Sunday, April 19, 2026
0 Shares

কৃপণৰ ধন

কৃপণৰ ধন

এসময়ত এখন গাঁৱত এজন অতি কৃপণ লােক আছিল। কৃপণজনে বহু কষ্ট কৰি ধন-সােণ উপার্জন কৰিছিল। তেওঁ ইমানেই কৃপণ আছিল যে তেওঁ আনক নেলাগে নিজৰ কামতে ধন খৰচ নকৰিছিল।

তেওঁ ধন সাচোঁতে সাচোঁতে এটা সময়ত তেওঁৰ ইমান ধন জমা হৈছিল যে তেওঁ সেইবােৰ কি কৰিব ভাবিকে নােপােৱা হ'ল। বহু ভাবি-গুণি তেওঁ ঠিক কৰিলে যে তেওঁ এটা সােণৰ কলহ কিনিব। অৱশেষত সেইটোৱে হ'ল। যি জমা ধন আছিল, সেইখিনি সকলাে খৰচ কৰি এটা সােণৰ কলহ কিনিলে। কৃপণজনে সেই কলহটো এঠাইত গাঁত খান্দি ধুনীয়াকৈ পুতি ৰাখিলে আৰু প্রতিদিনে এবাৰ এবাৰ কলহটো গাঁতৰ পৰা উলিয়ায় আৰু কলহটো ভালদৰে লক্ষ্য কৰাৰ পিছত পুনৰ একে ঠাইতে থৈ নিজৰ কামত ব্যস্ত হয়। এনেদৰে কিছুদিন যােৱাৰ পিছত সেইখন গাঁৱত এজন গভাইত চোৰ সােমাল। চোৰটোৱে গাঁৱত ইটো-সিটো চোৰ কৰাৰ পিছত তাৰ লক্ষ্য পৰিল কৃপণজনৰ ওপৰত। সি লক্ষ্য কৰিলে যে কৃপণজনে সদায় একেঠাইলৈ আহে আৰু কিবা এটা কৰি পুনৰ তাৰ পৰা গুচি যায়। কৃপণজনে কিয় ঠাই টুকুৰালৈ আহে, সেইটো জানিবলৈ তাৰ মন গ'ল। এদিন সি গােপনে গােপনে তালৈ আহিল আৰু সকলাে গতিবিধি লক্ষ্য কৰিলে। এটা সময়ত কৃপণজন তালৈ আহিছিল আৰু গাঁতৰ পৰা আগৰ দৰে সােণৰ কলহটো উলিয়াই পুনৰ আগৰ ঠাইত ৰাখিলে। তাৰ পিছত কৃপণজন যেতিয়া তাৰ পৰা গুচি যায়। তেতিয়া সন্ধিয়া সময়ত চোৰটোৱে সেই কলহটো চোৰ কৰিছিল। দ্বিতীয় দিনা কৃপণজনে যেতিয়া পুনৰ কলহটো চাবলৈ আহিছিল তেতিয়া আৰু তেওঁ সেই কলহটো দেখা নাপালে। কলহটো নেদেখি কৃপণজনে মনৰ দুখত চিঞৰি চিঞৰি কান্দিছিল। বহুতে সেই ঘটনাটো শুনি ভাল পাইছিল। সেই গাঁৱৰ এজন শিক্ষকে কৃপণজনক কৈছিল– “তুমি আগৰ ঠাইত এটা শিল থৈ দিয়া। সেই শিলটোকে তুমি সােণৰ কলহ বুলি ভাবিবা। তেতিয়া তােমাৰ মনৰ দুখ আঁতৰিব। কাৰণ খৰচ নকৰা ধন থকা আৰু নথকাৰ মাজত বৰ বেছি পার্থক্য নাই। গাঁতত পুতি ৰখা। সােণৰ কলহটোও তদ্ৰুপ।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment