নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি "ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essay" ৰচনা খনৰ জৰিয়তে ‘মিছাইল মানৱ' হিচাপে খ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালামৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ড° এ. পি. জে. আব্দুল কালামৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।
সূচনাঃ
“তুমি মােৰ আটাইতকৈ প্রিয় ছাত্র। মােৰ দৃঢ় বিশ্বাস, তােমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব।”– ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল, তাক দোহৰাৰ কোনাে প্রয়ােজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গােটেই বিশ্বতে উজলাই তুলিছে।
জন্ম আৰু বংশ পৰিচয়ঃ
‘মিছাইল মানৱ' হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প-শিক্ষিত পৰিয়ালত জন্ম গ্রহণ কৰা কর্মযােগী ড° কালামৰ সম্পূর্ণ নামঃ আভূল পাকিৰ বংশ পৰিচয় জয়নুলআবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনে ধৰণৰঃ AVUL PAKIR JAINULABEDIN ABDUL KALAM। তেওঁলােকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্রমান্বয়ে দেউতাকৰ নাম, ককাকৰ নাম আৰু আজো ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে।
ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essay
ড° কালামৰ দেউতাক জয়নুলআবেদিনৰ কোনাে আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলােক বহু ধন-সম্পত্তি থকা মানুহাে নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদর্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী আছিল। তেওঁৰ বংশৰে এজনক বৃটিছসকলে 'বাহাদুৰ’ উপাধি প্রদান কৰিছিল।
ড° কালামৰ পিতৃৰ কেইবাখনো নাওঁ আছিল। সেই নাওঁকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীবিকা নির্বাহ হৈছিল। তেওঁ সেইবােৰ ভাৰাত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাওঁ বনোবাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাওঁ নষ্ট হয়।
ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essayশিক্ষা আৰু ছাত্র জীৱনঃ
ড° কালামৰ শিক্ষা-জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত নিলগৰ ৰামনাথপুৰম চহৰত অবস্থিত শ্বাটজ হাই স্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমন নামৰ এজন পণ্ডিত লগ পায়। তেওঁ ড° কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহতক প্ৰায়ে কৈছিল। “জীৱনত কৃতকার্য হ’বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তােমালােকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব। সেইকেইটা হ’ল- ইচ্ছা, বিশ্বাস আৰু আশা। মনত ৰাখিবা, নিষ্ঠা আৰু বিশ্বাসৰ গুণত তােমালোকে নিজৰ ভাগ্য নিজে গঢ় দিব পাৰিবা।”
১৯৫০ চনত তেওঁ ইণ্টাৰমিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেন্ট জোছেফ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ১৯৫৪ চনত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ মাদ্রাজ ইনষ্টিটিউট অব টেকন'লজি (এম. আই. টি.)ত নাম লগায়। তাত নাম লগাবলৈ প্রয়ােজন হােৱা এহেজাৰ টকা তেওঁৰ জোহৰা নমৰ ভনীয়েকজনীয়ে নিজৰ হাতৰ কাণৰ সােণৰ গহণা কেইপদমান বন্ধকত থৈ যােগাৰ কৰিছিল। এম. আই. টি.ৰ দ্বিতীয় বর্ষাত তেওঁৰ বৈমানিক ইঞ্জিনীয়াৰিঙক (এৰ’নটিকেল ইঞ্জিনীয়াৰিঙক) প্রধান বিষয় হিচাপে বাছি লায়। এম. আই. টি. তে তেওঁ কেইজনমান পণ্ডিত ব্যক্তিক লগ পাইছিল।
এম. আই. টিৰ পৰা তেওঁক প্রশিক্ষণৰ বাৰে বাঙ্গালােৰত অৱস্থিত হিন্দুস্থান এৰোন'টিকছ লিমিটেড (এইচ. এ. এল.)লৈ পঠোৱা হয়।
১৯৫৮ চনত এইচ. এ. এলৰপৰা এৰ’নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত, চমুকৈ ডি. টি. ডি, এণ্ড পি. (এয়াৰ)ত এটা চাকৰি পাই যায়। চাকৰিটো আছিল জ্যেষ্ঠ বৈজ্ঞানিক সহকাৰীৰ পদ। এইখিনি সময়তে তেওঁ শব্দতকৈও দ্রুতগতিসম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলােৰে প্ৰশংসা লাভ কৰে।
ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essayকর্ম-জীৱনঃ
প্ৰথমতে তেওঁক টেকনিকেল চেণ্টাৰ (অসামৰিক বিমান পৰিবহণ)ত নিযুক্তি দিয়া হৈছিল। কিন্তু বিমানৰ ৰক্ষণ-প্ৰতিৰক্ষণৰ জ্ঞান লাভ কৰাৰ বাবে তেওঁক কানপুৰত থকা বিমান আৰু অস্ত্র-শস্ত্ৰ পৰীক্ষণ কেন্দ্ৰলৈ পঠিয়ায়। তাত তেওঁ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষাত আত্মনিয়ােগ কৰে। তাৰ কেইবছৰমান পিছত বাঙ্গালােৰত বৈমানিক উন্নয়ন প্রতিষ্ঠান (এ, ডি, আই.) স্থাপন কৰা হয়। সেই নতুন প্রতিষ্ঠানটোলৈ তেওঁক স্থানান্তৰ কৰা হয়। সেই সময়ছােৱাত তেওঁৰ বিশেষভাবে উল্লেখযােগ্য কামটো আছিল দেশীয় ভাসমান যান (হােভাৰ ক্ৰাফ্ট) তৈয়াৰ কৰাটো। কিন্তু ৰাজনৈতিক মেৰপাকত পৰি হােভাৰ ক্ৰাফ্টৰ আঁচনিত যতি পৰে।
১৯৬২ চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰালাৰ থুম্বাত প্রতিষ্ঠিত উপগ্রহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত এছ, এল. ভি. ৰ সঞ্চালকৰ দায়িত্ব অর্পিত হয়।
১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ‘ৰােহিণী’ উপগ্ৰহৰ উৎক্ষেপণ ড° কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্ম-জীৱনৰ ১৯টা বছৰ ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠানৰ কামত ব্যয় কৰে।
১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্রকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইন্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেন্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযােগ্য সঁহাৰি আগ বঢ়ায়। এই আঁচনিৰ অধীনতে ‘অগ্নি' আৰু 'পৃথ্বি' মিছাইল উৎক্ষেপণ কৰা হয়। ড° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণৱিক বােমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায়।
১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়ােগ কৰা হয়। তাৰ লগতে তেওঁক জেনেৰেল অব ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰগানাইজেচনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয়।
১৯৯৯ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্রীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামর্শদাতা হিচাপে কাম কৰে। ২০০১ চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতাে উন্নয়নমূলক কাম কৰে। পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ 'প্ৰফেছৰ এমিৰিটাছ’ উপাধি আগবঢ়ায়।
ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essayবটাঁ-সন্মানঃ
দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰাে অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. (D. Sc-Doctor of Science) উপাধি প্রদান কৰে।
ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। সেইবােৰ এনে ধৰণৰঃ নেচনেল ডিজাইন এৱাৰ্ড, ড° বীৰেন ৰয় স্পেছ এৱাৰ্ড, প্রফেছৰ ওৱাই নায়াডুম্মা মেম’ৰিয়েল গ'ল্ড মেডেল (১৯৯৬), ডি. এম. মােডি এৱাৰ্ড ফৰ ছায়েন্স (১৯৯৬), আৰ. কে. ফিৰডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এণ্ড টেকন'লজি (১৮৯৬), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা (১৯৯৭), বীৰ ছাভাৰকাৰ বঁটা (১৯৯৮), আর্যভট্ট বটা।
ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essayশিল্প-সাহিত্য সাধনাঃ
ড° কালাম অকল বিজ্ঞানী বা প্রশাসনিক নেতাই নহয়, তেওঁ এজন শিল্প-সংস্কৃতিপ্রেমী আৰু সাহিত্যৰ সাধকো। আজৰি সময়ত তেওঁ বীণা বজায়। কর্ণাটকী সংগীতৰ তেওঁ এজন ৰসগ্রাহী পণ্ডিত। তেওঁ লিখা-মেলাও কৰে। তামিল ভাষাত তেওঁ ভালেখিনি কবিতা ৰচনা কৰিছে। তাৰে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্রকাশ কৰিছে। 'My Journey' নামৰ এই কবিতা সংকলনখন ১৯৯৪ চনত প্রকাশ পায়। তেওঁৰ প্রকাশিত ইংৰাজী গ্রন্থকেইখনৰ নামঃ India 2020: A vision for the new Millennium', 'Wings of Fire: An Autobiography', ‘Ignited Minds- unleashing the power withing India'।
ৰাষ্ট্ৰপতি নিৰ্বাচনঃ
এই বিজ্ঞানীজনেই ২০০২ চনৰ ২৫ জুলাই তাৰিখে ভাৰত গণৰাজ্যৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্রপতি হােৱা সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৯ মাহ ১০ দিন। ৰাষ্ট্রপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া দহ মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হােৱা সন্ত্রাসবাদ বন্ধ কৰাৰ ওপৰতাে গুৰুত্ব দিয়ে। দেশৰ পৰা দৰিদ্রতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ইত্যাদিৰ ওপৰতাে তেওঁ বিশেষ গুৰুত্ব আৰােপ কৰে। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰতবৰ্ষৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ আছিল।
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ এটি অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদৰােগত আক্ৰান্ত হৈ এইজন মণিষীৰ পৰলােকপ্ৰাপ্তি ঘটে।
ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essayসামৰণিঃ
ড° আব্দুল কালাম এজন আশাবাদী মনৰ ব্যক্তি। তেওঁ মনত কোনাে ধৰণৰ নিৰাশাক ঠাই ল’বলৈ নিদিয়ে। তেওঁ এজন উচ্চাকাংক্ষী মনৰ মানুহ। সেয়ে তেওঁ দেশৰ যুৱসমাজক উদ্দেশ্য কৰি কৈছে যে সংকীর্ণ আৰু তুচ্ছ লক্ষ্য স্থিৰ কৰি আগুৱাই যােৱাটো এটা অপৰাধ। তেওঁ এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি। তেওঁৰ সেই পৰিশ্রম অথলে যােৱা নাই। তেওঁ সময়ৰ কাম সময়ত সমাধা কৰে।
তেওঁৰ দ্বাৰা অনুপ্রাণিত হৈ আমিও কঠোৰ পৰিশ্ৰম কৰাৰ ব্ৰত ল’লে জীৱনত সাফল্যৰ জখলা বগাই ওপৰলৈ উঠি যাব পাৰিম।
(আশা কৰোঁ আপুনি "ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essay" ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই "ড° এপিজে আব্দুল কালাম-APJ Abdul kalam essay" ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
Comments (0)
Leave a Comment