Sunday, April 19, 2026
0 Shares

কণা হৰিণ

কণা হৰিণ

এসময়ত এখন সাগৰৰ পাৰত এটা ধুনীয়া নােদোকা হৰিণ আছিল। বেচেৰা হৰিণাটোৰ বাওঁ চকুটো আছিল কণা। কেৱল সি সোঁ চকুটোৰেহে দেখা পায়। সেইকাৰণে সি চৰিব গলে সদায় বাঁও চকুটো সাগৰৰ ফালে ৰাখে আৰু সোঁ চকুটো সাগৰৰ পাৰৰ দিশে ৰাখে। সি ভাবিছিল যে সাগৰৰ দিশত তাৰ বিপদ কম। কাৰণ সেই দিশৰ পৰা শত্রু অহাৰ সম্ভাৱনা নাথাকে। কিন্তু সাগৰৰ পাৰৰ দিশত বিপদ হােৱাৰ ভয় বেছি। কাৰণ সেই দিশৰ পৰা কোনােবা চিকাৰী আহিব পাৰে।

কিছুদিন অতিক্রম কৰাৰ অন্তত তাৰ বেয়া দিন আহিল। সেই দিন সি ভবা কথাটো ওলােটা হ’ল। সাগৰৰ দিশটোত কোনােবা নাৱিকৰ পাৰত চৰি থকা হৰিণটোৰ ওপৰত চকু পৰিল। সি তাৰ বিসনা কড়েৰে হৰিণাটোক মাৰি পেলালে। মৰিবৰ সময়ত হৰিণটোৱে কৈ গ'ল যে তাৰ দিন সঁচাকৈ বেয়া আছিল। যিফালৰ পৰা বিপদ অহাৰ শংকা কৰিছিল সেই দিশৰ পৰা বিপদ নাহিল আৰু যিফালটো সি নিৰাপদ বুলি ভাবিছিল, সেই ফালটোৱে তাৰ বাবে কাল হ’ল। গতিকে বিপদৰ গতি বিধি চিনাক্ত কৰা বৰ টান।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment