Sunday, April 19, 2026
0 Shares

চিকাৰী আৰু চৰাই

চিকাৰী আৰু চৰাই

এদিনাখনৰ কথা। এখন হাবিত এজন চিকাৰীয়ে চৰাই ধৰাৰ ইচ্ছাৰে এখন ফান্দ পাতি তাত কিছুমান শস্য ছটিয়াই থৈ আহিল। চিকাৰীজনে ভাবিলে যে শস্যৰ লােভত নিশ্চয় গছৰ পৰা চৰাই নামি আহিব। সঁচাকৈ কিছুসময়ৰ পিছত এটা কপৌ চৰাইয়ে আহাৰ বিচাৰি সেইখিনি ঠাই পালে আৰু লােভতে ফান্দৰ ভিতৰত প্ৰৱেশ কৰিলে। নিজৰ লােভৰ কাৰণে মূৰ্খ কপৌটো ফান্দত বন্দী হ’ল। কিছুসময়ৰ পিছত চিকাৰী আহি সেইখিনি পালে। সি ফান্দত কপৌটো পৰিছিল বাবে সেইদিনা তাকে ধৰিবলৈ কাষ চাপিল। তেতিয়া ভয়তে কপৌটোৱে চিকাৰীক ক'লে যে সেইবাৰলৈ তাক মুকলি কৰি দিব লাগে। যদি চিকাৰীয়ে তাক মুক্ত কৰি দিয়ে তেতিয়া হ'লে সি অইন চৰাই কৌশলেৰে তাক ধৰাই দিব। কপৌটোৰ কথা শুনি চিকাৰীয়ে তাক ক'লে–“তােক মই এৰি নিদিও। কাৰণ তই কেতিয়াও ভাল চৰাই হব নােৱাৰা। নিজৰ স্বাৰ্থৰ বাবে তই লােকৰ অহিত চিন্তা কৰাজন কেতিয়াও ভাল নহয়। ইয়াকে কৈ চিকাৰীয়ে কপৌচৰাইটো ধৰি লৈ গ'ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment