জুৰমনৰ ঘৰ যোৰহাটৰ কৰিকটীয়া গাঁৱত। তাক তাৰ গাঁৱৰ মানুহে জুৰমন ৰাইদঙীয়া বুলি মাতে। ৰজাৰ দিনত তাৰ বাপেক ৰজাৰ ৰাইদাং ধৰা বাবত আছিল। সেইদেখি যদিও ৰজা গ'ল, ৰজাৰ ৰাজ্য গ'ল, তথাপি বাপেকৰ পুতেক জুৰমনৰ হাতৰপৰা ৰাইদাংডাল নগ'ল। চমুকৈ এয়েই কথা।
মানুহটিৰ খেতি-পথাৰ, ধন-ধাইন অনুষ্টুপীয়া বিধৰ। ধানে বছেৰেকলৈ জোৰে। হাতত দুই-চাৰি টকা ৰূপো সাঁচতীয়াভাৱে যে ৰৈ নায়ায় এনেও নহয়। জুৰমনৰ ঘৰ ফেঁচামৰীয়া গোঁসাইৰ শিচ। জুৰমন কিন্তু কেতিয়াও গোঁসাইৰ সত্ৰলৈ যোৱা নাই দেই। কেতিয়াবা গুৰুৰ ঘৰৰ পৰা ৰাজমেধি আহি অনেক প্ৰবন্ধ কৰিহে তাৰপৰা কৰ-কাটল আলপ-অচৰপ উলিয়াই লৈ যাব পাৰে; পৰাপক্ষত আপোন ইচ্ছামতে সি দিব নোখোজে। মানুহটো দিনে-ৰাতিয়ে নিজৰ খেতি-বাতি আদি বনত ব্যস্ত থাকে। কাৰো সৈতে দন্দ-হাই কৰা বা গাঁৱৰ আন মানুহৰ মাজৰ কোনো কথা-বতৰা লৈ বাক-বতণ্ডা কৰাত সি নাথাকে। তাৰ নামটো যেনে জুৰ, স্বভাৱটোও তেনে জুৰ কৰি মিলাই ঈশ্বৰে চজিলে। এই গল হ'ল তাৰ সংক্ষিপ্ত ইতিহাস। আৰু এটা কথা এইখিনিতে কোৱাৰ সকাম পৰিছে যে সৰুৰেপৰা তাৰ কথা কোৱাত এটা বেয়া অভ্যাস সোমাইছিল। সি কথাষাৰেপতি তাৰ ভিতৰত 'চেলাটো হ'ল' এই মাতষাৰ নুসুমুৱাকৈ কথাকে ক'ব নোৱাৰিছিল। কোনোৱে যদি আন কথা নেলাগেই, "জুৰমন ৰাইদঙীয়াকাই, কেনে আছা?" বুলি সোধে, জুৰমনে উত্তৰ দিব, "এ কিনো সুধিছা ভাইটি, বোলোঁ, চেলাটো হ'ল, ভালেই আছোঁ দেওহে।" তাৰ দীঘলীয়া কথাৰ মাজতো, ফুটত উঠা লালি গুড়ৰ দৰে "চেলা" লেলপেল হৈ ওলায়েই থাকে।
ফেঁচামৰীয়া গোঁসায়ে নিজে শিষ্যাৰ গাঁও ফুৰি অশৰণীয়া ডেকাল'ৰা আৰু বোৱাৰী-জীয়ৰীক শৰণ লগাই কৰ-কাটল আনিবৰ মনেৰে এবাৰ খৰিকটীয়া গাঁৱৰ ওচৰতে বাহৰ সজাই ৰলহি। সকলো শিচে হাতত টকাটো-সিকাটো, লাওটো-কচুটো আৰু টোমত চাউল আৰু বাঁহৰ চুঙাত এঁৱা গাখীৰ ইত্যাদি বস্তু লৈ গোঁসাইৰ ওচৰলৈ অহা-যোৱা কৰিব লাগিছে, কিন্তু জুৰমন ৰাইদঙীয়াই সেইফালে মুখকে কৰা নাই। বৰমেধিয়ে সেই কথাটো টং কৰি গোঁসাইৰ কাণ চুৱাই দিলত, গোঁসায়ে জুৰমনক ধৰি আনিবলৈ ডেকা ভকত দুজনক পঠিয়াই দিলে। ভকত যুগলে জুৰমনক গোঁসাইৰ আগত হাজিৰ কৰি দিলত, জুৰমনে গোঁসাইৰ সেৱা কৰি আঁঠু লৈ হাতযোৰ কৰি ৰ'ল। গোঁসায়ে সুধিলে-"ৰাইদঙীয়া! তই দেখোন মোৰ ওচৰলৈ অহা নাছিলি?" জুৰমনে মাত লগালে-"প্ৰভু,জগন্নাথ! চেলাটো হ'ল, মই আহোঁ আহোঁ বুলি ভাবি থাকোঁতেই পলম হ'ল। মোৰ দায়-দোষ মৰিষণ কৰিব লাগে প্ৰভু ঈশ্বৰ চেলাটো---" গোঁসাই:- মুখ চম্ভালি কথা কবি। জুৰমন:- চম্ভালি নাই কোৱানো কি প্ৰভু জগন্নাথ চেলাটো হ'ল কিবা বোলেনে বন্দীয়ে। গোঁসাই:- হেৰ কোন আছ, ইয়াক ভুকু গোটা চেৰেক মাৰি গতিয়াই উলিয়াই দে। গোঁসাইৰ প্ৰচণ্ড আদেশ শুনি জুৰমন অবাক। সি কি জগৰ লগালে বুজিব নোৱাৰিলে। গোঁসাইৰ মুখ-পঙ্কজৰপৰা বাক্যষাৰ ওলোৱা মাত্ৰকতে এটা ভকত উঠি আহি জুৰমনৰ পিঠিত ভুকুৱাবলৈ ধৰিলে। জুৰমনে বাবিলে এইখন কি হলনো আকৌ? সি গোঁসাইৰ ফালে হাত যুৰি দীঘল দি পৰি কলে-"জগন্নাথ! চেলাটো হ'ল, মই বন্দীয়ে নো জগন্নাথৰ কি অপৰাধ কৰিলোঁ, যে মোক জগন্নাতে কিবা বোলেনে চেলাটো হ'ল, এইদৰে চোৰ কিলোৱাদি কিলোৱাইছে।"
গোঁসাই আৰু ঘৃতাহুতি হৈ উঠিল। ভকতে তেওঁৰ ইঙ্গিত পাই জুৰমনৰ পিঠিত কিলৰ জাউৰি তুলিবলৈ ধৰিলে। আৰু দুই চাৰিজন ভকত উঠি আহিল, আৰু মাউখতে তাৰ পিঠিত কিলৰ জাউৰি আৰু চৰিল। জুৰমনৰ কান্দোন আৰু চিঞৰ-বাখৰ যিমান বাঢ়ি যাবলৈ ধৰিলে। কথাত চেলাৰ উপদ্ৰবো তাৰ সিমান বাঢ়িবলৈ ধৰিলে। শেহত গোঁসায়ে তাক খুটা এটাত বান্ধাই তাৰ হাতৰ ৰাইদাং ডালেৰেই তাক ভালকৈ মাৰ শোধাবলৈ সমূহ ভকতক আজ্ঞা দিলত, সেই মতেই কাৰ্য্য সম্পাদন হ'বলৈ ধৰিলে।
এনে সময়তে খৰিকটীয়া গাঁৱৰ সোণাবৰ গাঁওবুঢ়া তাতে ওলালহি। তেওঁ এই কিলৰ উৱাদিহ লৈ কলে-"প্ৰভু জগন্নাতে! বন্দীয়ে এটি গোহাৰি জনাওঁ। এই জুৰমন ৰাইদঙীয়াক আমি সৰুৰে পৰা জানো। মানুহটো বৰ জুৰ, বৰ ভাল। কিন্তু কথাইপতি 'চেলাটো'বোলা এটা কু-অভ্যাস তাৰ আছে, সি একোপদ্যে সেইটো এৰিব নোৱাৰে। এতেকে সি প্ৰভু জগন্নাথক আন কিবা ভাবি সেইষাৰ কথা কোৱা নাই। জগন্নাতে তাৰ অপৰাধ মৰিষণ কৰি তাক এৰি দিয়ক।"
গোঁসায়ে তেতিয়া কথাটোৰ আওভাও বুজি তাৰ বান্ধ মোকলাই দিবলৈ কৈ তাক কলে --"জুৰমন! তই আজিৰপৰা সেই বেয়া কথাষাৰ এৰি দে, নকবি।" জুৰমনে গোঁসাইক সেৱা কৰি মুখ কুটা এডাল লৈ কলে-"আজিৰ পৰা নকওঁ জগন্নাথে চেলাটো---" "গোঁসাই:- নকওঁ বুলিয়েই দেখোন আকৌ কলি?" জুৰমন:- নাই কোৱা জগন্নাথ---চেলাটো হ'ল। গোঁসাই:- তই উঠ, ইয়াৰপৰা যা। জুৰমন:- প্ৰভু ঈশ্বৰ! চেলাটো হ'ল; জগন্নাথে আজ্ঞা দিলে যাব পাৰোঁ। চেলাটো।
Comments (0)
Leave a Comment