Sunday, April 19, 2026
0 Shares

খৰিকটীয়া আৰু জলদেৱতা

খৰিকটীয়া আৰু জলদেৱতা

এসময়ত এখন গাঁৱত এজন অতি দুখীয়া খৰিকটীয়া আছিল। সি প্রতিদিনে হাবিৰপৰা অনা খৰি বজাৰত বিক্ৰী কৰি দুপইচা ঘটে আৰু ঘৰখন চলায়।

এদিনাখন সি ৰাতিপুৱাই হাতত কুঠাৰ লৈ হাবিত খৰি কাটিবলৈ গৈছিল। হাবিত গৈ সি এজোপা ওখ গছৰ ঠাল কাটিবলৈ আৰম্ভ কৰিছিল। ঠাল এটা কাটি থাকোঁতে হঠাৎ তাৰ কুঠাৰখন হাতৰ পৰা পিছলি কাষত থকা নদীৰ গভীৰ পানীত পৰিছিল। নদীত কুঠাৰখন পৰাৰ লগে-লগে দুখীয়া খৰিকটীয়া জনে নিৰূপায় হৈ কান্দিবলৈ ধৰিলে। বেচেৰা খৰিকটীয়াজনে কান্দি কান্দি ক’বলৈ ধৰিলে– “মই এতিয়া কি দৰে খৰি কাটিম, কি দৰে মই মােৰ পৰিয়ালটো পুহিম, কোনে মােৰ কুঠাৰ এখন কিনি দিব?” খৰিকটীয়াজনৰ হিয়াভৰা কান্দোনৰ শব্দ নদীখনত থকা জলদেৱতাৰ কাণত পৰিল। দেৱতাজনৰ অন্তৰত দয়া উপজিল। তেওঁ নদীৰ মাজৰ পৰা হাতত এখন কুঠাৰ লৈ সুধিবলৈ ধৰিলে– “তােমাৰ যে নদীত কুঠাৰখন পৰি গ'ল, সেই কুঠাৰ এইখন নেকি?” জলদেৱতাই দেখুৱাই দিয়া কুঠাৰখন আছিল সােণৰ। গতিকে দুখীয়া খৰিকটীয়াজনে উত্তৰ দিলে– “মােৰ লােৰহে সােণৰ নহয়।” এইবাৰ জলদেৱতাই পুনৰ এখন ৰূপৰ কুঠাৰ দেখুৱাই দি সুধিলে। সেইবাৰাে খৰিকটীয়াজনে সেইখন নহয় বুলি কোৱাত জলদেৱতাৰ অন্তৰত খৰিকটীয়াজনৰ প্রতি বেছি দয়া উপজিল। তেওঁ বুজি পালে যে খৰিকটীয়াজন সঁচাকৈ এজন সৎ আৰু সাধু ব্যক্তি। সেইকাৰণে খৰিকটীয়াজনক জলদেৱতাই সােণ, ৰূপ আৰু লােৰ তিনিওখন কুঠাৰকে দিলে। তেতিয়াৰ পৰা খৰিকটীয়াৰ দুখ আঁতৰিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment