Sunday, April 19, 2026
0 Shares

কণ আৰু মন

কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই-ককাই আছিল৷ কণ বয়সত ডাঙৰ আৰু টেঙৰ৷ মন বয়সত সৰু আৰু নিচেই হোজা আছিল৷ এদিন কণে মনক ক’লে, “বোপা, আমাৰ যে বাপতিকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰোঁ আহাঁ৷” তেতিয়া মনে লাহেকৈ উত্তৰ দিলে,-“ককাই, তুমি কোৱা কথাটো সঁচা, আমাৰ নো বস্তুবিলাক ভিতৰত সোমাই থাকি কি হ’ব? আমি চলিয়তকে কৰোঁহঁক আহাঁ৷” কণে ক’লে, “আমাৰ থকা ফটা-কঁথাখন জাৰকালি ৰাতি মই লৈ শুম, দিনত তুমি লৈ শুবা৷” মনে উত্তৰ দিলে, “বাৰু৷” সেই দিনাৰপৰা ফটা-কঁথাখন দিনত গাত লৈ শোৱে হয়, কিন্তু জহৰ প্ৰতাপত সি শুব নোৱাৰি গাৰপৰা খহাই পেলাই দিব লগাত পৰে৷ এইদৰে মনে ফটা-কঁথাখন কিছুমান দিন লৈ আমনি লাগি দিনত ৰ’দত শুকাই জোকাৰি ধূলি-মাকতি গুচাই দাঙত তুলি থৈ দিয়ে, নিশা কণে গাত লৈ সুখেৰে শুই থাকে৷ মন জাৰত শুব নোৱাৰি নিশা বহি থাকে৷ ইয়াৰ কিছুমান দিনৰ পিছত আৰু এদিন কণে মনক ক’লে, “বোপা, আমাৰ বাৰীৰ যিমানবোৰ গুটিলগা গছ-গছনি আছে তাৰ গুৰি ভাগৰ কামৰ ভাৰ তুমি লোৱাঁ আৰু আগ ভাগৰ ভাৰ মই লওঁ৷” তেতিয়া মনে ক’লে, “বাৰু, লোৱাঁ৷” এই বুলি মনে সেই দিনাৰপৰা গছৰ তলবিলাক চিকুণাই সাৰ, পানী আদি যোগায়; সেই নিমিত্তে অতি সোনকালে গছৰ ফলবোৰ ধৰে, কণে ফলবোৰ নি মহা আনন্দেৰে খাই পেলায়৷ এইদৰে কিছুমান দিনৰ পাছত কণে মনক আকৌ এদিন কলে, “বোপা, আমাৰ যে সেই কলী গৰুজনী আছে তাইৰ আগফাল তুমি লোৱাঁ, পাছফাল মই লওঁ৷” তেতিয়া মনে উত্তৰ দিলে “ককাই, মই তোমাৰ কথা কেতিয়াও দলিয়াই নেপেলাওঁ, এতেকে, তোমাৰ যি ইচ্ছা তাকে কৰাঁ৷” সেই দিনাৰপৰা মনে গৰুজনী খুৱাই-বুৱাই ভালকে বান্ধি-কুন্ধি থয়, কণে গাখীৰটুপি খীৰাই নি খাই থয়৷ কিছুমান দিনৰ পিছত এজনী বুঢ়ীয়ে মনৰ দুখ দেখি তাক সুধিলে, “তুমি কেলৈ ইমান দুখ সহিছা?” সি উত্তৰ দিলে, “বুঢ়ী আই, মোৰ ককায়ে মোক যিহকে কৰিবলৈ কয় তাকেই মই কৰিব লাগিব; কাৰণ তেওঁ মোতকৈ ডাঙৰ৷ এতেকে তেওঁ কোৱা মতেই মই কৰি আছোঁ৷” তেতিয়া বুঢ়ীয়ে ক’লে, “বোপা, তুমি এটা বন কৰিবা,-সেই ফটা-কঁথাখন তুমি দিনত তিয়াই থ’বা; তাকে কৰিলে সি নিশা তিতা ফটা-কঁথাখন লব নোৱাৰি সিও জাৰত দুখ পাব৷ যদি সি সেই কাপোৰখন কেলৈ তিয়ালি বুলি সোধে তেনেহলে তুমি দিনত মোক দিছা, এতেকে মই দিনত যিহকে কৰোঁ তাকেই কৰিম, তোমাৰ তাতে কি হানি?” এই বুলি ক’লেই সি নিৰুপায় হৈ মনে মনে থাকিব৷ আৰু যেতিয়া কণে ফল পাৰিবৰ নিমিত্তে গছত উঠিব, তুমি কুঠাৰখন লৈ ‘মোৰ গুৰিডোখৰ মই কাটি পেলাওঁ’ বুলি কাটিবলৈ যাবা৷ তেতিয়া সি ভয় খাই কাটিবলৈ হাক দিব৷ তুমি নেকাটি উভতি গুচি আহিবা৷ যদি সি কেলৈ এনেকুৱা কৰিছিলি বুলি সোধে, তুমি ক’বা ‘গছৰ গুৰিডোখৰ মোক দিছাই, এতেকে গুৰিডোখৰ মই যিহকে কৰোঁ তাকেই কৰিম, তাত তোমাৰ কি ক্ষতি?’ আৰু গৰুজনী যেতিয়া সি খীৰাবলৈ ধৰিব, তুমি এচাৰি এডাল লৈ তাইৰ কাণে-মূৰে কোব ধৰিবা৷ সি খীৰাবলৈ আমনি পাই তেনেকুৱা কৰিবলৈ হাক দিব৷ যদি সি কেলেই তেনেকুৱা কৰিছিলি বুলি সোধে, তুমি ক’বা যে ‘মোক মুখৰ ফাল দিছাই; এতেকে মই মুখৰ ফালে যিহকে কৰোঁ তাকেই কৰিম, তোমাৰ তাত কি হানি?’ এই বুলি ক’লেই সি সকলো বুজি তোমাৰে সৈতে আগৰ দৰে চলিব৷

 ইয়াৰ পিছত মনে বুঢ়ীৰ কথামতে আচৰিবলৈ ধৰাত, কণে মনক ন্যায়ৰূপে বস্তু আৰু কামৰ ভাগ দিবলৈ ধৰিলে৷ ইয়াৰ পিছত দুয়ো মিলা-প্ৰীতিৰে একেলগে থাকিল৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment