Sunday, April 19, 2026
0 Shares

জীৱনৰ শান্তি পৰ্ব্ব

সিপাৰলৈ যাওঁ বুলি নাও মেলিলোঁ। পাৰ এৰিলতে বতাহৰ আগ পেলালে৷ ভাবিছিলোঁ ই কুৰুৱা বতাহ, নাবাঢ়ে, আৰু বাঢ়িলেও, নৌবাঢ়িবলৈ পাওঁতেই সিপাৰ চাপিম গৈ। নৈ বৰ বহল, ইপাৰৰপৰা সিপাৰলৈ মনিব নােৱাৰি। বতাহ অনুক্রমে ডাঙ্গৰ হবলৈ ধৰিলে। নৈৰ পানীৰো নাচন উঠিল। জয়জয়তে সৰু ফুটীয়া ঢৌ উঠি নাৱেৰে সৈতে ধেমালি পাতিলে। পিচত বতাহৰ বেগ টান হল, নাৱৰপৰাই মানুহ উৰুৱাব খােজে। নৈও একেবাৰে উদ্‌বাউল হৈ পৰিল। সৰু ফুটীয়া ঢৌৰ কলেৱৰ ডাঙৰ হল, আৰু একোটা টিলা পৰ্বতৰ মূৰ্ত্তি ধৰি সােহাই খেদি আহিবলৈ ধৰিলে। নাৱে শেহত থৰ-কাছুটি এৰিলে, এবাৰ আকাশলৈ উঠে, এবাৰ পাতাললৈ যায় আৰু এবাৰ ঢৌৰ টিঙ্গত উঠি নৈৰ ৰেহৰূপ চায়৷ বতাহৰ গোঁজৰণি, নৈৰ খলকনি, আৰু নাৱৰ নাচনে এটা প্রলয় মিলাই দিলে। মই তেতিয়া কি কৰিছিলোঁ মনত নপৰে, কেৱল মনত পৰে নাওখন আৰু নৈখন। নৈখন যেন এখন জুই লগা হাবিয়নি, আৰু নাওখন যেন ফেঁচু চৰাই হে। হাবিয়নিত জুই লাগিলে ফেঁচুৰ ৰঙ্গৰ সীমা নাই। সি বলিয়া হৈ পৰে, আৰু জুইৰ ওপৰে ওপৰে নাচি ফুৰে। আমাৰ নাওখনো যেন ঢৌৰ ওপৰে ওপৰে নাচিহে ফুৰিছে। এইদৰে কিমান পৰ আছিল কব নোৱাৰোঁ। তেতিয়া এযুগ যেন লাগিছিল। কিবা কাৰণত বতাহে শাম কাটিলে। কিন্তু নৈৰ খলকনি আৰু নাৱৰ ঢোলোকনি ভালেমান পৰলৈকে আছিল। অৱশেষত ঢৌও সৰু হল, নাৱো থিৰ হল, আৰু আমিও শান্তি পালোঁ।

 মোৰ জীৱটোও এইদৰে ঢৌত পৰিছিল। নৈৰ ঢৌ সামান্য? মোৰ জীৱটো যি ঢৌত পৰিছিল, তাৰ লগত ৰিজালে সেই ঢৌ লেখত ধৰিবলগীয়া নহয়। লোভ-মোহকে আদি কৰি ছটা পিশাচে মোক জীৱনৰ আদিতে লগ ধৰিলে, লগ ধৰি যিটো প্ৰলয় ধুমুহা তুলি দিলে, মন-সাগৰত একেবাৰে তোলপাৰ লাগি গল। একো একো ঢৌ হিমালয় সদৃশ; তাৰ গৰ্জ্জন, তাৰ আস্ফালন দেখি জীৱ ভয়ত বিতত হৈ পৰিল। ঢৌৰ কোবত সি এবাৰ হামখুৰি খাই পৰে, এবাৰ চিত হৈ পৰে, এবাৰ সিমূৰলৈ বাগৰি যায়, এবাৰ ইমূৰলৈ বাগৰি আহে। এইদৰে নিকৰুণ পিশাচ কেইটাই মোৰ নিমাখিত, নিছলা জীৱটোক জুলুকি জুলুকিকৈ শিকালে। মই যদি মানুহৰ পোৱালি হওঁ, ই শিকনি মই কেতিয়াও নাপাহৰোঁ। সিহঁতৰ কিল টাঙ্গন, সিহঁতৰ চৰ খকৰা-মুকুটি পাহৰিব লগীয়া বস্তু নহয়। সিহঁতে মোক কি নকৰিলে। সিহঁতৰ চমটাৰ কোব, সিহঁতৰ বা-বাঁহৰ চেপা, ইপুৰিৰ কথাকে নকওঁ, সিপুৰিত যে পাহৰিম, এনে কথাও হব নোৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি, উপজিবৰ দিন ধৰি এই ধুমুহা। সাগৰৰ পাৰৰ বালিৰ নিচিনা দিনে নিশায় ঢৌৰ ধুপালনি, মুকলি বকৰাণিৰ গছৰ নিচিনা ধুমুহাৰ মোহাৰণি খাওঁতে খাওঁতে মোৰ জীৱ লালকাল দিলে। জীৱ যায় যেন পাইছিলোঁ, কিন্তু এনে জীৱ যে সি সেইবোৰ সহিও জীয়াই আছে৷ এনেকুৱা ধুমুহাত পৰি কক্-বকাই ফুৰাতকৈ ডিঙ্গা বুৰি সাগৰত পৰাও ভাল। সাগৰৰ ঢৌৱে হয় একেবাৰে সাং কৰে, নাইবা কোবাই নি তোমাক পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌ তেনে নহয়। ই জীউ নামাৰে, পাৰতো লগাই নিদিয়ে, কেৱল অৰপৰা কোবাই তলৈ নিয়ে, আৰু তৰপৰা কোবাই অলৈ আনে। উপজি পৰিবৰপৰ খং খিয়াল, কপট কূৰ্চ্চুট আদি নিদাৰুণ প্ৰবৃত্তিবোৰে মনত যে কিমান আসোঁৱাহ আহুকাল, অসুখ অশান্তি লগাই আছিল তাৰ লেখ দিবলৈ টান। একোবাৰ ভাবিছিলোঁ, নুপজিলেই ভাল আছিল। কিন্তু ওপজনত মোৰ হাত নাই। কিয় উপজিলোঁ কব নোৱাৰোঁ। উপজিলোঁতোঁ উপজিলোঁৱেই, অকলশৰে ওপজাহেঁতেনো ইমানখিনি অনুশোচৰ হেতু নাথাকিলহেঁতেন; মোৰ লগতে আকৌ উপজিল সেই পিশাচ ছটা। সিহঁত মোৰ লগতে ডাঙ্গৰ দীঘল হল। সিহঁতে মোতে শিকিলে, মোতে বিকিলে, মোৰে খায়, মোৰেই অৰি হয়। লৰাকালত সিহঁতে মোৰ ওপৰত যিমান উদ্বহতি কৰিলে সেয়ে জোৰে, ডেকা কালত আকৌ চাৰি গুণে চৰিল।

মই সৰুৱে থকাত সিহঁতো সৰু আছিল, তেতিয়া সিহঁতৰ বিহদাঁত গজা নাছিল। খং আছিল খন্তেকীয়া, হিংসা মাথোন দুদিনীয়া, কূৰ্চ্চূট কপটৰ চকুৱেই ফুকুৱা নাছিল। তেতিয়াও সিহঁতে অশান্তি কৰিছিল, কিন্তু সেই অশান্তি চেলাপেটী জোকৰ নিচিনা লেপেট খাই ধৰা বিধৰ নাছিল। তেতিয়া সিহঁত অনুৰূপীয়া বৈৰী, ডাঙ্গৰাহোনি কৰিব নােৱাৰিছিল। সিহঁতৰ শাস্তিৰ ভিতৰত চিকোট বাঁকোহেই সাৰ আছিল। মই ভাবিছিলোঁ মই ডেকা বয়সত সােমালে, সিহঁতৰ উদ্বহতি অত্যাচাৰ কমি যাব। কিন্তু সেইটো মােৰ ভুল। মােৰ লগতে সিহঁতো ডেকা হৈ উঠিল, আৰু গাত দুগুণ বল বান্ধিলে। তেতিয়াহে সিহঁতৰ উদ্ভণ্ডালি বেছি হল। আগেয়ে সিহঁত নিশাটো শাত হৈ আছিল, এতিয়া দিন নিশাৰ ছেদ-ভেদ গুচিল। নিশা মােৰ টোপনি আহে, সিহঁতৰ নাহে, মােক শাস্তি দিবলৈ সিহঁত গােটেইটো ৰাতি সাৰে থাকে। সমাজিকতনো সিহঁতে মােক কোনটো শাস্তি দিবলৈ বাকী এৰিছে। একো দিন উচাপ্, খাই সাৰ পাওঁ, যেন মােক বাঘে কি সাপেহে খাবলৈ ধৰিছিল, যেন মই ভয়তে অথিৰ হৈ পৰিছিলোঁ। চোৱাচোন, এনেবােৰ ফাং পাতি মােৰ জীৱটোক অকাৰণে ইমান দুখ দিব পায় নে? ৰাজৰ বৈৰী ভাল, সিহঁতৰ হাতৰপৰা লৰ মাৰি সাৰিব পাৰি। ইহঁত ঘৰ-ওপজা বৈৰী, ইহঁতৰ হাতৰপৰা সাৰণ নাই। ইহঁত অজামিল। কেতবিলাক জীৱ আছে, সিহঁতে ইহঁতক ভয় নকৰে, ইহঁতৰ লগত সুন্দৰ হৰিল-গৰিল মিতিৰালি কৰি সুখে সুকলমে দিন নিয়ায়। সেই জীৱবােৰে ইহঁতৰ কিলক কিল বা চৰক চৰ নােবােলে সিহঁতৰ মানত সেইবােৰ কেৱল মৰমৰ চোকা চুমা। কোনো কোনাে বলীয়াৰে বন্দীশাল ভাল পায়, তাৰপৰা উলিয়াই দিলে ওলাই যাবলৈ মান্তি নহয়। এই শ্রেণীৰ জীৱবিলাক সেই বন্দীয়াৰবিলাকৰ নিচিনা নে কি ? আন জীৱবিলাক যেনেই বা নহওক, মােৰ জীৱটো তেনেকুৱা নহয়, তেনেকুৱা হলে ভাল পালোঁহেঁতেন। মােৰ পক্ষে কিলবােৰ কিল, চুমা নহয়। সেই কিলত মােৰ হাড় জুনজুনীয়া হল।

 লােভ-মােহৰেই বা দোষ কি? সিহঁতৰ কথামতে চলিলেতো সিহঁতে হোঁ কটাও নােবােলে। সিহঁতৰ মতে চলিব নােৱাৰোঁ কিয় ? সেইটো কাৰ দোষ ? মােৰ নে আন কাৰবাৰ ? মই কওঁ, মােৰ নহয়, আন এজনৰ, লুকাই থকা এজনৰ দোষ। মই সিহঁতৰ পাচ ধৰিলে লুকাই থকা জনে হাক দিয়ে আৰু কয় হেনাে মােক সিহঁতে ভুৰুকিয়াই খালত পেলাবৰ দিহা কৰিছে। এনে কথা শুনিলে ভয় লাগে, ভয় লাগিলে নাযাওঁ, নগলেই কিল-আসোঁৱাহ অশান্তি। কেতিয়াবা লুকাই থকা জনৰ হাকলৈ আওকাণ কৰি যাওঁ, তেতিয়া কিন্তু কথা আৰু টান হয়। লােভ-মােহ শাস্তি সহিব পাৰি, কিন্তু লুকাই থকা জনৰ শাস্তি সহিবলৈ টান। তাৰ শাস্তি জুই। কেনে জুই? যি জুয়ে কেৱল পােৰে, ছাই নকৰে—অনন্ত চট্‌ফটনি, অনন্ত ধৰফৰণি। এবাৰ গমি চোৱাঁ কি বিষম সমস্যা। কোন ফালে যাম? লােভৰ বাটে গলে লুকাই থকা জনৰ জগৰ আৰু তাৰ বাটে গলে লােভৰ জগৰ লাগে। মই মাজত পৰি মৰিলোঁ। এনে দোধোৰ- মােৰত মােক কোনে পেলাই দিছিল? এই অৱস্থাৰ অন্ত আছে বুলি ভবা নাছিলোঁ। কিন্তু-অমৃত বাতৰি-ইয়াৰ অন্ত আছে, এতিয়া শুৱনি পাৰে দেখা দিছে। লুকাই থকা জনৰ খিতাপ কিবা কাৰণত ডাঙৰ হল। লােভ-মােহ তাৰ আগত জঁই পৰিবলৈ ধৰিছে। সিহঁতৰ সেই উদ্বহতি, সেই উদ্ভণ্ডালি নাই। অশান্তিৰ সাগৰত শান্তিময় মাজুলীয়ে দেখা দিছে। আগে লুকাই থকা জনৰ খিতাপ নাজানিছিলোঁ। তেওঁ চক্রবর্ত্তী ৰজা। আদিৰপৰা সেই ৰজাত শৰণ ললে, মই ইমানখিনি দুখ ভুঞ্জিব নালাগিলহেঁতেন। হে শান্তিৰ সঁফুৰা, ইমান দিন কিয় চিনাকি নিদিছিলা? লােভ বা মােহ পিশাচৰ কথা ধৰি অকথাত চলিলে শাস্তি দিছিলা, তেতিয়া তুমি আছা বুলি জানিছিলোঁ, কিন্তু তুমি যে সিহঁতৰ উপৰুৱাল গৰাকী, ই কথা নাজানিছিলোঁ, এতিয়া জানিছোঁ, এতিয়া বুজিছোঁ। তােমাৰ আশ্ৰয়ত থাকিলে সেই পিশাচহঁতৰ আমনি আহুকালে মােক ছুব নােৱাৰিলেহেঁতেন। এইটো মােৰ জীৱনৰ শান্তি-পর্ব্ব। এতিয়া জীৱনত ঢৌ ধুমুহা নাই। কি সুখৰ কাল। কতা ? সেই অনন্ত আসোঁৱাহ কতা ? সেই অনন্ত অসন্তোষ কতা? এতিয়া মনৰ সেই টলবলনি নাই, থিৰ, সেই উতনুৱালি নাই, গম্ভীৰ, সেই কত-পাম কত-পাম আকাঙ্ক্ষা নাই, নিস্পৃহ। হয়াে-ভাল নহয়াে-ভাল, এনে ভাব, এনে মতি কৰপৰা উপজিল? আগে নাছিল কিয়? দীঘল জীৱনটো মােৰ কিয় অসুখ আহুকালত গল? সুখ বিচাৰি ফুৰোঁতে কেৱল অসুখ হে পাইছিলোঁ। এতিয়া বিচাৰিবলৈ এৰি দিলত সুখ আহি আপুনি দেখা দিলে। আচৰিত বিধান।

 ভাটীবয়স প্রিয় বস্তু নহয়। কিয়নাে বহুতে ইয়াৰ নামকে শুনিব নােৱাৰে। ই হেনাে বেয়া, আহুকালৰ উহ, জীয়াতুৰ চাকনৈয়া। হওক, মােক তাকেহে লাগে। উত্ৰাৱল, উদণ্ড, আপদীয়া ডেকা কালতকৈ মােৰ মানত জুৰ, থিৰ, গম্ভীৰ বুঢ়াকাল এশ গুণে ভাল। এতিয়া কাল কেইটা ৰিজাই চাবলৈ শক্তি হৈছে, আৰু ৰিজাই দেখোঁ যে, লৰাকালটো এটা দীঘল সমাজিক, ডেকাকালটো ভুৱা, কেৱল বুঢ়াকালটোৱেইহে বখানিব লগীয়া কাল। ইয়াত একোৰে উগ্রতা নাই। উগ্রতা একোৰে ভাল নহয়। উগ্র তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ। ভাটীবয়স জীৱৰ জিৰণি কাল। জীৱনৰ মহাযুঁজৰ পাচত জীৱই এতিয়া জিৰণি পায়, আৰু আগে কৰা কামৰ লেখ-জোখ লবলৈ, আৰু ভাল বেয়া গমি চাবলৈ আজৰি পায়। ওপজোঁতেই যদি বুঢ়া হৈ উপজিলোঁহেঁতেন, তেনেহলে এতেখিনি যাতনা নাপালোঁহেঁতেন। এতিয়াও গৰাকীত খাটোঁ যেন আগলৈ বুঢ়া কৰি হে জনম দিয়ে, যেন উপজিয়েই গৰাকীক চিনি পাওঁ, যেন লােভ-মােহ পিশাচবােৰে মােক চৰাই লখিয়াই লৈ ফুৰাব নােৱাৰে, যেন ডাঙ্গৰ গৰাকীৰ হাক বচন নুশুনাৰ বাবে তুঁহ জুইৰ পােৰণি সহিব নালাগে। কিন্তু তেনেটো হব পাৰে নে? উপজি বুঢ়া হােৱা সাঁথৰত শুনিছোঁ, আচলত নাই। আচল গৰাকী আদিতে লুকাই থাকিবই থাকিব, কিলাই সেও কৰিবলৈ তােমাক লােভ-মােহৰ হাতত পেলাই দিবই দিব। কিলত যেতিয়া তুমি লালকাল দিবা তেতিয়া ওলাই দেখা দিয়ে। ই কেনেকুৱা বিচাৰ কবই নােৱাৰোঁ। তাহানি লৰাকালত ক-খ পঢ়া অৱস্থাত ওজাদেৱে মাৰিছিল। প্রথম দিনা মাৰোঁতে ভাবিছিলোঁ, এওঁ মােক মাৰিছে হে, মই আজি আইৰ আগত কৈ দিম, আয়ে এওঁক এশিকনি দিব। ককাইটিয়ে বা ভাইটিয়ে মাৰিলে মই আইত গােচৰ দিছিলোঁ, আৰু আয়ে অমুকক কিয় মাৰিছিলি বুলি সিহঁতক মাৰিছিল। আইৰ মাৰ খাই সিহঁতে মােক নমৰা হৈছিল। ওজাদেৱে মৰাতো আয়ে ওজাদেওক মাৰি দিব বুলি ভাবিছিলোঁ, আৰু সেই বিশ্বাসতে আইত গােচৰ দিছিলোঁ। কিন্তু আয়ে আছোক ওজাদেওক মাৰক ছাৰি মােকে হে চকু পােন্দাই ধৰিছিল। মােক মৰা বাবে আকৌ তেখেতে ওজাদেওৰ শলাগ হে লৈছিল। মােলৈ আইৰ এনে নিকৰুণ আচৰণ আগে দেখা নাছিলোঁ। মই ভাবিছিলোঁ, ওজাদেও গেৰা মহটো যেন শকত, আয়ে ভয় কৰে, এই বাৰ দেউতাক কৈ দিম। কলোঁও কিন্তু আইতকৈ দেউতাৰ খং চাৰ হল। মই কথাটো কবলৈ হে পালোঁ, তেখেতে মােক আগৰপৰা ডবিয়াই খেদি দিলে। এইদৰে সিবিলাক কোনাে জনৰ ওচৰত মুখ নাপাই সেই দিনাৰেপৰা ওজাদেওৰ মাৰ কিল সহি থাকিবলৈ ধৰিলোঁ। লুকাই থকা জনৰো স্বভাৱটো মােৰ মানত তেনে যেন লাগিল। তেওঁ লােভ-মােহবিলাকক হাতত এছাৰি দি মােৰ ওপৰত ওজাদেও মেলি দিছিল হবলা। সিহঁতে কিলাই মােক তাও কৰিলেও তেওঁ ৰাম হৰি একো নামাতিছিল, গােচৰ দিলেও কাণ নকৰিছিল। লৰা হৈ নুপজিলে এনেবিলাক নিমৰমিয়াল ওজাদেওৰ হাতত পৰিব নালাগিল- হেঁতেন। হে আচল জনা এই শান্তি-পৰ্ব্বৰ যেন ওৰ নপৰে, মােৰ জীৱনৰ ওৰেই যেন ইয়াৰ ওৰ হয়, আকৌ যেন লােভ- মােহৰ ঢৌ ধুমুহাত পৰিব নালাগে। এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories