Sunday, April 19, 2026
0 Shares

কুকুৰাৰ যুঁজ

কুকুৰাৰ যুঁজ

বহুদিন আগৰ কথা। পূবে ধলফাট দিয়াৰ সময়তে এটা কুকুৰা ওলাই আহি সকলােকে ৰাতিপুৱাৰ জাননী দিলে আৰু নিজেও গৈ এটা জাবৰৰ দ’মত পােক, পৰুৱা আদি বিচৰাত ব্যস্ত হৈ পৰিছিল। জাবৰৰ দমটোত ইমানবােৰ পােক-পৰুৱা আছিল যে সি ৰঙতে ৰঙিয়াল হৈ পৰিছিল। কুকুৰাটোৱে দমটোত খুঁচৰি খুঁচৰি পৰুৱা ধৰি খাবলৈ ধৰিলে। ঠিক তেনেকুৱা সময়তে ক’ৰবাৰ পৰা আহিল অন্য এটা কুকুৰা। সি আগৰ কুকুৰাটোক তর্জন-গর্জন কৰিবলৈ ধৰিলে। সি দাবী কৰিলে যে জাবৰৰ দ’মটো আচলতে তাৰহে। প্রথম কুকুৰাটোক সি সেই দ’মটো এৰি যাবলৈ হুকুম দিলে। সি কিন্তু দমটো এৰি যাবলৈ মান্তি নহ’ল। ফলত দুয়ােটা কুকুৰাৰ ভীষণ ৰণ লাগিল। এনেকুৱা যুদ্ধ লাগিল যেন কুৰুক্ষেত্ৰৰহে ৰণ। প্রথম কুকুৰাটো যুদ্ধত ক্ষত-বিক্ষত হ’ল আৰু হাৰ মানি ক’ৰবাত লুকাল। ইফালে দ্বিতীয় কুকুৰাটোৱে যুদ্ধত জয়ী হােৱাৰ আনন্দত জাবৰৰ দমৰ ওপৰত উঠি পচণ্ড শব্দৰে চিঞৰি চিঞৰি আনন্দ প্ৰকাশ কৰিলে। সেই গছৰ আঁৰত আছিল এটা প্রকাণ্ড ঈগল চৰাই। সি চো মাৰি উৰি আহি অহংকাৰি কুকুৰাটো থাপ মাৰি গছৰ ওপৰলৈ উঠাই নি গছৰ ডালত পেলাই মঙহ খাবলৈ ধৰিলে। ইফালে যুঁজত হাৰি তলমুৰ কৰি লুকাই থকা কুকুৰাটোৱে সেই দৃশ্য দেখি বীৰদৰ্পে ওলাই আহি আনন্দ প্রকাশ কৰিলে আৰু পুনৰ আগৰ ঠাইত পােক বিচাৰিবলৈ ধৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment