Sunday, April 19, 2026
0 Shares

খেতিয়ক আৰু নেউল

খেতিয়ক আৰু নেউল

এখন গাঁৱত এজন কৃষকে তাৰ ঘৈণীয়েক আৰু তাৰ এটি দহমহীয়া কেঁচুৱাৰ সৈতে বাস কৰিছিল। উক্ত খেতিয়কজনে এটা নেউল বৰ মৰমেৰে পােহপাল কৰিছিল। এদিনাখনৰ কথা, খেতিয়কজনক কেঁচুৱাটো ৰখিবলৈ দি তেওঁৰ ঘৈণীয়েক ওলাল কাপােৰ ধুবলৈ। ঘৈণীয়েক যােৱাৰ পিছত খেতিয়কে কেঁচুৱাটো ৰখি থাকিল। ঠিক সেইসময়তে ওলাল তেওঁৰ এগৰাকী পুৰণি বন্ধু। কৃষকজনে বন্ধুজনৰ লগত কথা পাতি-পাতি একেবাৰে ৰাস্তা পালেগৈ। ৰাস্তাটো সিহঁতৰ কথা শেষ নহয় হে নহয়। ঠিক সেইখিনি সময়তে ক’ৰবাৰ পৰা আহিল এডাল বিষাক্ত ফেটী সাপ। সাপ আৰু নেউল পুৰণা শত্রু। দেখা মাত্রেই দুয়ােটাৰ মাজত আৰম্ভ হ’ল ভীম বকাসুৰৰ যুদ্ধ। এটা সময়ত সাপটোৰ মৃত্যু হ’ল। সাপৰ তেজেৰে নেউলৰ মুখ ৰাঙলি হ’ল। সাপ মৰাৰ খবৰটো দিবলৈ নেউল আগবাঢ়ি গ’ল। সেই সময়তে খেতিয়কৰ ঘৈণীয়েক নদীৰপৰা আহি আছিল। তাই নেউলৰ মুখত তেজ দেখি ভাবিলে যে সি নিশ্চয় তাইৰ ফুল কুমলীয়া কেঁচুৱাটোৰ ক্ষতি কৰিছে। সেই কথা ভাবি তাই আগপিছ নাভাবি লগত থকা পানীৰ কলহটো নেউলৰ গাত মাৰি দিলে। বেচেৰা নেউলটো লগে লগে ঠাইতে মৰিল। ইয়াৰ পিছত তাই দৌৰা-দৌৰিকৈ ঘৰলৈ আহি যিটো দৃশ্য দেখিলে তাৰ পিছত তাই মুৰে কপালে হাত দিলে। তাই চিৰকালৰ বাবে এটা ডাঙৰ অপৰাধ কৰিলে। যি অপৰাধ ক্ষমাৰ যােগ্য নহয়। পিছত তাই হুকহুকাই কান্দিবলৈ ধৰিলে। কিন্তু কি হ’ব? মৰা নেউলটো জানাে পুনৰ জী উঠিব?

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment