Sunday, April 19, 2026
0 Shares

গালি

মাৰ মাৰিলে যেনেকৈ গাত দুখ পায়, গালি পাৰিলেও সেইদৰে মতন দুখ পায়। অৱশ্যে দহজনৰ আগত সদৰীকৈ কুবাক্য বুলিলে মনত ব্যথা লাগিবৰ কথা, কিন্তু কোনেও নজনা নুশুনাকৈ ভিতৰি গালি পাৰিলেও যে মনত দুখ লাগে এই কথাহে আচৰিত। একো আষাৰ গালি আহি গাত কাঁড় ফুটাদি ফুটে। গালি দুবিধ। এবিধ নিভাঁজ গালি, অৰ্থাৎ কুনাম; যেনে, কটা গৰু চোৰ, কটা অজ্ঞান, কটা খেকাৰ খোৱা বা খেকাৰ খোৱাৰ পো ইত্যাদি। এইবোৰ আচলতে কুন্ধচ নাম মাথোন। এনে গালি পাৰোঁতাই বা পাৰঁতীয়ে এনে বাক্যৰ কোনো ভবিষ্যৎ ফলৰ আশা নকৰে। আন বিধ গালি হৈছে শপনি বা শাও; যেনে, লৰা, যমৰ বুকুলৈ যোৱা, একে জোলোকাই মৰা, ইত্যাদি। এনে শাও দিওঁতাই বা দিয়ঁতীয়ে তাৰ বা তাইৰ শাওৰ ভবিষ্যৎ ফলৰ আকাঙক্ষা কৰে, আৰু যাক শাও দিয়ে তাৰো মনত ভয় লাগিব পাৰে—জানোচা তেনে কথা ঘটেই বা। কিন্তু তেনে দৰৰ ভয়ৰ কোনো কাৰণ দেখা নাযায়। আগৰ দিনৰ মুনিঋষিৰ বাক্য ফলিয়াইছিল বুলি শুনা যায়, কিন্তু আজিকালি মুনিও নাই ঋষিও নাই, এতেকে বাক্য ফলিয়াবৰ আশঙ্কাও নাই।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment

Related Stories