Sunday, April 19, 2026
0 Shares

কণা আৰু কুঁজা

এখন গাঁৱত এটা কণা আৰু কুঁজা মানুহ আছিল৷ দুইৰো বৰ মিল আছিল৷ এদিন কণাই কুঁজাক ক’লে, “বান্ধ,আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ ব’লা;ঘৰত বহি থাকি থাকি মিছাতে কাল কটাই হে আছোঁহঁক৷ ” এই কথা শুনি কুঁজাই ক’লে, “এ বান্ধ,তুমি নো এনেবোৰ গছত গৰু-উঠা হোলোঙাৰে কাণ-বিন্ধোৱা কথা কবলৈ শিকিলা কেতিয়াৰপৰা দেও হে?মই হ’লো কুঁজা,তুমি হলা কণা৷ মই জানিবা কোনোমতে কুঁজা-কুঁজিকৈ ইফাল-সিফালে যাওঁৱেই,তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখা৷ এনে থলত আমি বিদেশলৈ গৈ ধন ঘটিমহঁক?ভাল কথা কৈছা দেও হে৷ ”কুজাৰ কথা শুনি কণাই হাঁহি ক’লে, “বান্ধ,তুমি নো ভয় খাইছা কেলৈ?তাৰ বুধি আছে৷ মই তোমাক কান্ধত তুলি লৈ যাম,তুমি মোক বাট দেখুৱাই যাবা৷ মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিঁতা কিহৰ?তাৰ উপৰি মোৰ বুধি নথকাও নহয়৷ ”কণাৰ কথাটো কুঁজাৰ মনত খাই গ’ল৷ কুঁজাই মাত লগালে-“ভাল কথা,বান্ধ,আঁহা আমি ওলাই যাওঁহঁক;আমাৰ নো কপালত কি কি আছে এবাৰ তাকে খেপিয়াই-জেপিয়াই চাওঁহঁকেইচোন;ঘৰতে বহি বহি আমি শুদাতে ভেকুৰী বুঢ়া হে হৈছোঁহঁক৷ ”

ইয়াৰ পিচদিনা পুৱাই কণাৰ কান্ধত কুঁজা উঠিল,আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে৷ এই দৰে দুয়ো গৈ থাকোঁতে বাটতে পৰি থকা এডাল দীঘল ফই কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, “বান্ধ,এডাল বৰ দীঘল লেজু বাটতে পৰি আছে লম নে?”কণাই উত্তৰ দিলে, “লৈ থোঁৱা বান্ধ,সিও এসময়ত উপকাৰ দিব পাৰে৷ ”কণাৰ কথা শুনি কুঁজাই কণাৰ কান্ধৰপৰা নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল৷ এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূন পৰি থকা দেখি কুঁজাই কণাক কলত,কণাই চূণ-মলাও লৈ থবলৈ কলত,কুঁজাই তাকো তুলি ললে৷ এইদৰে সিহঁত গৈ আছে,এনেতে পথাৰৰ মাজৰ আলিত গা ৰদাই থকা দুৰাকাছ এটা কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, “বান্ধ,এটা দুৰাকাছ দেখিছোঁ৷ ”কণাই ক’লে, “নামা,নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাঁগৈ;কোনে জানে সিও সময়ত উপকাৰ দিব পাৰে৷ ”কণাই এইদৰে পাচি দিলত কুঁজাই হাতত-সাৰে ভৰিত সাৰে গৈ কাছটো খপকৰে ধৰি লুটিয়াই পেলালে,আৰু পেলায়েই তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো ধৰি লৈ আহিল৷

এইদৰে দুয়ো গৈ গৈ গধূলিপৰত এক মহা অৰণ্যত ওলালগৈ৷ সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুঁজাই কণাক ক’লে, “বান্ধ,এইখন মহা অৰণ্য;গধূলিও হৈ আহিছে;তোমাৰো ভাগৰ লাগি আহিছে;ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ;ইয়াতে থাকি ৰাতিটো কটাওঁহঁক আহাঁ৷ ” কণাইও “বাৰু” বুলি কুঁজাৰে সৈতে গৈ সেই ঘৰৰ দুৱাৰ-মুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে৷ হঠাৎ ওলাই পৰা বিপদ দেখি কুঁজাই খপ্‌কৰে বাহিৰৰপৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি খুন্দি বান্ধি পেলালে৷ দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল,আৰু তেতিয়া সি দেখিলে মহাবিপদ,-কোনোবাই বাহিৰৰপৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰতে বন্দী কৰি পেলালে৷ সি যে এনেকৈ ঠেকত পৰিব,এইকথা ৰাক্ষসে আগেয়ে নাভাবিছিলেই;এতিয়া সেইদেখি সি নিৰুপায় হৈ ঘৰৰ ভিতৰতে ডেডাৰিয়াবলৈ ধৰিলে৷ ডেডাউৰি শুনি কণা আৰু কুঁজা দুইও ওফাইদাং মাৰি বাহিৰৰপৰা মাত লগালে, “ভাই,আমি তোৰ ডাবিলৈ ভয় কৰা ভকত নহওঁ৷ আমি তোতকৈও ডাঙৰ বীৰ;তোৰ নিচিনাটোক আমি আমাৰ চূণৰ টেমিত ভৰাই থৈ চূণেৰে সৈতে পাণত সানি খাই থব পাৰোঁ বুলি জানিবি৷ তোক মোহাৰি মাৰিলে আমাৰ হাতৰ গোন্ধৰ বাহিৰে একো চিনেই নাথাকিব৷ ”সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰপৰা ক’লে, “তহঁত যে ইমান ডাঙৰ বীৰ তাৰেই বা চিন কি?”সিহঁতে উত্তৰ দিলে, “তই যে ইমানকৈ ভিতৰত দমদমাই আছ, তয়েই যে বৰ বীৰ তাৰেই বা চিন কি?” এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰপৰা চুলি এডাল উঘালি ঘৰৰ বাৰ আৰু ছালৰ পানীমাছৰ মাজৰ সুৰঙাইদি উলিয়াই দি সিহঁতক ক’লে-“চাচোন এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ?”কুঁজাই ততালিকে সেই সুৰুঙাইদিয়েই,বাটত পাই অনা লেজুডাল সৰকাই দি ক’লে, “আমাৰো চুলি এডাল ছিঙি দিছোঁ,ধৰিবি৷ ”লেজুডাল দেখিয়েই ৰাক্ষস কোঁ-মোচ খাই পৰিল৷ সি ভাবিলে-আও!ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়,তেন্তে ইহঁত বীৰকেইটাই বা কিমান ডাঙৰ!ৰাক্ষসে এইদৰে ভাবি থাকোতেই কুঁজাই ৰাক্ষসৰ চুলিডাল ডোখৰ ডোখৰকৈ ছিঙি পেলাই পেংলাই কৰি মাত লগালে, “বৰ বীৰটোৰ চুলিতে চিন পালোঁ৷ বাৰু তোৰ মূৰৰ ওকণী এটা দেচোন চাওঁ কিমান ডাঙৰ?”ৰাক্ষসে এই কথা শুনি মূৰৰপৰা ওকণী এটা আনি সৰকাই কুঁজাৰ হাতত পেলাই দিলত কুজাই হো-হো কৰে হাঁহি ওকণীটো ফুটাই, “হোঁ,মোৰ মূৰৰ এইটো ওকণী নি ফুটাচোন”বুলি দুৰাকাছটো ৰাক্ষসক দিলে৷ ৰাক্ষস অবাক৷ সি কোনোমতেই দুৰাকাছটো ফুটাব নোৱাৰিলে৷ তেতিয়া সি ভাবিলে,সঁচাকৈয়ে তাতকৈ ইহঁত ডাঙৰ বীৰ৷ এনেতে কণাই মাত লগালে, “হেৰ,তোৰ এচৰু গাখীৰ আমাক দে আমি খাওঁ আৰু আমাৰ এইচৰু গাখীৰ তই খাচোন৷ ” এই বুলি চূণৰ মলাটো ৰাক্ষসৰ হাতত কুজাই দিলে৷ ৰাক্ষসেও ভিতৰৰপৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে৷ ৰাক্ষস আগৰ দুটা কথাত লাজ পৰি আছিল,সেইদেখি চূণমলা পায়েই সি গাখীৰ বুলি একেসোহাই খাই পেলালে৷ চূণে ডকাত তৎ নাপাই ৰাক্ষস বলিয়া হ’ল আৰু শেহত সি নিজৰ জিভাখনকে আজুৰি ছিঙি ডেডাউৰিয়াই মৰি থাকিল৷

কণা-কুঁজা ৰাতি বাহিৰতে থাকিল৷ পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰ সোমাই দেখিলে যে তাত অনেক হীৰা,মুকুতা,সোণ,ৰূপ আছে৷ দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল৷ সিহঁতে ঘৰৰ ওচৰা-ওচৰি পালত,সোণ-ৰূপ-হীৰা-মুকুতাবোৰ ভগাই লবৰ মন কৰিলে৷ কুঁজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ লবলৈ ক’লত,কণাৰ হাত সৰহীয়া ভাগত পৰিল৷ কুঁজাই দেখি “ভগোৱা বেয়া হৈছে”বুলি কৈ আকৌ আগৰদৰে ভগাই সৰহীয়া ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক লবলৈ ক’লত,ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতেহে পৰিল৷ কুঁজাই ভাবিলে “ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে৷ ” ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘঁহি দিলে৷ কিন্তু কণাৰ চকুত চামনি পৰিহে সি নেদেখা হৈ আছিল;এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গ’ল আৰু তাৰ চকুৰে দেখা হ’ল৷ সেইদেখি কণাই চকু মেলিয়েই কুঁজাৰ ফাঁকি বুজিব পাৰি,কুঁজাৰ কুঁজত এটা থিয়গোৰ মাৰি দিলে৷ গোৰ খাই কুঁজাৰ কুঁজ পোন হৈ গ’ল৷ তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰাঘৰি গুচি গ’ল৷

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment