ভূমিকা:
সাহিত্যৰ সম্ভৱতঃ আটাইতকৈ মোহনীয় অংশটোৱেই হ’ল গল্প। একে বহাতে পঢ়ি বহু সময়লৈকে তাৰ সোৱাদ লৈ থাকিব পৰা এই চুটি গল্প সাহিত্যৰ অপৰিহাৰ্য অংশ। মানুহৰ জীৱনৰ এটা মুহুর্তক ই সাৱলীল ৰূপত দাঙি ধৰে।
Short story Essay in Assameseচুটি গল্পৰ সংজ্ঞা:
চুটি গল্প হ’ল সাহিত্যৰ আটাইতকৈ সমৃদ্ধিশালী শাখা। অৱশ্যে চুটি আৰু গল্পৰ সংমিশ্রণকে চুটি গল্প নোবোলে। আয়তনৰ ফালৰপৰা নহয়, চুটি গল্পৰ নিজস্ব বৈশিষ্ট্য আছে, যাৰবাবে সাহিত্যৰ এই অংশক চুটি গল্প বোলা হৈছে। অসমৰ প্ৰথিতযশা সাহিত্যিক ডঃ মহেন্দ্ৰ বৰাৰ মতে চুটি গল্প যেন এটি পাখিলাহী পখিলা। নাচি নাচি উৰি আহে, এক লহমাৰ বাবে, এটা ফুলৰ পাহিত বহি মৌ চোহে, তাৰ পাছত উৰা মাৰি কোনোবাখন পায়গৈ। আমাৰ চকুৱে বন্দী কৰিব পাৰে, মাথোন তাৰ এক লহমাৰ আকণ্ঠ মধুপান।' চুটি গল্প স্বকীয় বৈশিষ্ট্যৰে সজীৱ সাহিত্যৰ এক স্বতন্ত্র শাখা।
Short story Essay in Assameseচুটি গল্প হ’ল বৃহৎ জীৱনৰ এটা মুহুর্ত। উপন্যাসৰ এটা স্বতন্ত্র অংশ। ধৰি লোৱা হওক উপন্যাস এটা বৃহৎ অজগৰ। মন্থৰ, অলস, ধীৰ তাৰ গতি। গল্প তাৰ ওলোটা। চুটি গল্প হ’ল বিস্তৃত জীৱন প্রবাহত ভাঁহি উঠা এটি স্বৰ্ণিল মুহুর্ত। চুটি গল্পৰ গতি নিজৰাৰ দৰে খৰ, চঞ্চল আৰু ছন্দোময়। চুটি গল্প চুটি অথচ ব্যঞ্জনাময়। কম কথাতে বহু কথা বুজাই দিব পাৰে চুটি গল্পই। চুটি গল্পৰ একোটা সৰু ঘটনা বা চৰিত্ৰই জটিল জীৱনৰ বিশেষ এটা ঘটনাক অতি চমৎকাৰ ৰূপত দাঙি ধৰে।
অতীজৰেপৰা আজিলৈকে চুটি গল্প সম্পর্কে বিভিন্ন সংজ্ঞা প্ৰকাশ হৈছে। বিখ্যাত চুটি গল্পকাৰ এইচ ই বেটছৰ ভাষাত ক’ব পাৰি, ‘যিকোনো বস্তু, ঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰেমলৈকে, এপাহ ফুলৰ পাপৰি মেল খোৱাৰপৰা আৰম্ভ কৰি এটা প্রকাণ্ড ভূমিকম্পলৈকে – সূৰ্যৰ পোহৰত দেখা প্রতিটো বস্তুৱেই চুটি গল্পৰ বিষয় হব পাৰে’। চুটি গল্পৰ নিজা আকৰ্ষণ আছে ইয়াৰ চমু বৰ্ণনাত। চুটি গল্পৰ এটাই চৰ্ত যে ই মাথোঁ এপাহ ফুলৰেই সুবাস হ’ব লাগিব।
চুটিগল্প হ’ল সেই সোৱাদ য’ত অসম্পূর্ণ তৃপ্তি ব্যাকুলতা মিহলি স্মৃতি। চুটি গল্পৰ জনকস্বৰূপ এডগাৰ এলেন পোৰ মতে চুটি গল্প আধাঘন্টাৰ পৰা এঘন্টা অথবা অতি বেছি দুঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা বিধৰ হ'ব লাগে। ছমাৰচেট মমৰ মতে, ‘একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা গল্পই চুটি গল্প।' এনেদৰে চুটি গল্প সম্পর্কে নানা সংজ্ঞাৰ জন্ম হৈছে। পৰিশেষত এটা কথাই জানিব পৰা যায় চুটি গল্প পঢ়িলে সামৰণিত ৰৈ যায় অপাৰ কৌতুহল।
Short story Essay in Assamese
চুটি গল্পৰ ৰচনা কৌশল:
সংজ্ঞাৱদ্ধ কৰিলেও চুটি গল্প নিজা বৈশিষ্ট্যৰে মহীয়ান। লক্ষ্যৰ একমুখিতা আৰু এটা ফল। পৰিণতিয়ে চুটি গল্পৰ প্রতি পাঠকক সহজতে আকৰ্ষণ কৰে। উদ্দেশ্যলক্ষ্য কাৰ্য আৰু প্ৰতীতি – এইকেইটাৰ সমন্বয়ত চুটি গল্প সার্থক হয়। একেটা বিষয়বস্তুকে ৰস লগাকৈ উপস্থাপন কৰিব পৰাটোৱে ইয়াৰ মূল ৰচনা কৌশল। ভাল চুটি গল্প সদায় একোটা চৰিত্ৰৰ দক্ষতাপূর্ণ উপস্থাপন নাইবা কোনো এক লহমাৰ দীঘলীয়া প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল।
Short story Essay in Assameseসেইবাবেই গল্পকাৰ মিতভাষী। কেৱল ভাষা নহয়, চৰিত্ৰৰ ৰূপায়ণ, কাহিনী বিন্যাস, পাৰিপাৰ্শ্বিক বর্ণনা এইবোৰেই হ’ল চুটি গল্প সফল হোৱাৰ কৌশল। মূলতঃ চুটি গল্পত এনেকুৱা এটাও শব্দ থাকিব নালাগে যিটোৱে গল্পৰ একমুখিতাক ধ্বংস কৰে, ৰূপ লয় বহুবল্কীৰ। গল্পৰ শিৰোনাম অর্থবহ আৰু গল্পটোৰ কথা এটা শব্দত বুজাব পৰাটো গল্পকাৰৰ অন্যতম সাফল্য। ভবেন্দ্ৰ নাথ শইকীয়া, চৈয়দ আন্দুল মালিক, যোগেশ দাস, মহিম বৰা আদি গল্পকাৰ এইক্ষেত্ৰত বিশেষভাৱে দক্ষ।
পৰিৱেশ, ঘটনা, চৰিত্র যাকে আধাৰ হিচাপে লৈ গল্প নিলিখক কিয় একমুখী আৰু মিতভাষী হোৱাটো প্ৰয়োজনীয় কৌশল। অৱশ্যে কেতিয়াবা বৰ্ণনাৰ ৰসময়তাই একোটা দীঘল গল্পকো সুখপাঠ্য কৰি তোলে। কাহিনী বৰ্ণনাৰ দৰে ফলো একমুখী হোৱাটো দৰকাৰী কথা। সকলো ভাল গল্প চূড়ান্ত ৰূপত একমুখী ফলৰ প্ৰকাশ। চুটি গল্পৰ চৰিত্ৰ, কাহিনী, পৰিৱেশ কোনো কাৰো পৰা বিচ্ছিন্ন নহয়। বিন্দুতে সিন্ধু চুটি গল্পৰ চৰম সার্থক কৌশল। যিকোনো চুটি গল্প পঢ়ি উঠাৰ পাছত কিবা এক ছয়াময়াভাৱে যদি বহু দেৰিলৈকে আচ্ছন্ন ৰাখে সেয়াই চৰম সার্থকতা। জীৱনৰ একাজলি হাঁহি, অকণমান যন্ত্রণা, সপোনৰ ভংগুৰতা অথবা উচ্ছল আশাই হাত বাউলি মতা ভৱিষ্যতক চুটি গল্পৰ আচল কৌশল বোলা হয়।
চুটি গল্পৰ কাহিনী ৰূপায়ণ আৰু চৰিত্ৰ চিত্ৰায়নত তাৎক্ষণিক অনুভূতি থকাটো অতি দৰকাৰী কথা। বৰ্ণনাৰ বাহুল্যই নষ্ট কৰে চুটি গল্পৰ স্বাদ। পাঠকে যদি গল্পৰ মাজত নিজকে আৱিষ্কাৰ কৰে সেয়াই গল্পকাৰৰ সাৰ্থকতা। চুটি গল্পৰ ৰচনাৰ প্ৰধান কৌশল হ’ল ইয়াৰ কাহিনী বৰ্ণনাত এনে এক সন্মোহিনী মায়া থাকিব লাগে, যেন পাঠকে কাহিনীটোৰ প্ৰতিটো স্তৰতে নিজক বিচাৰি পায়। চুটি গল্পটোৰ সৈতে অনুভৱ কৰে এক আত্মীয়তা।
Short story Essay in Assameseপৃথিৱীবিখ্যাত গল্পবোৰে চিৰদিন পাঠকক মোহাচ্ছন্ন কৰি ৰখাৰ ইয়ো এটা কাৰণ। মোপাচাৰ ‘দা নেকলেছ’, পিৰানডেল্লোৰ টেঞ্জাবিন, প্রেমচান্দৰ গল্পবোৰ, আৰ কে নাৰায়ণৰ গল্প, মেৰিমৰ দা ব্লু ৰুম’ আদি আজিও পাঠকে একে উৎকণ্ঠাৰে পঢ়ে। দৃঢ়পিনোৱদ্ধ কাহিনী, লক্ষ্যৰ একমুখিতা, চঞ্চল আৰু সুস্বাস্থ্য পৰিৱেশনৰে গল্পকাৰসকলে চিৰদিন পাঠকক আপ্লুত কৰি ৰাখিছে।
চুটি গল্প সদায় স্ফটিক পানীৰ দৰে ফটফটীয়া। জোনাক নহয়, অনুজ্জ্বল ধিমিক-ধামাক তৰাৰ কাজলি কাজলি পোহৰ হ’ল চুটি গল্পৰ সৃষ্টি ৰহস্য। কোনো কথা পোনপটীয়াকৈ নকৈ আওপাকেই বুজাই দিব পৰা দক্ষতা থকা যিকোনো লেখকে লিখিব পাৰিব চুটি গল্প।
Short story Essay in Assameseসামৰণি:
চুটি গল্পৰ জন্ম পাশ্চাত্যত। কিন্তু সাম্প্রতিক পৃথিৱীত ই পৰিগ্ৰহ কৰিছে বিশাল ৰূপ। সম্ভৱতঃ এই আধুনিক পৃথিৱীত এনেকুৱা সাহিত্য কমেইহে আছে, য’ত চুটি গল্প অনুপস্থিত। আধুনিক পৃথিৱীত অসীম ব্যস্ততাৰ বাবে চুটি গল্প পঢ়ি মানুহে ভালপোৱা হৈছে। চমু, ৰসাল, বহুদেৰিলৈকে থকা ভাবৰ বুৰবুৰণিয়ে চুটি গল্পক কৰি তুলিছে সাহিত্যৰ আটাইতকৈ জনপ্রিয় অংগ।
Short story Essay in Assameseচুটি গল্প- Short story Essay in Assamese-
(আশা কৰোঁ আপুনি "চুটি গল্প- Short story Essay in Assamese"পোষ্টটো পঢ়ি ভাল পাইছে। যদি আপুনি পোষ্টটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই পোষ্টটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
Comments (0)
Leave a Comment