্রাংক হেৰাল্ড’ নামৰ এখন সাদিনীয়া সংবাদপত্র। এইখনেই আছিল চলন্ত ৰে’লৰ পৰা প্রকাশিত বিশ্বৰ একমাত্র সংবাদপত্ৰ আৰু এডিছনেই আছিল বিশ্বৰ কনিষ্ঠতম সম্পাদক (সেই সময়ত এডিছনৰ বয়স আছিল মাত্র ১৫ বছৰ)।

ৰে'লত কাম কৰোঁতেই তেওঁ টেলিগ্রাফ সম্পর্কে দক্ষতা অর্জনৰ সুযোগ লাভ কৰে। তেওঁ 'ইউনিভাৰছেল প্ৰিন্টাৰ’ নামৰ এটা বাতৰি সৰবৰাহ কৰিব পৰা যন্ত্ৰ সাজি উলিয়াইছিল। আমেৰিকাৰ আটাইতকৈ ডাঙৰ টেলিগ্রাফ কোম্পানী ‘গ’ল্ড ইণ্ডিকেটৰ টেলিগ্রাফ কোম্পানী’য়ে প্রায় চাৰি লাখ টকাত এডিছনৰ এই যন্ত্ৰটোৰ স্বত্ব কিনিছিল। একেলগে এই বৃহৎ পৰিমাণৰ ধন পোৱাত এডিছন হেনো মূৰ্চা যোৱাৰ দৰে হৈছিল ! ‘গ’ল্ড ইণ্ডিকেটৰ কোম্পানী'ৰ পৰা পোৱা ধনেৰে এডিছনে নিউয়ৰ্কৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰৈৰ মেনলো পাৰ্ক নামৰ ঠাইত এটা গৱেষণাগাৰ আৰু কাৰখানা খোলে। ইয়াতেই তেওঁ প্ৰায় ডেৰশ কৰ্মচাৰীৰ সহযোগত এটাৰ পিছত এটাকৈ ন ন আৱিষ্কাৰ কৰি যাবলৈ ধৰিলে। অতি কম সময়ৰ ভিতৰতে এডিছনৰ এই গৱেষণাগাৰ প্ৰখ্যাত হৈ উঠিল। সমান্তৰালভাৱে এই গৱেষণাৰ যুগান্তকাৰী ন ন আৱিষ্কাৰৰ পীঠস্থানো হৈ উঠে।

মেনলো পার্কতে এডিছনে গ্রাহাম বেল আৱিস্কৃত টেলিফোনৰ উন্নতি সাধন কৰি সাধাৰণ মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে। কার্বন ট্ৰেন্সমিটাৰ আৱিষ্কাৰ কৰি তেওঁ টেলিফোনৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে। ইয়াতে তেওঁ টাইপৰাইটাৰ যন্ত্ৰৰো যথেষ্ট উন্নতি সাধন কৰে।

১৮৭৭ চনত তেওঁ এটা কথা ক’ব পৰা আকৰ্ষণীয় যন্ত্র আবিষ্কাৰ কৰে।সেইটোৱেই আধুনিক গ্রামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ আদি ৰূপ। এডিছনে ইয়াৰ নাম দিছিল ‘ফোনোগ্রাফ’। অৱশ্যে সেই সময়ত জনসাধাৰণে ইয়াৰ নাম দিছিল ‘কথাকোৱা যন্ত্র’ (talking machine)। পাছলৈ এই যন্ত্ৰ ‘এডিফোন’ বা ‘ডিক্টোফোন’ নামেৰেও জনাজাত আৰু জনপ্ৰিয় হৈ পৰিছিল। এই যন্ত্রই জনসাধাৰণৰ মাজত বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। যন্ত্ৰটো চাবলৈ নিতৌ বহুসংখ্যক মানুহে এডিছনৰ গৱেষণাগাৰত ভিৰ কৰিছিলহি।

এডিছনে অৱশ্যে টেলিগ্রাফ আৱিষ্কাৰৰ পিছতেই ফোনোগ্রাফ আৱিষ্কাৰ কৰা নাছিল। ইতিমধ্যে তেওঁ প্ৰায় ১২০ টা নতুন আৱিষ্কাৰৰ পেটেন্ট কৰিছিল, অর্থাৎ তেতিয়ালৈ এডিছনৰ ১২০ টা আৱিষ্কাৰৰ স্বত্ব আৰু ব্যৱসায়িক অধিকাৰ স্বীকৃত হৈ গৈছিল। এই ১২০টা আৱিষ্কাৰ যদিও এডিছনৰ যুগান্তকাৰী আৱিষ্কাৰৰ ভিতৰত ধৰা নহয়, তথাপি তেওঁৰ এইবোৰৰ মাজত সৃজনীশীল প্রতিভাৰ স্বাক্ষৰ পোৱা গৈছিল। ১৮৪৭ চনত এডিছনৰ জন্ম আৰু ফোনোগ্রাফৰ আৱিষ্কাৰ হয় ১৮৭৭ চনত। অর্থাৎ, তেতিয়া এডিছনৰ বয়স মাত্র ৩০ বছৰ। ইমান কম বয়সতে একেলগে অগাধ ধনৰ অধিপতি আৰু খ্যাতিমান বিজ্ঞানী হৈ উঠাৰ সমকক্ষ দৃষ্টান্ত বিৰল।

কমই যাৰ ধর্ম: টমাছ আলভা এডিছন আছিল নিৰলস কর্মী। সকলো সময়তে তেওঁ নতুন কিবা এটা আৱিষ্কাৰৰ নিচাত মচগুল হৈ আছিল। ন ন উন্মেষশালিনী বুদ্ধি, ধৈৰ্য আৰু মেধাই তেওঁক নিতৌ নতুন বৈজ্ঞানিক তথা কাৰিকৰী আৱিষ্কাৰ কৰি সকলোকে চমক খুওৱাত সহায় কৰিছিল। ইয়াৰ ফলত বিশেষকৈ মানুহৰ নিত্য প্রয়োজনীয় বস্তু বা যন্ত্ৰ আৱিষ্কাৰৰ বিষয়ত তেওঁ একান্তই নিৰ্ভৰযোগ্য হিচাপে সমগ্ৰ দেশতে প্ৰখ্যাত হৈ উঠে। তেওঁ এক নতুন কাৰিকৰী আৰু বৈজ্ঞানিক যুগৰ সূচনা কৰে। পৃথিৱীত আজিলৈকে যিমান বিজ্ঞানীয়ে জন্ম গ্ৰহণ কৰিছে আৰু যুগে যুগে যিমান বৈজ্ঞানিক আৱিষ্কাৰ হৈছে, তাৰ ভিতৰত টমাছ আলভা এডিছনেই সকলোতকৈ বেছি বিষয়ৰ গৱেষণা আৰু আৱিষ্কাৰ কৰিছে। এডিছনে সকলো সময়তে জনসাধাৰণৰ চাহিদা আৰু আৱিস্কৃত সামগ্ৰীৰ বাণিজ্যিক দিশৰ পিনে চকু দিছিল। বহু আৱিষ্কাৰকেই তেওঁ পেটেন্ট কৰা নাছিল। বহু আৱিষ্কাৰ ভৱিষ্যতে কিমান জৰুৰী আৰু জনপ্ৰিয় হৈ উঠিব, সেই বিষয়েও তেওঁৰ স্পষ্ট আৰু সঠিক ধাৰণা নাছিল।

এডিছনৰ সকলোতকৈ উল্লেখযোগ্য আৱিষ্কাৰটি হ’ল ইলেকট্রিক বাল্ব বা বিজুলী চাকি। ১৮৭৯ চনত এডিছনে তেওঁৰ এই চমকপ্রদ আৱিষ্কাৰৰ কথা ৰাজহুৱাকৈ ঘোষণা আৰু প্ৰদৰ্শন কৰে। ইয়াৰ পাছত এডিছনে নির্মাণ কৰে চলচ্চিত্ৰৰ কেমেৰা। তেওঁ ইয়াৰ নাম দিছিল 'কাইনোটোস্কোপ’। চলচ্চিত্ৰৰ ছবি তুলিবৰ বাবে এডিছনে ৱেষ্ট অৰেঞ্জ নামৰ ঠাইত গৱেষণাগাৰ পাতি লৈছিল, যি আজি পৃথিৱীৰ প্ৰথমটো চলচ্চিত্র ষ্টুডিও ৰূপে স্বীকৃত। এডিছনে প্রায় অকলেই চলচ্চিত্র প্রতিষ্ঠাৰ বাবে এনেদৰে এক পটভূমি প্ৰস্তুত প্রদান আৰু কৰি থৈ গ’ল, যাৰ বাবে চলচ্চিত্ৰৰ এশবছৰীয়া ইতিহাসৰ বেছিভাগ সময়তেই আমেৰিকা প্ৰথম আৰু প্ৰধান হৈ থাকে।

১৯০২ চনত এডিছন আৰু তেওঁৰ প্ৰাক্তন সহযোগী টেছলালৈ যুটীয়াভাৱে বিদ্যুৎ উৎপাদন আৰু সৰবৰাহ ব্যৱস্থাৰ বাবে নোবেল বঁটা আগবঢ়োৱা হৈছিল। কিন্তু টেছলাই যুটীয়াভাৱে বঁটা ল’বলৈ অমান্তি হোৱাত দুয়োজনৰ এজনেও এই বঁটা নাপালে।

সামৰণি: এডিছন আছিল আধুনিক বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ উদ্ভাৱন আৰু প্ৰযুক্তিৰ সম্রাট। সকলো ধৰণৰ আৱিষ্কাৰতেই হাত দিয়া তেৱেই সম্ভৱতঃ বিশ্বৰ প্ৰথম আৰু শেষ বিজ্ঞানী। এক অন্তহীন প্রয়াসেৰে তেওঁ এজাহাৰতকৈও অধিক পেটেন্টৰ অধিকাৰী হৈছিল। জীৱনকালতে তেওঁ সৰু-বৰ যিমানবোৰ আৱিষ্কাৰ কৰিছিল, আজিৰ দিনত কোনো বিজ্ঞানীৰ পক্ষে এই সংখ্যা অতিক্ৰম কৰা সম্ভৱ নহয়। বিজ্ঞানক মানুহৰ কল্যাণত ব্যৱহাৰ কৰাত যিসকল বিজ্ঞানীয়ে আজীৱন সাধনা কৰিছে টমাছ আলভা এডিছন তেওঁলোকৰ জনক, অগ্রদূত, পথিকৃত।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment