Sunday, April 19, 2026
0 Shares

কপালৰ লিখন

কপালৰ লিখন

এখন গাঁৱত এজন ধনী জমিদাৰ আছিল। জমিদাৰৰ এজনেই পুত্র সন্তান আছিল। জমিদাৰে পুতেকক চকুৰ মণি বুলি ভাবিছিল। তেওঁ পুতেকৰ মৰমত ইমানে অন্ধ আছিল যে অলপ সময়ৰ বাবেও পুতেক চকুৰ আঁতৰ হােৱাটো নিবিচাৰিছিল। ইফালে পুতেক আছিল চিকাৰপ্রিয়। প্রতিদিনেই হাবিলৈ যায় আৰু মুকলি মনেৰে ঘূৰি ফুৰি চিকাৰ কৰে। ইয়াক লৈ জমিদাৰৰ বৰ চিন্তা, কিজানি কেতিয়াবা আশা নকৰাকৈ কোনাে বিপদ হয়। ঘৰত তাক সােমাই ৰাখিব নােৱাৰি।

দিনবোৰ গৈ থাকিল। এদিন জমিদাৰে সপােনত দেখিলে যে তেওঁৰ লৰাক সিংহই বধ কৰিছে। ৰাতিপুৱা দেখা সপােন বহুতে ফলিয়ায় বুলি কয়। গতিকে জমিদাৰৰ চিন্তা বাঢ়ি গ'ল। তেওঁ পুতেকক ঘৰতে ৰখাৰ সিদ্ধান্ত ল'লে। কোনাে বিপদে পুতেকৰ অনিষ্ট কৰিব নােৱৰাকৈ তেওঁ আগৰ ঘৰটোৰ গাতে লগাকৈ এটা ঘৰ সজালে। ঘৰৰ ভিতৰত যাতে কোনাে জীৱ-জন্তুই আক্রমণ কৰিব নােৱাৰে, তাৰ বাবেও সুন্দৰ ব্যৱস্থা কৰিলে। ঘৰটো এনেকুৱাকৈ মজবুট কৰি সজোৱা হ’ল যাতে ভূমিকম্পই ঘৰটোৰ কোনাে ক্ষতি-খুন কৰিব নােৱাৰে। ঘৰটোৰ চাৰিও দিশত অস্ত্র-শস্ত্ৰৰে সুসজ্জিত প্ৰহৰীৰ ব্যৱস্থাও কৰা হ’ল যাতে কোনেও অনিষ্ট কৰিব নােৱাৰে। অৱশেষত জমিদাৰে ঘৰটোত সকলাে পৰীক্ষা-নিৰীক্ষা কৰি দেখিলে যে ঘৰটো ঠিকে-ঠিকে আছে। তেতিয়াহে জমিদাৰে পুতেকক তাত ৰাখিলে। কিছুদিন ৰখাৰ পিছত যেতিয়া দেখিলে যে ঘৰটোত পুতেকৰ মন বহা নাই, তেতিয়া জমিদাৰে মুকলি মুৰীয়াকৈ প্রকৃতিৰ মাজত ঘূৰি ফুৰা পুতেকৰ মন বহিবৰ বাবে গােটেই কোঠাটোত বিভিন্ন জীৱ-জন্তুৰ চিত্র অংকন কৰিবলৈ চিত্ৰকৰ আমন্ত্রণ কৰিলে। চিত্ৰকৰজনে জমিদাৰৰ পুতেক সন্তুষ্ট হ’ব পৰাকৈ বাঘ, সিংহকে আদি কৰি বিভিন্ন জন্তু আৰু চৰাইৰ চিত্র অংকন কৰিলে। জমিদাৰৰ আশা-যাতে পুতেকৰ কোঠাত থাকিলেও বননিৰ মাজত ঘূৰি থকা যেন অনুভৱ কৰে। কোঠাটোৰ ভিতৰত দুদিনমান সােমাই আছিল যদিও লাহে-লাহে তাতাে জমিদাৰৰ পুতেকৰ খং উঠা হ’ল। বিশেষকৈ সিংহটোৰ চিত্ৰখন দেখিলে তাৰ বেছি খং উঠে। সি মনতে ভাবে—আজি তােৰ বাবেহে মই ঘৰত সােমাই থাকিব লগীয়া হৈছে। তই যদি দেউতাক সপােনত আহি দেখা নিদিলিহেঁতেন দেউতাই কেতিয়াও মােক এনেদৰে বন্দী কৰি নথলেহেঁতেন। সেইকাৰণে সি খঙৰ ভমকত ফটোত থকা সিংহটোৰ ওপৰত চৰ, ভুকু, কিল আদি সােধাব ধৰিলে। এনেকৈ থাকোতে হঠাৎ এদিন তাৰ হাতত এডাল দীঘল হুল সােমাই গ'ল। হুলডাল সি চেষ্টা কৰিও উলিয়াব নােৱাৰিলে। ফলত হুলডালৰ বাবে তাৰ জ্বৰ-বিষ হ’ল আৰু সেই জ্বৰ-বিষে তাৰ বাবে কাল হ’ল। সম্পূর্ণ পাঁচ দিনৰ পিছত তাৰ মৃত্যু হ’ল ইমান সযতনে ৰাখিও জমিদাৰে পুতেকক ৰক্ষা কৰিব নােৱাৰিলে। সপােনত দেখা সিংহৰ হাতত মৃত্যু নহ'লেও ফটোৰ সিংহই তাৰ প্রাণ কাঢ়ি নিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment